ETV Bharat / state

চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবী আপ অসমৰ - Govt school shut down

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 8:59 PM IST

Govt school shut down
চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবী আপ অসমৰ (ETV Bharat Assam)

Govt school shut down: ৰাজ্য চৰকাৰে পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত লোৱাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আপ অসম । মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক তীব্ৰ সমালোচনা আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ । দিল্লীৰ শিক্ষা ব্যৱস্থাক অসমত ৰূপায়ণৰ আহ্বান ।

চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবী আপ অসমৰ (ETV Bharat Assam)

গুৱাহাটী,৬ মে': ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে । তাৰ প্ৰাকক্ষণত অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক কমিটী । সোমবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে ৰাজ্য চৰকাৰে পুনৰ ৯৬ খন চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

সভাপতিগৰাকীৰ মতে লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগৰ এয়া চৰম সিদ্ধান্ত । তেওঁ উল্লেখ কৰা মতে চৰকাৰে ৰাজ্যৰ ১৯ খন জিলাৰ ৯৬ খন চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ দিছে । এই বিদ্যালয়সমূহৰ ভিতৰত ৭৯ খন হাইস্কুল আৰু ১৭ খন চিনিয়ৰ ছেকেণ্ডাৰী স্কুল । তেওঁ চৰকাৰক সমালোচনা কৰি কয় যে যি সময়ত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত সমগ্ৰ শিক্ষা অভিযানে শ শ কোটি টকা ব্যয় কৰিছে, সেই সময়তে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে গৈ অসম চৰকাৰে বিভিন্ন অজুহাতত হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

তেওঁ লগতে কয় যে বিদ্যালয় একত্ৰিকৰণ প্ৰক্ৰিয়াৰে আন বিদ্যালয়ত সংলগ্ন কৰাৰ পৰিকল্পনা কৰিছে শিক্ষা বিভাগে । তেওঁ উল্লেখ কৰা মতে ধেমাজি জিলাত সৰ্বাধিক ২১ খন হাইস্কুল আৰু চিনিয়ৰ ছেকেণ্ডাৰী স্কুল বন্ধৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে । তদুপৰি বৰপেটা, কামৰূপ, বঙাইগাঁও, যোৰহাট, শিৱসাগৰ আদি জিলাৰ কেইবাখনো বিদ্যালয় বন্ধৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে । লগতে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ওকণিৰ ভয়ত চুলি খুৰাইছে । এফালৰ পৰা বিদ্যালয় বন্ধৰ ফলত ড্ৰ'প আউটৰ সংখ্যা বৃদ্ধি পোৱাৰ অভিযোগ আপ অসমৰ ।

শিক্ষা ব্যৱস্থাটোক চৰকাৰে ব্যক্তিগতকৰণ কৰিব বিচাৰিছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । দিল্লী চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ আৰ্হি অসমত ৰূপায়ণ কৰিবলৈও তেওঁ চৰকাৰক আহ্বান জনায় । তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক দিল্লীলৈ গৈ বিদ্যালয়সমূহ পৰিদৰ্শন কৰিবলৈও তেওঁ আহ্বান জনায় । তেওঁ অভিযোগ কৰা মতে পূৰ্বেও আন্তঃগাঁথনিৰ অভাৱ, পৰ্যাপ্ত শিক্ষাৰ্থী নথকাৰ অজুহাতত শিক্ষা বিভাগে বন্ধ কৰিছিল ৰাজ্যৰ ৮,০৬৬ খন বিদ্যালয় । এনে পৰিস্থিতিত অসমক দেশৰ শ্ৰেষ্ঠ ৫ খন ৰাজ্যৰ ভিতৰত এখন কৰিব নোৱাৰে বুলিও আপ অসমৰ সভাপতিগৰাকীয়ে দাবী কৰে ।

লগতে পঢ়ক :গড়ভঙাৰ জালুক পাহাম অঞ্চলে উদঙাইছে মহানগৰীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ - DEVELOPMENT OF GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.