ETV Bharat / state

কিস্তিৰ ধন বিচাৰি যোৱা ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক ভয়ংকৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 4:44 PM IST

a group of people attack finance company employees who went to collect installment money
কৰ্মচাৰীক ভয়ংকৰ আক্ৰমণ

Nagaon crime incident: নগাঁৱৰ বটদ্ৰৱাৰ বাটমাৰীত ভয়ংকৰ ঘটনা । বাহনৰ কিস্তিৰ ধন বিচাৰি যোৱা ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক প্ৰহাৰ । চিনেমাৰ ষ্টাইলত প্ৰহাৰ কৰ্মচাৰীক ।

কৰ্মচাৰীৰ ভাষ্য

নগাঁও, 18 মাৰ্চ : নগাঁৱৰ বটদ্ৰৱাৰ বাটমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । বাহনৰ কিস্তিৰ ধন বিচাৰি যোৱা ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক আক্ৰমণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । হিন্দী চিনেমাৰ ষ্টাইলত প্ৰহাৰ কৰিলে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক । ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ পিচতেই দোষীক গ্ৰেপ্তাৰৰ দাবীত জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰিলে ফাইনেন্স কোম্পানীৰ শতাধিক কৰ্মচাৰীয়ে ।

HDB ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ কেইমাহমান পূৰ্বে এখন ৬ চকীয়া টাটা ট্ৰাক ক্ৰয় কৰিছিল জুৰীয়া ধিং গাঁৱৰ মেহদী আলম নামৰ যুৱকজনে ৷ কিন্তু ঋণৰ কিস্তি পৰিশোধ কৰাত খেলিমেলি কৰি ট্ৰাকখন লুকুৱাই ৰাখিছিল বটদ্ৰৱাৰ বাটমাৰীত । পিচত ট্ৰাকখন বিচাৰি যাওঁতে ফাইনেন্স কোম্পানীটোৰ চাৰিজন কৰ্মচাৰীক লাঠীৰে মৰিয়াই আঘাতপ্ৰাপ্ত কৰে গ্ৰাহকজনৰ আত্মীয়ই ৷ ইয়াতে ক্ষান্ত নাথাকি মেহদী আলমৰ নেতৃত্বত আক্ৰমণকাৰী দলটোৱে বুলড’জাৰ লগাই ভাঙি চূৰমাৰ কৰে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী কেইজনে লৈ যোৱা বাহনখনো ।

এই ঘটনাত আঘাতপ্ৰাপ্ত হয় ফাইনেন্স কোম্পানীটোৰ কৰ্মচাৰী উৎসৱ শইকীয়া, হীৰকজ্যোতি নাথ, উজ্জ্বল বৰা আৰু কল্পজ্যোতি হাজৰিকা । ইতিমধ্যে এই আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি মেহদী আলম, জাহাংগীৰ আলম, আচালাম মুদ্দিন আৰু আচাদুছ জামানৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীয়ে । ফাইনেন্স কোম্পানীৰ যুৱক কেইজনক পৰিকল্পিতভাৱে হত্যাৰ চেষ্টা চলোৱা বুলিও অভিযোগ উত্থাপন কৰি দোষীক কৰায়ত্ত কৰাৰ দাবী জনাই নগাঁৱৰ বিভিন্ন ফাইনেন্স কোম্পানীত কৰ্মৰত যুৱকসকল সোমবাৰে সমবেত হয় জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৷

লগতে পঢ়ক : গোলাঘাটত পোহৰলৈ আহিছে সুদখোৰে ভাবুকিৰে হোটেল দখলৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.