ETV Bharat / state

বজ্ৰ পৰি ছাঁই হ’ল ভদ্ৰৰ আপোন ঘৰখন, পশুধন - Lightning in Jorhat

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 1:58 PM IST

House burned down by lightning
ব্ৰজ পৰি ছাঁই হ’ল ভদ্ৰৰ আপোন ঘৰখন, পশুধন

lightning strike : হৃদয়বিদাৰক ! বজ্ৰ পৰি নিমিষতে শেষ গ’ল এটা পৰিয়ালৰ সকলো সপোন ৷ বৰ্তমান পৰিয়ালটোৰ সকলো সা-সম্পত্তি মাথোঁ পৰি ৰৈছে ছাঁই অথবা তপত শিখাৰ পিণ্ডত ৷ কিন্তু কিয়, কি হৈছে পৰিয়ালটোত...

ব্ৰজ পৰি ছাঁই হ’ল ভদ্ৰৰ আপোন ঘৰখন, পশুধন

যোৰহাট, 26 মাৰ্চ : সকলো শেষ...সকলো জ্বলি ছাঁই হৈ গ’ল ৷ খুদকণ এটাও পাবলৈ নাই ঘৰত ৷ যেনিয়েই চোৱা যায় তেনিয়েই কেৱল ছাঁই, অঙঠাৰ তপত শিখা ৷ ক’ৰবাত যদি পৰি আছে এপইচা এপইচা কৰি গোটাই লোৱা সেই মৰমৰ পাটৰ কাপোৰযোৰ ৷ তেন্তে কাষতে পৰি ৰৈছে কণমানি কেইজনীয়ে সপোন পূৰণ কৰিবলৈ হাতত লোৱা পাঠপুথিৰ কিছু টুকুৰা ৷

হয়, আমি ক’বলৈ লৈছো সোমবাৰে যোৰহাটত সংঘটিত এটা অঘটনৰ বিষয়ে ৷ ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে সোমবাৰে নিশাৰ ভাগত বতাহ-ধুমুহাই চলায় ধ্বংসলীলা ৷ আনকি এই বতাহ-ধুমুহাৰ লগতে বজ্ৰ পৰে উত্তৰ পশ্চিম যোৰহাটৰ 2 নং সোণাৰী গাঁৱৰ এঘৰত ৷ ফলত বাসগৃহটো সম্পূৰ্ণ ৰূপে জাহ যায় ৷ কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যকেইজনৰ ৷

বিৱৰণি অনুসৰি, সোমবাৰে নিশা ফাকুৱাৰ বাবে যোৰহাটৰ 2 নং সোণাৰী গাঁৱত আয়োজন কৰা হৈছিল ভাওনাৰ ৷ সেই ভাওনাত অংশ লৈছিল ভদ্ৰ বৰা নামৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা ব্যক্তিজনৰ এগৰাকী জীয়ৰীয়ে ৷ সেয়ে ভাওনাৰ সা-সজ্জাৰ বাবে অলপ সোণকালেই ঘৰৰ পৰা নিৰ্দিষ্ট স্থানলৈ ওলাই গৈছিল ভদ্ৰ বৰাৰ পত্নীসহ দুই জী ৷ ব্যস্ততাৰ মাজতে ভদ্ৰয়ো এবাৰ-দুবাৰ আহি ঘৰখন চাই গৈছিল ৷ তেতিয়া লৈ সকলো ঠিকেই আছিল ৷

কিন্তু সোমবাৰে নিশা বতাহ-ধুমুহাৰ লগতে বজ্ৰও পৰে উক্ত অঞ্চলটোত ৷ এই বজ্ৰ পৰাৰ ফলত ভদ্ৰ বৰাৰ ঘৰটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হৈ যায় ৷ ঘৰৰ কোনো লোক হতাহত হোৱা নাই যদিও এই বজ্ৰৰ ফলত ভদ্ৰৰ ঘৰত থকা বহু পহুধনৰ মৃত্যু হয় ৷

বৰ্তমান সমান্য এখিলা কাগজো পাবলৈ নাই ভদ্ৰৰ গৃহত ৷ ফলত হাহাকাৰ পৰিস্থিতৰ স্থিতি হৈছে ভদ্ৰৰ পৰিয়ালত ৷ শোকত কান্দি বিয়াকুল হৈ পৰিছে ভদ্ৰৰ পত্নী ৷ কি কৰিব, ক’লৈ যাব ? নিৰুপায় এই পৰিয়ালটো ৷ সেয়ে এই পৰিয়ালটোত আৰ্থিকভাৱে সহায় কৰিবলৈ স্থানীয় ৰাইজে সকলোকে আহ্বান জনাইছে ৷

ইফালে ফাকুৱাৰ আনন্দৰ মাজতে সোমবাৰে ভোগদৈ নদীত গা ধুৱলৈ গৈ এজন মেধাবী ছাত্ৰৰ সলিল সমাধি ঘটে ৷ সোমবাৰৰ দিনটোত সংঘটিত ঘটা কেইবাটাও ঘটনাই আতংকিত আৰু শোকাকুল কৰি তুলিছে যোৰহাটবাসীক ।

লগতে পঢ়ক : মাগুৰমাৰী বিলত CSR প্ৰকল্পৰ বিৰোধিতাৰে মাজুলীয়ালৰ প্ৰতিবাদ - Majuli CSR project

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.