ETV Bharat / politics

ব্যৰ্থতাৰ আঠ বছৰ ! আপে দাঙি ধৰিলে বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান - BJP Government in Assam

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 5:34 PM IST

Eight Years of BJP government in Assam: ৰাজ্যৰ সামগ্ৰিক বিকাশত চৰম ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । প্ৰশাসনীয় দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে ব্যাহত কৰিছে অসমৰ উন্নয়ন । মুখ্যমন্ত্ৰীয়ে পাহৰিছে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰসংগ । এনে অভিযোগেৰে ‘ব্যৰ্থতাৰ ৮ বছৰ: বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান’ শীৰ্ষক আঠ পৃষ্ঠাৰ বুকলেট প্ৰকাশ আপৰ । সংবাদমেলত সৰৱ আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা ।

BJP GOVERNMENT IN ASSAM
আপে দাঙি ধৰিলে বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান (ETV Bharat Assam)

আপে দাঙি ধৰিলে বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান (ETV Bharat Assam)

গুৱাহাটী, ১৪ মে’: অসমত বিজেপি চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালক ব্যৰ্থতাৰ লগতে প্ৰতাৰণাৰ কাৰ্যকাল আখ্যা দিছে আম আদমি পাৰ্টী চমুকৈ আপে । আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমত বিজেপি চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালৰ ব্যৰ্থতাৰ খতিয়ান দাঙি ধৰে ।

আপে ‘ব্যৰ্থতাৰ ৮ বছৰ : বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান’ শীৰ্ষক আঠপৃষ্ঠাৰ এখন বুকলেট প্ৰকাশ কৰি উলিয়াইছে । সংবাদমেলত বুকলেটখন মুকলি কৰা হয় । সোণোৱাল চৰকাৰৰ পাঁচ বছৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তিনি বছৰকে ধৰি অসমত বিজেপি চৰকাৰৰ মুঠ আঠবছৰীয়া কাৰ্যকালৰ ব্যৰ্থতাক সংবাদমেলত দাঙি ধৰি আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয় যে ২০১৬ চনত জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান লৈ প্ৰথমবাৰৰ বাবে বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতাত অধিষ্ঠিত হৈছিল ।

২০১৬ চনৰ পৰা ২০২১ চনলৈ ৫ বছৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু ২০২১ চনৰ পৰা বৰ্তমানলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে তিনিবছৰ সম্পূৰ্ণ কৰিলে । বিজেপি চৰকাৰৰ ৮ টা বছৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ চৰম ব্যৰ্থতাৰ সময় বুলি সদৰী কৰি তেওঁ কয় যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ বিজেপিয়ে ১০ বছৰৰ বাবে এক ভিজন ডকুমেন্ট প্ৰকাশ কৰিছিল ।

কিন্তু বিগত ৮ বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰে ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই । বিজেপি চৰকাৰৰ ৮ বছৰৰ ইতিহাস প্ৰতাৰণাৰ ইতিহাসত পৰিণত হৈছে বুলি তেওঁ সদৰী কৰে ।

সংবাদমেলত আপে দাঙি ধৰা বিজেপি চৰকাৰৰ বিফলতাসমূহ :

এন আৰ চি :

অসমবাসীৰ বহু আকাংক্ষিত এন আৰ চি উন্নীতকৰণ হ'লেও সেয়া ত্ৰুটিমুক্ত নোহোৱাৰ অভিযোগত চৰকাৰে এন আৰ চি ৰূপায়নত ব্যৰ্থ হৈছে । এন আৰ চি ৰূপায়নৰ ক্ষেত্ৰত বিফল হোৱা চৰকাৰে বিদেশী বহিস্কাৰ কৰা দূৰৰে কথা 'কা' বলৱৎ কৰাৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে । বিগত ৮ বছৰে বিজেপি চৰকাৰে অসম চুক্তিৰ ৬ নং দফাও কাৰ্যকৰী নকৰিলে ।

ধাৰৰ বোজা :

পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দৰেই বৰ্তমানৰ ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰো সম্পূৰ্ণ ধাৰত চলা চৰকাৰ । ২০১৬ চনত চৰকাৰৰ ধাৰৰ পৰিমাণ আছিল ৩৫,৬৯০ কোটি টকা । বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হৈছেগৈ ১,৪২,০০০ কোটি টকা । ৰাজ্যখনৰ জনমূৰি ঋণৰ বোজা ৪০ হাজাৰ টকা হৈছে । দলীয় আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী সৃষ্টি আৰু ঋণৰ বোজা বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনীতি কোঙা কৰি পেলাইছে ।

নিবনুৱা সমস্যা :

