ETV Bharat / state

জে বি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন: আছু প্ৰাৰ্থীৰ জয়লাভ - General Election in JB College

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:35 PM IST

JB College jorhat
ছাত্ৰ একতা সভাৰ নিৰ্বাচন

J B College : জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু প্ৰাৰ্থীৰ জয় লাভ ৷ এই খবৰ লাভৰ পিছতে আছু কৰ্মীসকলৰ মাজত সৃষ্টি হয় উছৱমুখৰ পৰিৱেশ ৷

ছাত্ৰ একতা সভাৰ নিৰ্বাচন

যোৰহাট,29 এপ্ৰিল: আছুৰ দখলত যোৰহাটৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয় ৷ মহাবিদ্যালয়খনত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীসকলে জয়লাভ কৰাৰ পিছতে সৃষ্টি হয় উছৱমুখৰ পৰিৱেশ ৷ বিহু নাম জুৰি আৰু আতজবাজী ফুটাই আনন্দ-উল্লাস কৰে আছুৰ সমৰ্থক ছাত্ৰসকলে ৷

প্ৰাপ্ত তথ্য অনুসৰি, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীসকলে বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ সেই অনুসৰি ক্ৰমে সভাপতি পদত প্ৰিয়ংকা বৰা, সাধাৰণ সম্পাদক পদত তন্ময় ভৰদ্বাজ আৰু আলোচনী সম্পাদিকা পদত জাহ্নৱী দত্তই জয়লাভ কৰে ৷ আনহাতে, উপ সভাপতি পদত হিমাজিত কলিতাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সকলো বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনাই সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুনমণি ভূঞাই কয় যে, এই জয় হাজাৰজন‌ জেবিয়ানৰ জয় ৷ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ যাত্ৰা আৰম্ভ কৰা প্ৰথমটো ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জেবিয়ানে আছু সমৰ্থিত প্ৰাৰ্থীসকলৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখিলে, সেয়া তেওঁলোকে দায়বদ্ধতাৰে পালন কৰিব ৷ তদুপৰি বিজয়ী প্ৰাৰ্থীসকলক আছুৰ কৰ্মকৰ্তা চন্দন বৰা, ঐনিতম দত্ত আৰু মন্দীপ গোস্বামীয়ে গামোচা পিন্ধাই আদৰণি জনায় ৷

এই ফলাফল লাভৰ পিছতে মহাবিদ্যালয়খনত উপস্থিত হয় জিলাখনৰ আছু কৰ্মীসকল ৷ তেওঁলোকে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত বিহুনাম জুৰি আতচবাজী ফুটাই আনন্দ উল্লাস কৰে ৷ ইয়াৰ পিছতে বিজয়ী প্ৰাৰ্থীসকলক লগত লৈ যোৰহাট নগৰৰ মাজেৰে বাহিৰ কৰে এক শোভাযাত্ৰা ৷ অনাগত সময়ত বিজয়ী আছু প্ৰাৰ্থীসকলে মহাবিদ্যালয়ৰ উন্নতিৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

লগতে পঢ়ক: এন এছ ইউ আইৰ দখলত কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.