ETV Bharat / state

‘ব্যৰ্থতাৰ ৮ বছৰ: বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান’ শীৰ্ষক বুকলেট প্ৰকাশ আপৰ - BJP Government In Assam

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 9:21 AM IST

Eight Years of BJP government in Assam: ৰাজ্যৰ সামগ্ৰিক বিকাশত চৰম ব্যৰ্থ হৈছে ৰাজ্য় চৰকাৰ । পানী যোগান, শিক্ষা, স্বাস্থ্য, বিজুলী যোগান, মূল্যবৃদ্ধি ৰোধত ব্য়ৰ্থ হোৱাৰ অভিযোগেৰে ‘ব্যৰ্থতাৰ ৮ বছৰ: বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান’ শীৰ্ষক আঠ পৃষ্ঠাৰ বুকলেট প্ৰকাশ আপৰ ।

AAP press meet
ব্যৰ্থতাৰ ৮ বছৰ: বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান (ETV BHARAT ASSAM)

ব্যৰ্থতাৰ ৮ বছৰ: বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান (ETV BHARAT ASSAM)

বৰপেটা, ১৫ মে’: "বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত যোৱা আঠ বছৰে সম্পূৰ্ণ ব্যৰ্থ হৈছে । চৰকাৰখনে প্ৰতিটো ক্ষেত্ৰতেই ব্য়ৰ্থ হৈছে ।" এই অভিযোগ আম আদমী পাৰ্টিৰ বৰপেটা জিলা সমিতিৰ । মঙলবাৰে বৰপেটাত আয়োজিত এক সংবাদমেলত এইদৰে মন্তব্য কৰে আম আদমী পাৰ্টিৰ বৰপেটা জিলা সমিতিৰ নেতৃবৃন্দই । বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলখনত বৰপেটা জিলা সমিতিৰ উপ সভাপতি ৰূপধন আহমেদে কেইবাটাও বিষয়ৰ উদাহৰণেৰে চৰকাৰ ব্যৰ্থ হোৱা বুলি সমালোচনা কৰে ।

পানী যোগান, শিক্ষা, স্বাস্থ্য, বিজুলী যোগান, মূল্যবৃদ্ধি আদি বিষয়কেইটাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি বৰপেটা জিলা সমিতিৰ উপ সভাপতিগৰাকীয়ে কয় যে পানী যোগানত চৰকাৰ ব্যৰ্থ হোৱাৰ এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল ঘৰে ঘৰে পানী যোগান । ইয়াৰ বাবে চৰকাৰে জলজীৱন আঁচনি ৰূপায়ণ কৰিছে যদিও ৰাইজে পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই । অধিকাংশ স্থানতে পানীৰ নলী সংস্থাপন কৰা হৈছে যদিও তাত পানী পাবলৈ নাই বুলি তেওঁ কয় ।‌

শিক্ষা খণ্ডটোৰ আন্তঃগাঁথনি সম্পূৰ্ণ দূৰ্বল হৈ পৰিছে বুলি মন্তব্য় কৰি বৰপেটা জিলা সমিতিৰ উপ সভাপতিগৰাকীয়ে বিদ্যালয়ৰ আন্তঃগাঁথনি সকলো দিশেৰে দুৰ্বল হোৱাৰ উদাহৰণ অসমৰ শিক্ষা ব্যৱস্থা বুলি উল্লেখ কৰে । তদুপৰি ঘৰে ঘৰে ২৪ ঘণ্টা বিজুলী যোগানত চৰকাৰ ব্যৰ্থ হোৱা‌ বুলিও তেওঁ সমালোচনা কৰে ।

ইপিনে, সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক মাধমাৰ দিয়া বুলি তেওঁ উল্লেখ কৰি কয়,"নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধলৈকে মূল্যবৃদ্ধিয়ে সকলোৰে মূৰত মাধমাৰ দিছে ।" তদুপৰি অসম চৰকাৰ ৰাজ্যখনত নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন ৰোধত ব্যৰ্থ হোৱা বুলিও তেওঁ সৰব হৈ পৰে । চৰকাৰে এনে সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ বিপৰীতে প্ৰচলনৰ মাত্ৰা বৃদ্ধি হোৱা‌ বুলি বৰপেটা জিলা সমিতিৰ উপ সভাপতিগৰাকীয়ে মন্তব্য় কৰে ।

লগতে পঢ়ক: ব্যৰ্থতাৰ আঠ বছৰ ! আপে দাঙি ধৰিলে বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান - BJP Government In Assam

চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবী আপ অসমৰ - Govt School Shut Down

ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ দাবী আপৰ - Covid Vaccine Side Effects

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.