২০১৬ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বিজেপি চৰকাৰে ৰাজ্যৰ ২৩ লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল । ২০২১ চনত নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেও বছৰি ১ লাখ চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই । কিন্তু সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰ্যবসিত হ'ল । মুখ্যমন্ত্ৰীয়ে সততে ঘোষণা কৰা দুৰ্নীতিমুক্ত, নিকা, স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াও ঘোষণাতে সীমাৱদ্ধ থাকিল ।

মূল্যবৃদ্ধিৰ সমস্যা :

অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ সোধালে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হ'ল । ইয়াৰ বিপৰীতে চৰকাৰে কৃষকৰ উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিব পৰা নাই । কৃষকক আৱন্টন দিয়া ৰাজ সাহায্যযুক্ত সামগ্ৰী আৰু কৃষি সঁজুলি বিতৰণৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হৈছে ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ :

ৰাজ্যৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী বিজেপি চৰকাৰে মানি নল’লে । ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ৬ জনগোষ্ঠী জনজাতিকৰণ হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু অৱশেষত চৰকাৰে প্ৰতাৰণাহে কৰিলে । দেশৰ ভিন্ন ৰাজ্যৰ ১৭ টাকৈ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ল । মাথোঁ বঞ্চিত হ'ল অসমৰ ছয় জনগোষ্ঠী ।

আন্তঃৰাজ্যিক সীমা সমস্যা :

আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ ক্ষেত্ৰতো বিফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । প্ৰতিখন চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ এতিয়াও বিদ্যমান । আনহাতে বহিঃৰাজ্যৰ পৰা ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ চৰকাৰে ৰোধ কৰিব পৰা নাই । মাদক দ্ৰব্যৰ প্ৰচলন বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যৰ আবকাৰী বিভাগে প্ৰতিদিনে ৪,৫০০ লিটাৰ মদ বিক্ৰী কৰিবলৈ মদৰ বিপণিসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ।

খোৱাপানীৰ সমস্যা :

জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান মাথোঁ শ্লোগান হৈয়েই থাকিল । গুৱাহাটী মহানগৰীৰ খোৱাপানীৰ সংকট সমাধানত চূড়ান্ত ব্যৰ্থ হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । ইয়াৰ মাজতে ৰাজ্যত অস্বাভাৱিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধিৰে সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন মাৰিলে ।

ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা :

বিজেপি চৰকাৰৰ বিগত ৮ বছৰত অসমৰ চৰকাৰী শিক্ষাখণ্ড নিঃশেষ হোৱাৰ উপক্ৰম হৈছে । চৰকাৰে ৰাজ্যৰ ৮ হাজাৰতকৈও অধিক চৰকাৰী বিদ্যালয় বন্ধ কৰিছে । চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মান বা উন্নীতকৰণত ব্যৰ্থ হৈছে । মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই । পৰীক্ষাৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰতো সীমাহীন বিসংগতিয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতা উদঙাই দিছে ।

চাহ শ্ৰমিকৰ সমস্যা :

ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ অৱস্থা তথৈবচ । বাগিচা অঞ্চলৰ ৪২১ খন বিদ্যালয় চৰকাৰে প্ৰাদেশিকীকৰণ নকৰিলে । পৰ্যাপ্ত স্বাস্থ্যসেৱাৰ পৰাও চাহ শ্ৰমিকসকলক চৰকাৰে বঞ্চিত কৰি ৰাখিলে ৷ চাহ বাগিচা অঞ্চলৰ লোকৰ মাটিৰ পট্টা নিদিলে ৷ বাগিচা শ্ৰমিকৰ দৈনিক মজুৰিও ২৩২ টকাৰ পৰা ৩৫১ টকালৈ বৃদ্ধি নকৰিলে । জনগোষ্ঠীটোৰ প্ৰতি এয়া চৰকাৰৰ প্ৰৱঞ্চনা ।

বানপানীৰ সমস্যা :

বিজেপি দলৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি যে এক প্ৰহসনহে আছিল সময়ৰ লগে লগে সেই কথা পৰিষ্কাৰ হৈ পৰিছে । ব্ৰহ্মপুত্ৰ খননৰ অভিলাষী আঁচনিখন বাস্তৱত পৰিকল্পনাবিহীন এক নিৰ্বাচনী জুমলাহে আছিল সেয়া আজি জলজল পটপট হৈ পৰিছে । ঠিক একেদৰে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এক্সপ্ৰেছ হাইৱে’ নির্মাণো সহজ সৰল অসমীয়া মানুহক ঠগাৰ কৌশলহে আছিল মাত্ৰ ।

নিধিৰাম চৰ্দাৰ ৰূপত মন্ত্ৰীসকল :

