ETV Bharat / state

এয়াই প্ৰকৃত মানৱ সেৱা: দৰিদ্ৰৰ ত্ৰাণকৰ্তাৰ ৰূপত এজন চিকিৎসক - 10 rupeeswala doctor

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 8:14 PM IST

Treatment for 10 rupees: বৰ্তমান সময়ত চিকিৎসা সেৱা হৈ পৰিছে অতি ব্যয়বহুল ৷ দৰিদ্ৰ লোকৰ বাবে উন্নত চিকিৎসা গ্ৰহণ কৰাতো খুবেই কঠিন হৈ পৰিছে ৷ একাংশ চিকিৎসকে এই পবিত্ৰ সেৱাক বেপাৰলৈ পৰিণত কৰাৰো বহু অভিযোগ উত্থাপন হৈ আহিছে ৷ তাৰ মাজতে এগৰাকী চিকিৎসৱে দৰিদ্ৰৰ বাবে ধৰা দিছে ঈশ্বৰৰ দূত হৈ ৷ মাত্ৰ 10 টকাতে চিকিৎসা সেৱা প্ৰদান কৰি আহিছে এইগৰাকী চিকিৎসকে ৷ পঢ়ক সবিশেষ...

10 rupeeswala doctor
treatment for 10 rupees (ETV Bharat Assam)

বিশ্বনাথ, 24 মে’: ডাক্তৰ, যাৰ হাতত আছে মৃত্যুমুখী মানুহক জীৱন দিব পৰা ক্ষমতা ৷ যি হাঁহি বিৰিঙাব পাৰে আপোনজনক হেৰুওৱাৰ ভয়ত হাস্পতালৰ বাৰান্দাত চকুলো বোৱাই থকা পৰিয়ালৰ মুখত, তেওঁ ডাক্তৰ ৷ ৰোগীৰ বাবে ভগৱানৰ দূত স্বৰূপ ডাক্তৰ ৷ কিন্তু আজিৰ তাৰিখত ভগৱানৰ সেই দূতৰ প্ৰতি যেন আস্থা হেৰাবলৈ ধৰিছে মানুহৰ ৷ সেৱা গুচি চিকিৎসা যেন হৈ পৰিছে এক বেপাৰ ৷ এয়া আপুনি যুগৰ পৰিৱৰ্তনৰ বাবে বুলিয়েই ধৰক অথবা মানৱতা ক্ৰমশঃ হেৰাই যোৱাৰ বাবে বুলিয়েই ধৰক, সততেই চিকিৎসা ব্যৱস্থা আৰু ডাক্তৰ প্ৰশ্নবোধকৰ সন্মুখীন হ’বলৈ ধৰিছে ৷

এয়াই প্ৰকৃত মানৱ সেৱা: দৰিদ্ৰৰ ত্ৰাণকৰ্তাৰ ৰূপত এজন চিকিৎসক (ETV Bharat)

বংগৰ প্ৰখ্যাত কণ্ঠশিল্পী নচিকেতা চক্ৰৱৰ্তীয়ে হয়তো সেয়ে গাইছিল-

‘‘ডাক্তৰ মানে তেওঁ মানুহ নহয়

আমাৰ চকুত তেওঁ ভগৱান

কচাই আৰু ডাক্তৰ একেই নহয়

কিন্তু দুয়োটাই আজি প্ৰফেচন

কচায়ে জবাই কৰাটো দিবালোকে প্ৰকাশ্য

তোমাৰ আছে ক্লিনিক আৰু চেম্বাৰ

অ’ ডাক্তৰ....’’

হয়, বৰ্তমান ব্যৱসায়মুখী হৈ পৰিছে বহুতো সেৱা ৷ তাৰ ভিতৰত অন্যতম চিকিৎসা সেৱাও ৷ চিকিৎসা সেৱা বৰ্তমান ইমানেই ব্যয়বহুল হৈ পৰিছে যে দৰিদ্ৰ লোকৰ বাবে উপযুক্ত চিকিৎসা গ্ৰহণ বহু সময়ত সম্ভৱ হৈ নুঠে ৷ ডাঙৰ ডাঙৰ নাৰ্চিং হোম, ক্লিনিক খুলি একাংশ চিকিৎসকে চিকিৎসা প্ৰদানৰ নামত বেপাৰ আৰম্ভ কৰা বুলি সততেই অভিযোগ উঠে ৷ চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগী মৃত্যুমুখত পৰা অথবা অধিক ৰুগীয়া হোৱাৰো আছে অসংখ্য উদাহৰণ ৷

কিন্তু সকলো ডাক্তৰ তেনে নহয় ৷ আজি আমি এনে এগৰাকী ডাক্তৰৰ কথা ক’বলৈ ওলাইছোঁ, যাক এতিয়াও মানুহে ভগৱানৰ দূতৰ দৰেই জ্ঞান কৰি আহিছে ৷ তেওঁ হৈছে ডাঃ ৰঞ্জন গগৈ ৷ আপুনি তেওঁক 10 টকীয়া ডাক্তৰ বুলিও ক’ব পাৰে ৷ কাৰণ তেওঁ এগৰাকী ৰোগীক চিকিৎসা প্ৰদানৰ বাবদ লয় মাত্ৰ 10 টকা ৷

লগতে পঢ়ক: আশ্চৰ্যকৰ ! মৃত ব্যক্তিৰ দেহৰ পৰা পেচমেকাৰ উলিয়াই নিয়াৰ অভিযোগ; দোষ স্বীকাৰ হাস্পতাল কৰ্তৃপক্ষৰ - Allegation Against Private Hospital

