ETV Bharat / state

মঙলদৈত মানৱতাৰ অপূৰ্ব নিদৰ্শন : পদপথৰ মানসিকভাৱে অসুস্থ ব্যক্তিক উদ্ধাৰ - Lives For Humanity

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 5:01 PM IST

Example Of Humanity : পদপথৰ এজন মানসিকভাবে দুৰ্বল ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহিল এটি স্বেচ্ছাসেৱী সংগঠন। মিলন নামৰ ব্যক্তিজন আছিল অঘৰী আৰু পথে পথে ঘূৰি ফুৰা লোক।

MENTALLY ILL PERSON RESCUES
মানসিকভাৱে অসুস্থ ব্যক্তিক উদ্ধাৰ (ETV BHARAT ASSAM)

মঙলদৈ, 24 মে’ : মানৱতা আজিও শেষ হৈ যোৱা নাই । চাৰিওফালে হত্যা-হিংসা-ধৰ্ষণৰ দৰে বৰ্বৰতাৰ বাতৰিৰ মাজতে এটা ভাল বাতৰি । মঙলদৈত দেখা গ'ল মানৱতাৰ এক সুন্দৰ নিদৰ্শন । মঙলদৈত মানসিকভাৱে অসুস্থ এজন ব্যক্তিক উদ্ধাৰ কৰি এটা স্বেচ্ছাসেৱী সংগঠনে দেখুৱালে মানৱতাৰ নিদৰ্শন ৷

মানৱতাৰ অপূৰ্ব নিদৰ্শন (ETV BHARAT ASSAM)

পদপথত ঘূৰি ফুৰা মিলন আজি মুক্ত ৷ তেওঁক মুক্ত কৰিলে Unity we the blood donor নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ মঙলদৈ চহৰৰ কৰিম চকৰ পদপথত, ট্ৰেফিক পইন্টত বহি-শুই থকা মানসিকভাৱে অসুস্থ মিলনৰ বাবে আগবাঢ়ি আহিল স্বেচ্ছাসেৱী সংগঠনটো ৷

এই গৰমতো প্ৰায় 25-30 টা চোলা পিন্ধি থকা মিলনক সহায় কৰিবলৈ আগবাঢ়ি আহিল Unity we the blood donor নামৰ স্বেচ্ছাসেৱী সংগঠনটো ৷ এতিয়াৰ পৰা মিলনে আৰু পথে পথে ঘূৰি ফুৰিব নালাগে ৷ মঙলদৈত বিভিন্ন সামাজিক কাম-কাজেৰে পৰিচিত Unity we the blood donor নামৰ স্বেচ্ছাসেৱী সংগঠনটো প্ৰশংসনীয় কাৰ্যৰে ৰাইজৰ মাজত জনপ্ৰিয় ৷ এইবাৰ তেওঁলোকৰ লক্ষ্য পথত অনাই বনাই ঘূৰি ফুৰা একাংশ মানসিক বিকাৰগ্ৰস্ত লোকক উদ্ধাৰ কৰা ৷

কৰিম চকৰ পৰা মিলনক উদ্ধাৰ কৰি লেতেৰা কাপোৰ খুলি গা ধুৱাই, চুলি-দাড়ি কটাই পৰিষ্কাৰ কাপোৰ পৰিধান কৰোৱাই সংগঠনটোৱে ৷ লগতে চিকিৎসকৰ পৰামৰ্শমতে ঔষধো প্ৰদান কৰা হয় মিলনক ৷ পৰিষ্কাৰ কৰাৰ পিছত মিলনে পৰিধান কৰা কেইবাটাও চাৰ্টৰ পৰা উদ্ধাৰ হয় প্ৰায় 10-20-50 টকাৰ নোটৰ প্ৰায় 8 হাজাৰৰো অধিক ধন ৷ মিলনক উদ্ধাৰ কৰাৰ পিছত শনিবাৰে তেজপুৰ মানসিক চিকিৎসালয়লৈ নিয়া হ’ব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সম্পাদক ৰুমু বড়োৱে ৷ উল্লেখযোগ্য যে মঙলদৈ চহৰত এনেধৰণৰ কেবাগৰাকীও মানসিকভাবে দুৰ্বল ব্যক্তিক আজি উদ্ধাৰ কৰে সংগঠনটোৱে ৷ সংগঠনটোৰ এই কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক : পুত্ৰ-বোৱাৰীক হেৰুওৱাৰ বেদনাৰে দুই নাতিনীক সাৱটি আইতাৰ জীৱন সংগ্ৰাম - Helpless Old Woman

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.