কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

🎬 Watch Now: Feature Video

thumbnail
আদিত্য হাস্পতালত উত্তপ্ত পৰিস্থিতি (undefined)

By ETV Bharat Assamese Team

Published : February 18, 2024 at 9:26 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, ১৮ ফেব্ৰুৱাৰী: ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি আজি নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । দুই তিনিদিন পূৰ্বে নগাঁৱৰ এ জে হস্পিতাল এণ্ড ৰিচার্জ চেণ্টাৰ নামৰ নাৰ্ছিং হোমত এগৰাকী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ আন এখন হাস্পতালত এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় আন এক উত্তপ্ত পৰিস্থিতিৰ । এইবাৰ নগাঁৱৰ আদিত্য হাস্পতালত এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই পৰিয়ালৰ লগতে ৰাইজে উজাৰিলে ক্ষোভ ।  

উল্লেখ্য় যে আজিৰ পৰা এমাহ পূৰ্বে বিহপান কৰিছিল কিশোৰীগৰাকীয়ে । প্ৰাথমিক চিকিৎসাৰ অন্তত কিছু সুস্থ হৈ উঠাত কিশোৰীগৰাকীক ঘৰলৈ যাবলৈ দিয়া হৈছিল । কিন্তু যোৱা শনিবাৰে পুনৰ অসুস্থ হোৱাত কিশোৰীগৰাকীক নগাঁৱৰ আদিত্য হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয় । যোৱা নিশা চিকিৎসালয়খনৰ আই চি ইউতেই কিশোৰীগৰাকীয়ে শেষ নিশ্বাস ত্য়াগ কৰে ।  

কিশোৰীগৰাকীৰ মৃত্যুৰ পিছত দেওবাৰে চিকিৎসালয়খনত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ লোকে । অৱশ্য়ে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী উপস্থিত হৈ ৰাইজক শান্ত কৰিবলৈ সক্ষম হয় । অৱশ্যে কিশোৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা নাই কোনো মতামত । 

লগতে পঢ়ক:জিএনআৰচিৰ ২০০ গৰাকী স্বাস্থ্যমিত্রক বঁটা প্ৰদান