ETV Bharat / sports

প্ৰতীক্ষাৰ অন্ত পেলাই ডব্লিউপিএল খিতাপ অৰ্জন বেংগালুৰুৰ

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 7:40 PM IST

Updated : Mar 18, 2024, 6:59 AM IST

WPL Final 2024
প্ৰথমটো ডব্লিউপিএল খিতাপৰ বাবে বেংগালুৰু আৰু দিল্লীৰ যুঁজ

WPL Final 2024: অৱশেষত জয়ৰ সোৱাদ পালে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷ 2008 চনৰে পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অন্যতম ফ্ৰেঞ্চাইজী বাংগালুৰুৰ দলটোৱে এই পৰ্যন্ত বিজয়ীৰ সন্মান লাভ কৰি নোৱাৰাৰ যি আক্ষেপ অনুৰাগীৰসকলৰ মাজত বিৰাজ কৰিছিল তাক বহু পৰিমাণে লাঘৱ কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মহিলা ক্ৰিকেট দলটোৱে ৷ দেওবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত উইমেনছ প্ৰিমিয়াৰ লীগৰ ফাইনেল মেচত ঘৰুৱা দল দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰি চেম্পিয়ন হয় স্মৃতি মন্ধানাৰ দল ৷

স্পৰ্টছ ডেস্ক,১৭ মাৰ্চ : দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সমৰ্থকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ’ল বাংগালুৰুৰ ফ্ৰেঞ্চাইজী দলটো ৷ অৱশ্যে পুৰুষ নহয়, এই কাম কৰি দেখুৱালে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মহিলা ক্ৰিকেট দলটোৱে ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰচিবি) দেওবাৰে দিল্লী কেপিটেলছক (ডিচি) আঠ উইকেটত পৰাস্ত কৰি মহিলা প্ৰিমিয়াৰ লীগত তেওঁলোকৰ প্ৰথম খিতাপ জয় কৰে। এইটো ৰানাৰ্ছ-আপ দলটোৰ বাবে এক হৃদয়বিদাৰক মুহূৰ্ত আছিল কিয়নো বিগত বৰ্ষত যেতিয়া মুম্বাই ইণ্ডিয়ানছে তেওঁলোকক উদ্বোধনী সংস্কৰণৰ ফাইনেলত পৰাস্ত কৰিছিল তেতিয়াও তেওঁলোকে একে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল।

দিল্লী কেপিটেলছে বান্ধি দিয়া ১১৪ ৰাণৰ লক্ষ্যত আৰ চি বিয়ে ১৯.৩ অভাৰত ২টা উইকেটৰ বিনিময়ত উপনীত হয় । উল্লেখ্য যে আৰচিবিৰ হৈ এলিছ পেৰীয়ে ৩৫ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । আনহাতে অধিনায়ক স্মৃতি মন্ধানাই ৩১ ৰাণ আৰু ছফী ডিভাইনে ৩২ ৰাণ সংগ্ৰহ কৰে । মেচখনত আৰ চি বি দলে দিল্লীক পৰাস্ত কৰি ডব্লিউ পি এলৰ দ্বিতীয় ছিজনৰ চেম্পিয়ন হয় ।

জয়ৰ বাবে ১১৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি আৰচিবি অধিনায়ক স্মৃতি মন্ধানা আৰু ছফী ডিভাইনে (৩২) প্ৰাৰম্ভিক উইকেটৰ বাবে ৪৯ ৰাণ যোগ কৰি এটা ভাল আৰম্ভণিৰ দিশে আগবাঢ়ে। কিন্তু দিল্লী কেপিটেলছৰ দ্ৰুতগতিৰ বলাৰ শিখা পাণ্ডেই ৩২ ৰাণৰ ব্যক্তিগত স্ক'ৰত নৱম অভাৰৰ দ্বিতীয় বলত ছফি ডেভাইনক এলবিডব্লিউ আউট কৰে । ইয়াৰ পিচত আৰচিবিয়ে ১৫ অভাৰত দ্বিতীয়টো উইকেট হেৰুৱাবলগীয়া হয় ৷ পেভিলিয়নলৈ উভতি যোৱাৰ আগতে মন্ধানাই (৩১) এলিছ পেৰীৰ সৈতে দ্বিতীয় উইকেটৰ বাবে স্ক'ৰবোৰ্ডত ৩৩ ৰাণ যোগ কৰে। অৱশ্যে, ৰিচা ঘোষ আৰু পেৰীয়ে মন্ধানা আউট হোৱাৰ পিছত নিশ্চিত কৰে যে তেওঁলোকৰ দলে জয়ৰ ৰেখা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব আৰু তিনিটা বল বাকী থকা অৱস্থাত ৰোমাঞ্চকৰ খেলখন জিকি চেম্পিয়ন হয় বাংগালুৰুৰ দলটো ।

ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত আৰ চি বিৰ শ্ৰেয়াংকা পাটিল আৰু ছফী মলিনেউৰ সুন্দৰ বলিঙৰ জৰিয়তে ১৮.৩ অভাৰত ১১৩ ৰাণত অল আউট হয় দিল্লী কেপিটেলছ । টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা দিল্লী কেপিটেলছৰ অপেনাৰ শেফালি বাৰ্মা আৰু অধিনায়ক মেগ লেনিঙে এক সুন্দৰ আৰম্ভণি কৰে ।

উক্ত যুটিটোৰ আক্ৰমণাত্মক প্ৰদৰ্শনে আৰচিবিৰ বলাৰসকলৰ ওপৰত চাপৰ সৃষ্টি কৰিছিল যদিও যদিও অষ্টম অভাৰত বলিং কৰিবলৈ অহা বাওঁহতীয়া স্পীনাৰ মলিনেউৱে একেটা অভাৰত শেফালি, এলিচ কেপচি আৰু জেমাইমা ৰড্ৰিগেজক আউট কৰি দিল্লীৰ ভেটি কঁপাই তোলে । ইয়াৰ পিচত শ্ৰেয়ংকা পাটিলে দিল্লীৰ বেটছমেনক থিতাপি লোৱাৰ সুযোগ নিদিলে ।

দিল্লীৰ বেটিং ইমানেই বেয়া আছিল যে এটা সময়ত কোনো উইকেট নেহেৰুৱাকৈ ৬৪ ৰাণ সংগ্ৰহ কৰা দলটোৱে সম্পূৰ্ণ ২০ অভাৰ খেলিব নোৱাৰিলে ৷ ১১৩ ৰাণতে দলটো ৰৈ দিবলগীয়া হয় । আৰচিবিৰ হৈ শ্ৰেয়াংকা পাটিলে ৪টা, মলিনেউৱে তিনিটা আৰু আশাই দুটা উইকেট দখল কৰে । আৰচিবিৰ স্পিনাৰে ৯টা উইকেট লোৱাৰ বিপৰীতে ৰাধা যাদৱ ৰাণ আউট হয় ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু প্লেয়িং ১১: স্মৃতি মন্ধানা (অধিনায়ক), ছফী ডিভাইন, ছেব্বিনেনি মেঘনা, এলিছ পেৰী, ৰিচা ঘোষ (উইকেটকিপাৰ), ছফী মলিনেউ, জৰ্জিয়া ৱেৰেহাম, শ্ৰেয়াঙ্কা পাটিল, আশা শোভনা, শ্ৰদ্ধা পোখৰকাৰ, ৰেণুকা ঠাকুৰ সিং ।

দিল্লী কেপিটেলছৰ প্লেয়িং ১১: মেগ লেনিং (অধিনায়ক), শেফালী বাৰ্মা, এলিচ কেপচি, জেমাইমা ৰড্ৰিগেজ, মাৰিজেন কেপ, জেছ জোনাছেন, ৰাধা যাদৱ, অৰুন্ধতি ৰেড্ডী, তানিয়া ভাটিয়া (উইকেটকিপাৰ), শিখা পাণ্ডে, মিন্নু মণি ।

লগতে পঢ়ক :২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

Last Updated :Mar 18, 2024, 6:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.