ETV Bharat / state

ডাম্পাৰৰ দৌৰাত্ম্য, চালকক হাতযোৰ কৰি বিশেষ অনুৰোধ পৰিবহণ মন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:24 PM IST

Assam Transport Minister: ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্যক লৈ অতিষ্ঠ খোদ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য । মানৱ চৰিত্ৰৰে বাহন চলাবলৈ ডাম্পাৰ চালকসকলক অনুৰোধ মন্ত্ৰীৰ । বশিষ্ঠ আৰক্ষীয়ে ডাম্পাৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ।

Assam Transport minister
ডাম্পাৰ চালকক হাতযোৰ কৰি বিশেষ অনুৰোধ পৰিবহণ মন্ত্ৰীৰ

ডাম্পাৰ চালকক হাতযোৰ কৰি বিশেষ অনুৰোধ পৰিবহণ মন্ত্ৰীৰ

গুৱাহাটী,২৩ ফেব্ৰুৱাৰী : ৰাজ্যৰ প্ৰতিখন ডাম্পাৰ চালকলৈ বিশেষ অনুৰোধ জনালে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । ৰাজপথত মানৱীয় চৰিত্ৰৰে ডাম্পাৰ চলাবলৈ মন্ত্ৰীগৰাকীয়ে চালকসকলক আহ্বান জনায় । ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্যৰ প্ৰতি লক্ষ্য ৰাখি এই অনুৰোধ জনালে পৰিবহণ মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে দিনক দিনে ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পাইছে । কিন্তু ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ পৰিবহণ বিভাগ । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবেই ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ । ডাম্পাৰৰ খুন্দাত বহু নিৰীহ লোকে প্ৰাণো হেৰুৱাবলগীয়া হৈছে । তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোক । শেহতীয়াকৈ গুৱাহাটী মহানগৰীত ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলতে দুজনকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

ইয়াৰ পিচতে ডাম্পাৰৰ দৌৰাত্ম্য সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । ৰাজ্যজুৰি ডাম্পাৰৰ দৌৰাত্ম্যৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰীগৰাকীয়ে । এনে পৰিস্থিতিত তেওঁ চালকসকলক ৰাজপথত নিয়ন্ত্ৰিতভাৱে বাহন চলাবলৈ আহ্বান জনায় । ডাম্পাৰ চালকসকলক মানৱ চৰিত্ৰৰে চলাবলৈ হাতযোৰ কৰি আহ্বান জনায় । লগতে তেওঁ কয় যে ডাম্পাৰৰ মালিক বা চালকসকলৰ দুটাকৈ এটিএম থাকে । সেয়েহে তেওঁলোকে এনেকৈ ধন উপাৰ্জনৰ বাবে তীব্ৰগতিত চলায় । কিন্তু এনেকৈ ধন উপাৰ্জন কৰিবলৈ দানৱৰ নিচিনাকৈ বাহন চলাই স্বৰ্গগামী হয় ।

ইফালে বৃহস্পতিবাৰে সংঘটিত দুটাকৈ দুৰ্ঘটনাৰ পিচতে যান বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই প্ৰতিখন আৰক্ষী থানালৈ বিশেষ নিৰ্দেশনা জাৰি কৰে । এই নিৰ্দেশনাৰ পিচতেই সষ্টম হৈছে বশিষ্ঠ আৰক্ষীও । ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱা প্ৰতিখন ডাম্পাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীযে । আনহাতে চৰকাৰী বিভাগৰ নাম লৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা ডাম্পাৰৰ ওপৰতো চোকা দৃষ্টি ৰখাৰ লগতে নথি পত্ৰ পৰীক্ষা কৰিছে বশিষ্ঠ আৰক্ষীয়ে ।

লগতে পঢ়ক :আৰক্ষীৰ গুলীত হুইল চেয়াৰত বহিল ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.