ETV Bharat / sports

পঞ্জাব কিংছৰ হাতত ৪ উইকেটত পৰাস্ত দিল্লী কেপিটেলছ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 9:00 PM IST

Punjab Kings defeat Delhi Capitals by 4 wickets
পঞ্জাব কিংছৰ হাতত ৪ উইকেটত পৰাস্ত দিল্লী কেপিটেলছৰ

আইপিএল ২০২৪ৰ দ্বিতীয়খন খেলত দিল্লী কেপিটেলছক ৪ উইকেটত পৰাস্ত কৰি নিজৰ অভিযানৰ এক সুন্দৰ আৰম্ভণি কৰে পঞ্জাব কিংছে ৷ পঞ্জাব কিংছৰ ছেম কৰেণে ছিজনৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে ৷

স্পৰ্টছ ডেস্ক, ২৩ মাৰ্চ: আইপিএল ২০২৪ৰ দ্বিতীয়খন মেচত শনিবাৰে পঞ্জাৱ কিংছে দিল্লী কেপিটেলছক ৪ উইকেটত পৰাস্ত কৰি জয়েৰে অভিযান আৰম্ভ কৰে ৷ দিল্লী কেপিটেলছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত বান্ধি দিয়া ১৭৪ ৰাণ অনুসৰণ কৰি পঞ্জাব কিংছে ১৯.২ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৭৭ ৰাণ সংগ্ৰহ কৰি প্ৰতিযোগিতাখন নিজৰ নামত কৰে ৷ চেম কুৰানৰ অৰ্ধশতক আৰু ইংলেণ্ডৰ সহযোগী অলৰাউণ্ডাৰ লিয়াম লিভিংষ্টনৰ ৬৭ ৰাণৰ অংশীদাৰীত্বই পঞ্জাৱ কিংছক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত নিজৰ অভিযানৰ এক সুন্দৰ আৰম্ভণি কৰাত সহায় কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পঞ্জাৱ কিংছৰ অধিনায়ক শিখৰ ধাৱনে টছত জয়লাভ কৰি দিল্লীক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিচত দিল্লী কেপিটেলছৰ হৈ ডেভিড ৱাৰ্নাৰ আৰু মিচেল মাৰ্ছে ইনিংছ আৰম্ভ কৰে । অষ্ট্ৰেলিয়াৰ দুয়োগৰাকী খেলুৱৈয়ে দিল্লীক এক সুন্দৰ আৰম্ভণি দিয়ে । ৱাৰ্নাৰে ২১টা বলত ২৯ ৰান আৰু মাৰ্ছে ১২ বলত ২০ ৰানৰ ধুমুহাময় ইনিংছ খেলিছিল । ঋষভ পণ্টে বহুদিনৰ মূৰত পুনৰ দললৈ উভতি আহিছিল যদিও তেওঁ ১৩টা বলত ১৮ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । শ্বে হোপেও ২৫টা বলত ৩৩ ৰান অৰিহণা যোগাইছিল ৷

ইফালে ‘ইমপেক্ট প্লেয়াৰ’ হিচাপে ন নম্বৰ স্থানত বেটিং কৰিবলৈ অহা অভিষেক পোৰেলে হৰ্ষল পেটেলৰ ১০ টা বলত অপৰাজিত ৩২ ৰান সংগ্ৰহ কৰি দলটোক ৯ টা উইকেটত ১৭৪ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক’ৰ সংগ্ৰহ কৰাত সহায় কৰে । চণ্ডীগড়ৰ মহাৰাজা যাদবিন্দৰ সিং ষ্টেডিয়ামত অনুষ্ঠিত খেলত দিল্লী কেপিটেলছৰ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ পঞ্জাবে দ্ৰুত আৰম্ভণি কৰে ।

পাঞ্জাৱ কিংছক দ্ৰুত আৰম্ভণি দিয়ে শিখৰ ধাৱনে । তেওঁ ১৬টা বলত ২২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে জনী বেয়াৰ্ষ্টোৱে ৩ বলত ৯ ৰান সংগ্ৰহ কৰি ৰান আউট হয় । মধ্য অভাৰত পঞ্জাৱৰ ৰান ৰেট হ্ৰাস পাবলৈ ধৰে আৰু এটাৰ পাচত আনটো উইকেট হেৰুৱাবলৈ ধৰে । প্ৰভসিমৰন সিঙে ১৭টা বলত ২৬ ৰান সংগ্ৰহ কৰে যদিও ছেম কৰেণৰ বুদ্ধিমান ইনিংছে পাঞ্জাব কিংছক খেলখনত ধৰি ৰখাত সহায় কৰে । তেওঁ ৪৭টা বলত ৬৩ ৰানৰ ইনিংছ খেলিছিল । ইফালে খলিল আহমেদে ১৯ অভাৰত একেৰাহে ২টা উইকেট দখল কৰি খেলখন ৰোমাঞ্চকৰ কৰি তুলিছিল । অৱশেষত লিয়াম লিভিংষ্টনৰ ২১টা বলত ৩৮ ৰানৰ ইনিংছৰ সহায়ত ৪ উইকেটত জয়লাভ কৰে পঞ্জাব কিংছে ।

লগতে পঢ়ক: টছত জিকি কলকাতাৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত হায়দৰাবাদৰ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.