ETV Bharat / state

বিহুৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱা যুৱতীক নিৰ্যাতন; অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত উত্তাল ডিগবৈৰ ঘাইপথ - Protest against Sexual abuse

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 11:03 PM IST

AATSA protest: যুৱতীক নিৰ্যাতন চলোৱা যুৱকক গ্ৰেপ্তাৰৰ দাবীত উত্তাল ডিগবৈ । যোৱা ২১ এপ্ৰিলত দুই যুৱকে নিৰ্যাতন চলোৱাৰ অভিযোগ ।

AATSA protest
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ (ETV BHARAT ASSAM)

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ (ETV BHARAT ASSAM)

তিনিচুকীয়া, ১১ মে’: ডিগবৈত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে দুই যুৱকৰ বিৰুদ্ধে । এই অভিযুক্ত দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ দাবীত তিনিচুকীয়া জিলাৰ ডিগবৈত আজি আটছাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উত্থাপিত অভিযোগ অনুসৰি যোৱা ২১ এপ্ৰিলত ৰঙালী বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ যোৱাৰ সময়ত নিশা ৰবি শইকীয়া আৰু মুন্না ভূমিজ নামৰ দুই যুৱকে নিচা জাতীয় দ্ৰৱ্য খুৱাই শাৰীৰিক নিৰ্যাতন চলাইছিল এগৰাকী যুৱতীক । ইয়াৰ পিচতেই এই যুৱতীগৰাকীৰ উক্ত ঘটনাটোৰ বিষয়ে কাৰো আগত প্ৰকাশ নকৰিবলৈ ভয়- ভাবুকি প্ৰদান কৰিছিল বুলি যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।

অভিযোগ অনুসৰি, ডিগবৈৰ বৰজানত বিহুৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱা এগৰাকী যুৱতীক ২১ এপ্ৰিলত ৰবি শইকীয়া আৰু মুন্না ভূমিজ নামৰ দুই যুৱকে নিচা জাতীয় দ্ৰৱ্য সেৱন কৰাই নিৰ্যাতন চলাইছিল ৷ ইয়াৰ পিচতেই সৰৱ হৈ পৰে অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা । উক্ত ঘটনাক লৈ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ ডিগবৈ সমিতিয়ে আজি ২ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ ডিগবৈ সমিতিয়ে অতি সোনকালে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি ৰি উচিত ব্যৱস্থা ল’বলৈ দাবী জনায় ।

ইপিনে,এজন অভিযুক্তক ইতিমধ্যে ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও পলাতক আন এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ সেইবাবে অতি সোনকালে পলাতকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে উচিত শাস্তি প্ৰদান নকৰিলে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আটছাই ।

লগতে পঢ়ক:বোৱাৰী হত্যাৰ অৱসান কেতিয়া ? - Crime Against Daughter In Law

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.