ETV Bharat / state

মাতৃভাষা মাধ্যম বিতৰ্ক, তেজপুৰত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:50 PM IST

AASU protest: অসমৰ বিভিন্ন জিলাত সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ইংৰাজী মাধ্যমত পাঠদান কৰোৱা সম্পৰ্কীয় চৰকাৰৰ এক সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ আছুৱে দাবী জনায় । তেজপুৰত আছুৱে শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ।

AASU protest
তেজপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

তেজপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

তেজপুৰ,৫ ফেব্ৰুৱাৰী : প্ৰসংগ মাতৃভাষা মাধ্যম বিতৰ্ক । মাতৃভাষা মাধ্যম সন্দৰ্ভত অসমৰ চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । তাৰ অংশস্বৰূপে শোণিতপুৰ জিলা ছাত্ৰ সন্থাইও তেজপুৰ মিছন চাৰিআলিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে ৷

মাতৃভাষা মাধ্যম সন্দৰ্ভত চৰকাৰী কেবিনেটৰ সিদ্ধান্ত বাতিলৰ দাবীত আছুৰ নেতা-কৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইফালে সিদ্ধান্ত বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলাই যোৱাৰো হুংকাৰ দিয়ে ছাত্ৰ সন্থাই ৷ চৰকাৰৰ আকোঁৰগোজ স্থিতিৰ বিৰুদ্ধে আছু অধিক আকোঁৰগোজ বুলিও স্পষ্ট কৰি দিয়ে জিলা ছাত্ৰ সন্থাৰ নেতাসকলে ।

উল্লেখ্য যে অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ ৰাজ্য চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তেজপুৰত আছু কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত আছুৱে অভিযোগ কৰে যে ৰাজ্যখনৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰে মষিমূৰ কৰাৰ বাবে উঠিপৰি লাগিছে ।

সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ আৰু সাধাৰণ সম্পাদক অৰূপ তালুকদাৰৰ নেতৃত্বত জিলাখনৰ আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ প্ৰতিনিধি আৰু তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপিত দেৱাঞ্জন বিকাশ পাঠকসহ আছু কৰ্মীসকলে চহৰখনৰ প্ৰৱেশ পথত প্ৰতিবাদী কাৰ্যসূচীৰে চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে । চৰকাৰক এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ বাবেও প্ৰতিবাদকাৰী আছুকৰ্মীসকলে দাবী জনায় ।

লক্ষণীয়ভাৱে চৰকাৰৰ এই সিদ্ধান্তক লৈ আছুৰ সমান্তৰালকৈ বিভিন্ন দল আৰু সংগঠনে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । বিৰোধী দল, বিশেষকৈ কংগ্ৰেছে শাসকীয় পক্ষক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ।

লগতে পঢ়ক :দলং বিচাৰি প্ৰতিবাদত নামিল কণ কণ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.