ETV Bharat / state

বিধানসভাত আগন্তক বিত্তীয় বৰ্ষৰ বাজেট গৃহীত

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 6:41 PM IST

2024-25 বিত্তীয় বৰ্ষৰ বাজেট
Assam Budget 2024-2025

Assam Budget 2024-2025: অসম বিধানসভাত গৃহীত হ’ল 2024-25 বিত্তীয় বৰ্ষৰ বাজেট ৷ ১২ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল‌ কৰিছিল বাজেট ৷

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: অসম বিধানসভাৰ বাজেট অধিৱেশনত বৃহস্পতিবাৰে 2024-2025 বিত্তীয় বৰ্ষৰ বাজেট গৃহীত হয় । বিধানসভাৰ অধ্যক্ষই সদনত বাজেটখন গৃহীত হোৱা বুলি ঘোষণা কৰে ৷‌ উল্লেখ্য যে যোৱা ১২ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল‌ কৰিছিল 2024-2025 বিত্তীয় বৰ্ষৰ বাজেট ৷

বাজেট দাখিলৰ পিচত বাজেট ওপৰত মুখ্যমন্ত্ৰীয়ে ধন্যবাদসূচক দীঘলীয়া ব্যক্তব্য ৰাখিছিল ৷‌ বাজেট সম্পৰ্কত আলোচনাত শাসকীয় আৰু বিৰোধীৰ কেবাগৰাকী বিধায়কে অংশগ্ৰহণ কৰি বাজেটখনৰ আলোচনা আৰু‌ সমালোচনা আগবঢ়ায় । বাজেটৰ বিভিন্ন দিশত বিৰোধীয়ে‌ কেবাটাও কৰ্তন‌‌ প্ৰস্তাৱ কৰে যদিও পিচত বিভাগীয় মন্ত্ৰীৰ উত্তৰ‌ সাপেক্ষে কৰ্তন‌‌ প্ৰস্তাৱ উঠাই লয় ।

উল্লেখ্য যে অসম চৰকাৰে ১২ ফেব্ৰুৱাৰীত 2024-2025 বিত্তীয় বৰ্ষৰ বাবে 2.9 লাখ কোটি টকাৰ বাজেট দাখিল কৰিছিল ৷ য’ত 774.47 কোটি টকাৰ ঘাটি বাজেট দেখুওৱা হৈছিল । বাজেটখনত কোনো নতুন কৰৰ প্ৰস্তাৱ দিয়া হোৱা নাছিল ।

বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে কৈছিল যে ২০২৪-২৫ বৰ্ষৰ বাজেটত ৰাজ্যখনৰ বিভিন্ন শিতানৰ উৎসৰ পৰা মুঠ ১,৪৩,৬০৫.৫৬ কোটি টকাৰ প্ৰাপ্তি দেখুওৱা হৈছে । ইয়াৰে ১,১১,৯৪৩.৮৪ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ৩১,৬৬১.৭৩ কোটি টকা মূলধনী শিতানত দেখুওৱা হয় । ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ একত্ৰীকৃত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ ১,৪৩,৮৯০.৬২ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে এই বাজেটত । বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে 2024-25 চনৰ বাজেট অনুমানত ৰাজ্যখনৰ একত্ৰিত পুঁজিৰ অধীনত 1,43,605.56 কোটি টকাৰ ৰচিদ দেখুওৱা হৈছে ।

ৰাজহুৱা একাউণ্টৰ অধীনত 1,44,550.08 কোটি টকা আৰু আকস্মিক পুঁজিৰ অধীনত 2,000 কোটি টকাৰ ৰচিদ যোগ কৰাৰ পিচত মুঠ ৰচিদৰ পৰিমাণ হৈছে 2,90,155.65 কোটি টকা ৷ বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে অসমে ৰাষ্ট্ৰীয় বিকাশতকৈ দ্ৰুততাৰে বিকাশ লাভ কৰি আছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৬.১ শতাংশৰ তুলনাত অসমৰ অর্থনৈতিক বিকাশৰ হাৰ ২০২২-২৩ (QE) বর্ষত ১৯.৯ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে ।

তেওঁ কৈছিল যে ৰাষ্ট্ৰীয় অর্থনীতিলৈ ৰাজ্যখনৰ অৰ্থনীতিৰ বৰঙণিৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনলৈ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৰঙণি ২০১৬-১৭ বৰ্ষৰ ১.৬৫ শতাংশৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষত ১.৮১ শতাংশলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: অসমৰ পাৰ্বত্য এলেকাত ৩০০০ টা শিক্ষকৰ পদ‌ খালী : পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.