ভাৰতবৰ্ষৰ সংসদীয় পৰম্পৰাৰ প্ৰতিনিধিত্বমূলক চৰকাৰৰ ধাৰণাটোক সম্পূৰ্ণৰূপে নাকচ কৰি একনায়কত্বৰ দৰে বিগত দুটা বছৰ শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মাই । ১৪ গৰাকী মন্ত্ৰীৰ গৰিষ্ঠ সংখ্যককে বিভাগ চলাবলৈ প্ৰয়োজনীয় কৰ্তৃত্ব নিদি শাসনৰ বাঘজৰী হাতৰ মুঠিত ৰাখি একপ্ৰকাৰ মন্ত্ৰীসকলক ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰত পৰিণত কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । তাৰ প্ৰতিফলন প্ৰতিটো বিভাগৰ কামকাজত পৰিস্ফুট হৈছে, জনসাধাৰণে তাৰ দুৰ্ভোগ ভুগিছে । বহু বিভাগ অস্থায়ী কৰ্মচাৰীৰে কোনোমতে চলি আছে, নিম্নতম পাৰিতোষিকখিনিও লাভ কৰা নাই বহু বিভাগৰ কৰ্মচাৰীয়ে । এক কথাত চৰকাখন ওৱান মেন আৰ্মীত পৰিণত হৈছে ।

বিলাসিতাৰ সীমা চেৰাই গৈছে শৰ্মা চৰকাৰে :

যিসময়ত ৰাজ্য চৰকাৰখনে মুঠ বছৰেকীয়া ব্যয়ৰ ২৭ শতাংশহে অসম চৰকাৰৰ নিজা উৎসৰ পৰা আয় কৰি আছে তেনে সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিলাসিতাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । খোদ কামৰূপ জিলাৰ ভিতৰত বিচৰণ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰিছে ভাড়াতীয়া হেলিকপ্টাৰ । সেইদৰে ৰাজ্যৰ বাহিৰলৈ যাবলৈ সদায় ব্যবহাৰ কৰিছে চার্টাড বিমান ।

জিলা সদৰসমূহত কেবিনেট বৈঠক পাতি ৰাইজৰ মাজলৈ চৰকাৰখনক লৈ যোৱাৰ অজুহাত দেখুৱাই ব্যয় কৰিছে ৰাজকোষৰ কৌটি কোটি টকা । কেৱল কেবিনেট বৈঠকৰ ভোজ-ভাতৰ নামত কেবাকোটি টকা উৰুৱাই দিয়া হৈছে । বিগত বৰ্ষত চৰকাৰে বিধানসভাত দিয়া তথ্য মতে হাফলঙত কেবিনেট বৈঠক পাতোতে এক কোটি ১৩ লাখ ৯২ হাজাৰ টকা ব্যয় কৰিছিল ৰাজ্য চৰকাৰে । ইমানেই নহয় মুখ্যমন্ত্ৰীয়ে পাৰিবাৰিক কাম-কাজ, উৎসৱ-পাৰ্বনত যাবলৈও চৰকাৰী খৰচত হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

হিতাধিকাৰী সৃষ্টি :

বিপন্ন অৰ্থনীতিৰ মাজতেই হিতাধিকাৰীৰ অভিলেখ ৷ কল্যাণকামী চৰকাৰ এখনে হিতাধিকাৰী সৃষ্টি কৰাটো দোষণীয় হ'ব নোৱাৰে । পিচে জনমুৰি ধাৰৰ বোজাই ৪০ হাজাৰ টকা স্পৰ্শ কৰাৰ সময়ত কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ হিতাধিকাৰীৰ অভিলেখ ৰচিছে বিজেপি চৰকাৰে ।

অৰুণোদয় আঁচনিত ২৭ লাখ, বৃদ্ধ-বিধবা পেন্সন আঁচনিত ৪০ লাখ, আয়ুস্মান যোজনাত ২৭ লাখ, আত্মসহায়ক গোটৰ ৩৯ লাখ, বিনামূলীয়া ৰেচনৰ ৪০ লাখকে ধৰি অসমত বৰ্তমান দুই কোটিৰো অধিক হিকাধিকাৰী আছে য'ত ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যাই হৈছে ২ কোটি ৪২ লাখ । ৰাজ্য চৰকাৰে ৯০০ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰাৰ সময়ত ৪০ শতাংশ ভোটাৰক হিতাধিকাৰী সজাই অর্থনীতি কোঙা কৰাৰ পথ প্ৰশস্ত কৰিছে হিমন্ত চৰকাৰে ।

আনহাতে বৰাক উপত্যকাৰ আৰ্থ সামাজিক উন্নয়নতো চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱাৰ অভিযোগ আপৰ । সংবাদমেলত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, উপ- সভাপতি মনোজ ধানোৱাৰ, দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু মুখপাত্ৰ পুনম গগৈ উপস্থিত আছিল ।

লগতে পঢ়ক: সুৰা বিক্ৰী কৰি অসমীয়া মানুহৰ ঘৰবোৰ পংগু কৰিব বিচাৰিছে ! প্ৰশ্ন ৰাইজৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.