গণিতৰ প্ৰশ্নকাকতৰ বাবে পৰীক্ষাৰ্থী মানসিক হাৰাশাস্তিৰ সম্মুখীন হৈছে: তদন্তৰ দাবী আছুৰ
AASU Delegation meets SEBA: গণিতৰ প্ৰশ্নকাকত সন্দৰ্ভত অসমৰ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ সচিবক সাক্ষাৎ আছুৰ প্ৰতিনিধি দলৰ । গণিতৰ প্ৰশ্নকাকত যথেষ্ট জটিল হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আছু নেতৃত্বৰ ছেবাৰ কাৰ্যালয়ত আলোচনা ৷

Published : March 1, 2024 at 8:53 PM IST
গুৱাহাটী, ১ মাৰ্চ: শেহতীয়াকৈ ছেবাৰ দ্বাৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত নাভূত-নাশ্ৰুত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। গণিতৰ প্ৰশ্নকাকতখনক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ সৃষ্টি হৈছে। এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," অদ্ভূত ধৰণৰ গণিতৰ প্ৰশ্নকাকতখনৰ বাবে পৰীক্ষাৰ্থীসকল শান্তিৰে শুব পৰা নাই । এনেধৰণৰ প্ৰশ্নকাকতৰ বাবে পৰীক্ষাৰ্থীসকল তীব্ৰ মানসিক হাৰাশাস্তিৰ সম্মুখীন হৈছে ।" তেওঁ লগতে কয়,"পাঠ্যক্ৰমত নোহোৱা গণিত প্ৰশ্নকাকতত অন্তৰ্ভুক্ত কৰিছে । এইক্ষেত্ৰত পৰীক্ষাৰ্থীসকল ন্যায় পাব লাগে । " শিক্ষা বিভাগে এই বিষয়ত তদন্ত কৰিব লাগে বুলিও দাবী উত্থাপন কৰে আছুৰ সভাপতি গৰাকীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="">
তেওঁ পুনৰ কয়,"এনেধৰণৰ প্ৰশ্নকাকতত কৰা ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব ।" তদুপৰি শিক্ষা বিভাগে এই পৰীক্ষাৰ্থীসকলৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁ দাবী জনায় । উল্লেখ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত গণিত বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতখন বার্ষিক পৰীক্ষাৰ নহৈ গণিতৰ কোনো প্রতিযোগিতামূলক পৰীক্ষাৰ নিচিনা হোৱা বুলি অভিযোগ উত্থাপন হৈছে । ভালেমান বিসংগতি থকা প্রশ্নকাকতখনৰ ৩০ শতাংশৰো অধিক প্রশ্ন অতি কঠিন হোৱা বুলি চৰ্চা হৈছে । প্ৰশ্নকাকতখনে দুর্বল আৰু মধ্যমীয়া শিক্ষাৰ্থীসকলৰ কথা বাদেই, মেধাৱী শিক্ষার্থীসকলকো হতাশ কৰি তোলা বুলি সামাজিক মাধ্য়মত অনেকেই আক্ষেপ কৰিছে ।
তথ্য অনুসৰি, এইবাৰৰ প্ৰশ্নকাকতৰ ৪৫ নম্বৰৰ বস্তুনিষ্ঠ প্ৰশ্নৰ ২৫-৩০টা প্রশ্নই সমাধান কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন হোৱা ধৰণৰ । ইয়াৰে প্ৰায়খিনি প্ৰশ্নৰে মূল্যাংক ২ বা ৩ হ'ব লাগিছিল । ইপিনে,পাঠ্যক্ৰমত অন্তর্ভুক্ত নোহোৱা পুনৰালোচনা অধ্যায়ৰো ভালেকেইটা প্রশ্ন সন্নিৱিষ্ট হৈছে । ইপিনে, আজি আছুৰ এটা প্ৰতিনিধি দলে ছেৱাৰ বিষয়াৰ লগত আলোচনাত মিলিত হৈ বিষয়টো তদন্তৰ দাবী উত্থাপন কৰে । এই দলটোৱে পৰীক্ষাৰ্থীসকলক ন্যায় দিয়াৰ দাবী জনাইছে ।
লগতে পঢ়ক:গণিতৰ প্ৰশ্নকাকত বিসংগতি সন্দৰ্ভত ছেবাৰ সচিবক সাক্ষাৎ আছু প্ৰতিনিধি দলৰ

