ETV Bharat / sports

ডব্লিউপিএল 2024 ফাইনেল; দেওবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে আৰচিবি

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 2:28 PM IST

দেওবাৰে আৰচিবিৰ বিৰুদ্ধে দিল্লী কেপিটেলছ
দেওবাৰে আৰচিবিৰ বিৰুদ্ধে দিল্লী কেপিটেলছ

WPL 2024 Final : দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দ্বিতীয় মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত উপনীত হৈছে । ছেমি ফাইনেলত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি আৰচিবি ফাইনেলত উপনীত হয় । এতিয়া দুয়োটা দলৰ মাজত চূড়ান্ত মেচখন অহা দেওবাৰে অনুষ্ঠিত হ'ব ।

স্পৰ্টছ ডেস্ক, ১৬ মাৰ্চ : ২০২৪ বৰ্ষৰ মহিলা প্ৰিমিয়াৰ লীগৰ চূড়ান্ত মেচখন অহা দেওবাৰে অনুষ্ঠিত হ'ব। এই মেচখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু দিল্লী কেপিটেলছে। শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অনুষ্ঠিত এলিমিনেটৰ্ছৰ প্ৰতিদ্বন্দ্বিতাত আৰচিবিয়ে ৫ ৰাণত জয়লাভ কৰে । প্ৰথমে বেটিং কৰি থকা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৩৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছ ২০ অভাৰত মাত্ৰ ১৩০ ৰাণতে থমকি ৰয় আৰু দ্বিতীয়বাৰৰ বাবে ডব্লিউপিএলৰ ফাইনেলত প্ৰৱেশৰ আশা মষিমূৰ হয় । আনহাতে, মেচখনত ৫ ৰাণত জয়ী হৈ আৰচিবিয়ে ডব্লিউপিএলৰ দ্বিতীয় সংস্কৰণৰ ফাইনেলত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰে ।

আৰচিবিৰ হৈ এলিচ পেৰীয়ে পুনৰবাৰ উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে । তেওঁ ৫০ টা বলত ৮ টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৬০ ৰাণ সংগ্ৰহ কৰে । আনহাতে, এলিচ পেৰীৰ বাহিৰে বাংগালোৰৰ কোনো বেটছমেনে ক্ৰীজত দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰিলে । অধিনায়ক স্মৃতি মান্ধানায়ো বিফল হয় । তেওঁৰ বেটৰ পৰা আহে ১০ ৰাণ । ইয়াৰ উপৰি ছফিয়ে ১০ আৰু ৰিচা ঘোষে ১৪ ৰাণ সংগ্ৰহ কৰে ।

আনহাতে, বাংগালোৰৰ ১৩৬ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি মুম্বাই ইণ্ডিয়ানছে প্ৰথম ৩ অভাৰত উইকেট হেৰুৱাই ২২ ৰাণ সংগ্ৰহ কৰে । মুম্বাইৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে সৰ্বাধিক ৩৩ ৰাণ সংগ্ৰহ কৰে । এটা সময়ত এমআয়ে অনায়াসে মেচখনত জয়লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও 18 নম্বৰ অভাৰত তেওঁ আউট হোৱাৰ পিছত গোটেই মেচখনৰ ধাৰা সলনি হয় আৰু বাংগালোৰৰ দিশে গতি কৰে । অন্তিম অভাৰত মুম্বাইক জয়ৰ বাবে ৬ টা বলত ১২ ৰাণৰ প্ৰয়োজন হৈছিল। সেই সময়ত ক্ৰীজত আছিল পূজা বস্ত্ৰকৰ আৰু এমেলিয়া কাৰ । কিন্তু চতুৰ্থটো বলত বস্ত্ৰকৰ আউট হয় । অন্তিম বলটোত জয়ৰ বাবে 7 ৰাণৰ প্ৰয়োজন আছিল । কিন্তু মুম্বাইয়ে মাত্ৰ 2 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

এতিয়া চূড়ান্ত খেলখন স্মৃতি মান্ধানাৰ আৰচিবি আৰু মেগ লেনিঙৰ অধিনায়কত্বত দিল্লী কেপিটেলছৰ মাজত দেওবাৰে দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । এই মেচখনত যিটো দলেই জয়লাভ কৰে তেওঁলোকেই প্ৰথমবাৰৰ বাবে ডব্লিউপিএলৰ খিতাপ জিকিব । দিল্লী দলত আছে তাৰকাৰ ক্ৰিকেটাৰৰ সমাহাৰ । ইয়াত আছে জেমিমা ৰড্ৰিগছ, লৌৰা হেৰিছ, মেগ লেনিং, শ্বেফালী বাৰ্মাৰ দৰে বেটাৰ । আনহাতে, বাংগালোৰত আছে স্মৃতি মান্ধানা, এলিচ পেৰী, ৰিচা ঘোষ, ছফি ডিভাইন, শ্ৰেয়াঙ্কা পাটিলৰ দৰে খেলুৱৈ ।

এতিয়া ১৭ মাৰ্চ, দেওবাৰে দুয়োটা দলে মহিলা প্ৰিমিয়াৰ লীগৰ দ্বিতীয় ছিজনৰ মুকুটৰ বাবে যুঁজত অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক :২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.