ETV Bharat / state

যোৰহাট সদৰ থানাত উপস্থিত APCC ৰ সভাপতি ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 12:39 PM IST

Updated : Jan 31, 2024, 12:46 PM IST

APCC president Bhupen Bora : "ভূপেন বৰাক কষ্ট দিবলৈ ইয়ালৈ মাতি অনা হৈছে ৷ ভূপেন বৰা চৰকাৰী ষড়যন্ত্ৰৰ বলি হ’ব পাৰে ৷ কাৰণে ইয়াৰ পূৰ্বে কাহানিও এনেকুৱা হোৱা নাই ৷ আমি সকলোবোৰ সাজু আছো ৷ এনে গোচৰৰ বাবে উপযুক্ত প্ৰমাণৰ প্ৰয়োজন ৷" -সভাপতি ভূপেন বৰা

APCC president Bhupen Bora at Jorhat Sadar police station
যোৰহাট সদৰ থানাত APCC ৰ সভাপতি ভূপেন বৰা

যোৰহাট, 31 জানুৱাৰী : "মোক মাতিছে, মই আহিছো ৷ " বুধবাৰে যোৰহাট সদৰ থানাত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ভূপেন বৰাই এই মন্তব্য় প্ৰকাশ কৰে ৷ শেহতীয়াকৈ অসমত হৈ যোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাত যোৰহাট জিলাত দলটোৱে আইন অৱমাননা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল যোৰহাট সদৰ থানাত ৷

এই সন্দৰ্ভত ভূপেন বৰাৰ অধিবক্তাগৰাকীয়ে কয়, "ভূপেন বৰাক কষ্ট দিবলৈ ইয়ালৈ মাতি অনা হৈছে ৷ ভূপেন বৰা চৰকাৰী ষড়যন্ত্ৰৰ বলি হ’ব পাৰে ৷ কাৰণে ইয়াৰ পূৰ্বে কাহানিও এনেকুৱা হোৱা নাই ৷ আমি সকলোবোৰ সাজু আছো ৷ এনে গোচৰৰ বাবে উপযুক্ত প্ৰমাণৰ প্ৰয়োজন ৷"

"এয়া ষড়যন্ত্ৰ নিশ্চিতভাৱে ৷ আৰক্ষীয়ে হালোৱাটিঙৰ পৰাই ন্যায় যাত্ৰা বিফল কৰিবলৈ চেষ্টা চলাই আছে ৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পৰা সকলো কংগ্ৰেছ কৰ্মী অনুপ্ৰাণিত হৈ আছে ৷ ৰাজনৈতিক বিৰোধীক দমন কৰিবলৈ এইখন চৰকাৰৰ পৰা এনে কামৰ বাহিৰে বেলেগ একো আশা কৰিব নোৱাৰি ৷ আমি পথৰ বাবে অনুমতি বিচাৰিছিলো ৷ কিন্তু আমাক বেলেগ এটা পথ দিছিল ৷ হয় আমি সেই পথেৰে দুখোজমান যোৱাটো হয় ৷ আমাক আৰক্ষীয়ে তেতিয়া বাধা দিয়া নাছিল ৷ সেইবাবে আমি অলপ আচৰিত হৈছো ৷" আনহাতে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই এই কথা সদৰী কৰে ৷

যোৱা 25 জানুৱাৰীত যোৰহাট সদৰ থানা তদন্তকাৰীৰ বিষয়া হীৰকজ্যোতি চাংমাইয়ে ভাৰতীয় দণ্ডবিধি 41 (A) ধাৰা অধীনত এখন জাননী জাৰি কৰিছিল । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটৰ মাজেৰে আৰম্ভ কৰা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া পথেৰে নগৈ অন্য পথৰে গৈছিল ৷ সেইসময়ত কেইবাজনো পথচাৰীৰ গাড়ীসহ পথৰ ওপৰত বাগৰি পৰিছিল ৷ সেই সন্দৰ্ভতেই ভূপেন বৰাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰিছিল যোৰহাট আৰক্ষীয়ে।

যোৰহাট আৰক্ষীয়ে জামিনবিহীন ২ টা ধাৰাকে ধৰি সৰ্বমুঠ ৮ টা ধাৰাত গোচৰ ৰুজু কৰি ৩১ জানুৱাৰী, ২০২৪ অৰ্থাৎ বুধবাৰে দিনৰ ১১ বজাত যোৰহাট থানাত হাজিৰ হ'বলৈ জাননী দিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাক ।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসম এৰি পশ্চিমবংগত প্ৰৱেশ কৰাৰ দিনাই যোৰহাট থানাত ৰুজু হোৱা গোচৰ নং- 20/2024 ৰ অধীনত IPC 120(B), 115(II), 143,147, 188, 283, 323, 353 আৰু PDPP আইনৰ অধীনত ভূপেন বৰালৈ চমন দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক: আজি গ্ৰেপ্তাৰ হ’ব নেকি ভূপেন বৰা ? ১১ বজাত হাজিৰ হ’ব লাগিব যোৰহাট থানাত

Last Updated : Jan 31, 2024, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.