চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 7:28 PM IST

thumbnail

বৰপেটা, 5 ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাত প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি বৰপেটাত পুনৰ প্ৰতিবাদত নামিল ছাত্ৰ সন্থা ৷

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি ৰাজ্য চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতা-কৰ্মী সকলে ৷ প্ৰতিবাদস্থলীত ৰণোজ পেগু হায় হায়, ৰণোজ পেগু মূৰ্দাবাদ, মাতৃভাষা মাধ্যমক গুৰুত্ব দিয়ক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা জিলা ছাত্ৰ সন্থাই ৷ 

প্ৰতিবাদস্থলীত আছু কৰ্মী আৰু আৰক্ষীৰ মাজত টনা-আজোঁৰাও সৃষ্টি হয় ৷ ইফালে মাতৃভাষা মাধ্যম বিৰোধী এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে বৰপেটা জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ৷ 

লগতে পঢ়ক : নগাঁৱত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহেৰে আছুৰ উত্তাল প্ৰতিবাদ
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.