ETV Bharat / state

ছেল্ফিয়ে অকালতে প্ৰাণ কাঢ়িলে 3 ছাত্ৰৰ, চূণচালিত শোকাকুল পৰিস্থিতি - Selfie accident in Guwahati

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:30 AM IST

Updated : Apr 6, 2024, 11:25 AM IST

3 Students of Guwahati drowns to death while bathing in Brahmaputra River
চেল্ফিয়ে অকালতে প্ৰাণ কাঢ়িলে 3 ছাত্ৰৰ

Selfie accident in Guwahati: নুনমাটিৰ চূণচালিত পুনৰ অঘটন ৷ সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত ছেল্ফি উঠিবলৈ গৈ 3 ছাত্ৰৰ সলিল সমাধি ৷ নিখোজ এজন ছাত্ৰক শনিবাৰৰ পুৱাই উদ্ধাৰ ৷

গুৱাহাটী, 6 এপ্ৰিল: ছেল্ফিয়ে কাল মাতি আনিলে তিনি ছাত্ৰৰ জীৱনলৈ । ব্ৰহ্মপুত্ৰ নৈৰ বুকুত বিপদজনকভাবে চেল্ফি তুলিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে গুৱাহাটীৰ তিনি ছাত্ৰই । গুৱাহাটীৰ চূণচালিত শুকুৰবাৰৰ দিনৰ ভাগত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷

ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা তিনি ছাত্ৰ হ’ল চান্দমাৰী অমিয়াপুৰৰ দেৱজিত ভূঞা (17), কুকিল কলিতা (17) আৰু ৰাহুল দাস (22) ৷ ইয়াৰে দেৱজিৎ আৰু কুকিলৰ মৃতদেহ শুকুৰবাৰৰ দিনাই উদ্ধাৰ কৰা হৈছে যদিও ৰাহুলৰ মৃতদেহ শনিবাৰৰ পুৱা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, চান্দমাৰী অমিয়াপুৰ অঞ্চলৰ মৃত তিনি ছাত্ৰই আন তিনি সমনীয়াৰ সৈতে শুকুৰবাৰে দিনৰ প্ৰায় 1.30 বজাত নুনমাটি চূণচালিৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈছিল । গা ধুই উঠাৰ পিচত মৃত তিনি ছাত্ৰই নৈৰ একেবাৰে ওচৰৰ পৰা ম’বাইলত ছেল্ফি উঠিবলৈ যোৱাৰ সময়তে শোকাৱহ ঘটনাটো ঘটে বুলি জানিব পৰা গৈছে ।

3-students-of-guwahati-dies-while-taking-selfie-in-brahmaputra-river
ছেল্ফিয়ে অকালতে প্ৰাণ কাঢ়িলে 3 ছাত্ৰৰ, চূণচালিত শোকাকুল পৰিস্থিতি

মৃত আটাইকেইজনে একেলগে ছেল্ফি উঠাৰ সময়তে তেওঁলোকৰ এজন সতীৰ্থ অকস্মাতে নৈৰ বুকুত পিছলি পৰে । তেনে সময়তে আন সমনীয়া দুগৰাকীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ সময়তে দুৰ্ভাগ্যজনকভাবে তেওঁলোকো নৈত পৰি যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় । নৈৰ পাৰত থকা আন সতীৰ্থকেইজনে এই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় লোকক অৱগত কৰে । স্থানীয় লোকে ততালিকে SDRF আৰু নুনমাটি আৰক্ষীক খবৰ দিয়ে ।

ঘটনাৰ কিছু সময়ৰ পিছতে ঘটনাস্থলীত SDRF ৰ লোক উপস্থিত হৈ ব্ৰহ্মপুত্ৰত অভিযান চলাই দেৱজিত ভূঞা (17)আৰু কুকিল কলিতা (17) ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে নৈত নিখোজ হৈ থকা ৰাহুল দাসৰ মৃতদেহ বিচাৰি শনিবাৰে পুনৰ অভিযান চলায় এছ ডি আৰ এফ বাহিনীয়ে আৰু মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

শুকুৰবাৰৰ এই অভিযানত গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়া প্ৰণৱ নাথ, মধ্য আৰক্ষী জিলাৰ এ ডি চি পি ভাৰ্গৱ দাস, দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া সীমান্ত সোণোৱাল উপস্থিত থাকে ।

লগতে পঢ়ক: সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ - Students Died

Last Updated :Apr 6, 2024, 11:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.