দ্বিতীয়বাৰৰ বাবে যোৰহাট সদৰ থানাত উপস্থিত ভূপেন কুমাৰ বৰা
Bhupen Kr Borah Summoned by Jorhat Police : যোৰহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে ৰুজু হৈ আছে দুটাকৈ জামিন বিহীন ধাৰা লগতে অন্য কেইবাটাও গোচৰ । সেই গোচৰৰ বাবেই সোমবাৰে দ্বিতীয়বাৰৰ বাবে যোৰহাট সদৰ থানাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৷

Published : February 12, 2024 at 1:02 PM IST
যোৰহাট, 12 ফ্ৰেব্ৰুৱাৰী : যোৰহাট সদৰ থানাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত হোৱা বিসংগতি বাবে প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ দুটাকৈ জামিনবিহীন ধাৰা লগতে অন্য কেইবাটাও গোচৰ ৰুজু কৰিছিল ।
উক্ত গোচৰ ভিত্তিতে আজি (সোমবাৰ) নিৰ্ধাৰিত সময়ৰ লগে লগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কম সংখ্যক সমৰ্থক লগত লৈ যোৰহাট সদৰ থানাৰ তদন্তকাৰী বিষয়া ওচৰত হাজিৰ হৈ সাক্ষ্য প্ৰদান কৰে ৷ আনহাতে, আজি দ্বিতীয়বাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তদন্তকাৰীৰ বিষয়া ওচৰত হাজিৰ হয় ।
ইফালে যোৰহাট আৱৰ্ত ভৱনত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক খোৱা-বোৱা সকলো দিয়া নহ’ব বুলিও কৰ্তৃপক্ষই অৱগত কৰে ৷ বিভাগীয় কৰ্তৃপক্ষৰৰ নিদেৰ্শনাৰ ওপৰত ভিত্তিত কৰিয়েই যোৰহাট আৱৰ্ত ভৱনত ভূপেন বৰাৰ বিৰুদ্ধে এনে ব্যৱস্থা লোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত তেওঁ নিজেই উল্লেখ কৰে ৷ যাৰ ফলত ভূপেন বৰাই আৱৰ্ত ভৱনৰ পৰিৱতে ব্যক্তিগত হোটেলত থাকিবলৈ বাধ্য হয় ৷
ইয়াৰ পূৰ্বে ভূপেন বৰাই ৩১ জানুৱাৰীত তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ হৈ সাক্ষ্য প্ৰদান কৰিছিল । উল্লেখ্য যে, 18 জানুৱাৰীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই যোৰহাট নগৰত প্ৰৱেশ কৰিছিল ৷ কিন্তু সেই সময়ত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া পথৰ বিপৰতে পথেৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই প্ৰৱেশ কৰিছিল ৷
ফলত সৃষ্টি হৈছিল এক অনাকাংক্ষিত পৰিৱেশৰ । সেয়ে যোৰহাট আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা লগতে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা দায়িত্ববাহী বিষয়া বাইজু আৰু যোৰহাট জিলা কংগ্ৰেছ সভাপতি আৰু কংগ্ৰেছৰ মিডিয়া কোষৰ এজন বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ।
তাৎপৰ্যপূৰ্ণ যে, ভূপেন বৰাই 31 জানুবাৰীত দলীয় সমৰ্থক লগত লৈ যোৰহাট থানালৈ আহোতে ব্যাপক হাৰত ভিৰ পৰিলক্ষিত হৈছিল ৷ সেয়েহে ভূপেন বৰাই আজি কম সংখ্যক দলীয় সমৰ্থক লগত লৈ যোৰহাটত উপস্থিত হয় ।
লগতে পঢ়ক : যোৰহাট সদৰ থানাত উপস্থিত APCC ৰ সভাপতি ভূপেন বৰা