10 টকাত চিকিৎসা প্ৰদান: অসম-অৰুণাচল সীমান্তৰ পাভৈ অঞ্চলৰ বিশিষ্ট জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জন গগৈয়ে চিকিৎসা সেৱাত দেখুৱাইছে অন্য এক মানৱতাবোধ ৷ সমসাময়িকভাৱে চিকিৎসা সেৱাৰ নামত চলি থকা কোটি টকীয়া ব্যৱসায়ৰ বিপৰীতে অসমৰ বিশ্বনাথ জিলাৰ পাভৈত ডাঃ ৰঞ্জন গগৈয়ে কেৱল 10 টকা মাচুল লৈয়ে প্ৰদান কৰি আহিছে চিকিৎসা সেৱা ৷

10 টকাত চিকিৎসা সেৱাৰ আঁৰৰ কাহিনী: পাভৈৰ বৃহত্তৰ অঞ্চলটোৰ দুখীয়া ৰাইজে দাৰিদ্ৰতাৰ বাবে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল উপযুক্ত চিকিৎসা সেৱা ৷ অৰ্থৰ অভাৱত চহৰত গৈ চিকিৎসা গ্ৰহণৰো ব্যৱস্থা কৰিব পৰা নাছিল অঞ্চলটোৰ লোকসকলে ৷ এই বিষয়টো সৰুৰে পৰাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ৰঞ্জন গগৈয়ে ৷ তেতিয়াই তেওঁ পণ লৈছিল এদিন ডাক্তৰ হৈ মানুহক সেৱা কৰাৰ ৷

লগতে পঢ়ক: মঙলদৈত মানৱতাৰ অপূৰ্ব নিদৰ্শন : পদপথৰ মানসিকভাৱে অসুস্থ ব্যক্তিক উদ্ধাৰ - Lives For Humanity

মানৱ সেৱাৰ সপোন: উদ্দেশ্য যেতিয়া মহৎ হয়, তেতিয়া লক্ষ্যত উপনীত হোৱাৰ পথত কোনেও বাধা দিব নোৱাৰে ৷ মানৱ সেৱাৰ মন বান্ধি ৰঞ্জন গগৈ এদিন চিকিৎসক হ’ল ৷ প্ৰথম অৱস্থাত চৰকাৰী চিকিৎসক হিচাপে কাম কৰিছিল যদিও তেওঁ লক্ষ্যৰ পিছ এৰা নাছিল ৷ সেয়ে কিছু বছৰ চৰকাৰী কাম কৰাৰ পিছত চাকৰি এৰি নিজ অঞ্চললৈ উভতি আহে ডাঃ গগৈ ৷ নিজৰ মহৎ উদ্দেশ্যৰে তেওঁ বৰ্তমান পাভৈ অঞ্চলটোত কেৱল 10 টকা মাচুল লৈয়ে প্ৰদান কৰি আছে চিকিৎসা সেৱা ৷

এই যাত্ৰাৰ আৰম্ভণি: চৰকাৰী চিকিৎসালয়ত কৰ্মৰত অৱস্থাতো মানুহৰ ঘৰে ঘৰে গৈ ডাঃ গগৈয়ে সেৱা আগবঢ়াব লগা হৈছিল ৷ কেতিয়াবা দুৰ্গম অঞ্চত চিকিৎসা আগবঢ়াবলৈ গৈ নিশা তাতেই কটাবলগীয়াও হৈছিল ৷ অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হোৱা লোকসকলক উপযুক্ত চিকিৎসা প্ৰদানৰ বাবে তেওঁ গ্ৰহণ কৰিলে এক পদক্ষেপ ৷ চৰকাৰী চাকৰি এৰি প্ৰথমে তেওঁ 20 টকা মাচুল লৈ চিকিৎসা সেৱা প্ৰদান কৰিছিল ৷ কিন্তু কোভিডে জুৰুলা কৰা লোকসকলৰ যেতিয়া উপাৰ্জনৰ পথ বন্ধ হৈ পৰা দেখিলে, তেতিয়া ডাঃ গগৈয়ে এই মাচুল 10 টকালৈ হ্ৰাস কৰে ৷

জাতি-ধৰ্ম নিৰ্বিশেষ পাভৈ অঞ্চলৰ সকলো লোকৰে ঘৰে ঘৰে গৈয়ো চিকিৎসা সেৱা আগবঢ়ায় আহিছে ডাঃ ৰঞ্জন গগৈয়ে ৷ ছাত্ৰ-ছাত্ৰী আৰু কিছু কিছু ক্ষেত্ৰত আৰ্থিকভাৱে জুৰুলা লোকক বিনামূলীয়াকৈও তেওঁ আগবঢ়াই আহিছে চিকিৎসা সেৱা ৷ আনৰ বাবে ক্ষন্তেক ভাবিবলৈ মানুহৰ আহৰি নথকা বৰ্তমানত ডাঃ গগৈ ঈশ্বৰৰ দূত হৈ পৰিছে এইসকল দৰিদ্ৰ লোকৰ বাবে ৷ সেৱাৰ আঁৰত ধনৰ মুখ দেখা একাংশ চিকিৎসকৰ বাবে ডাঃ ৰঞ্জন গগৈ এক আদৰ্শ হৈ ৰ’ব ৷

লগতে পঢ়ক: কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.