ETV Bharat / state

নগাঁৱত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহেৰে আছুৰ উত্তাল প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 5:19 PM IST

AASU Protest in Nagaon : পুনৰ ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা । নগাঁৱত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ চৰকাৰক অসমীয়াবিৰোধী আখ্যা নগাঁও জিলা ছাত্ৰ সন্থাৰ ।

নগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ
নগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ

নগাঁৱত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ

নগাঁও, ৫ ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ সদৌ অসম ছাত্ৰ সন্থাৰ । সোমবাৰে নগাঁৱত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই । ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম অসমীয়া মাধ্যমৰ বিপৰীতে ইংৰাজী মাধ্যমত পাঠদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি অহা ছাত্ৰ সন্থাই পুনৰ সোমবাৰে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্য্যসূচী ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সোমবাৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহৰ সময়ত আৰক্ষীয়ে বাধা প্ৰদানৰো চেষ্টা চলোৱা পৰিলক্ষিত হয় । ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে একপ্ৰকাৰ সোচ্চাৰ হৈ পৰে নগাঁও জিলা ছাত্ৰ সন্থা ।

ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম অসমীয়া মাধ্যমৰ বিপৰীতে ইংৰাজী মাধ্যমত পাঠদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈও আহ্বান জনায় ছাত্ৰ সন্থাৰ নেতৃবৰ্গই । আনকি শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰক অসম আৰু অসমীয়া বিৰোধী চৰকাৰ আখ্যা দি একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে নগাঁও জিলা ছাত্ৰ সন্থাই । চৰকাৰৰ এনে সিদ্ধান্তই মাধ্যম আন্দোলনৰ শ্বহীদক চৰম অপমান কৰা বুলিও উল্লেখ কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গই ।

উল্লেখ্য যে সোমবাৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা গৌৰীশংকৰ শইকীয়াৰ লগতে জিলা ছাত্ৰ সন্থাৰ নেতা তথা সদস্যসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :মাতৃভাষা মাধ্যম বিতৰ্ক, তেজপুৰত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.