এন এছ ইউ আইৰ দখলত কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:17 PM IST

thumbnail

কৰিমগঞ্জ, 5 ফেব্ৰুৱাৰী : কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এন এছ ইউ আইৰ জয়লাভ ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে 14 টা পদৰ ভিতৰত 9 টা পদ দখল কৰিবলৈ সক্ষম হয় ৷ উপ-সভাপতিৰ পদত শিৱম দত্ত আৰু সাধাৰণ সম্পাদকৰ পদত সুস্মিত দেৱে জয়লাভ কৰে ৷  

কটকটীয়া নিৰাপত্তাৰ মাজত আজি অনুষ্ঠিত হয় কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ আজি পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিৱেশৰ মাজত আৰম্ভ হয় ভোটগ্ৰহণ ৷  মুঠ 14 টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ ইয়াৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে 9 খন আসনত জয়লাভ কৰে ৷ 

লগতে পঢ়ক : চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.