ETV Bharat / sports

ব্ৰিটেইনৰ হাস্পতালত মহম্মদ ছামীৰ ভৰিৰ সফল অস্ত্ৰোপচাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 12:30 PM IST

Mohammed Shami heel operation
ব্ৰিটেইনৰ হাস্পতালত মহম্মদ ছামীৰ ভৰিৰ সফল অস্ত্ৰোপচাৰ

Mohammed Shami heel operation: ভাৰতীয় ফাষ্ট বলাৰগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ অস্ত্ৰোপচাৰৰ কথা উল্লেখ কৰিছে । সুস্থ হোৱাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব যাৰ বাবে ২২ মাৰ্চৰ পৰা হ'বলগীয়া আইপিএলৰ পৰা তেওঁ বাহিৰ হ'ব ।

স্পৰ্টছ ডেস্ক,২৭ ফেব্ৰুৱাৰী : শেহতীয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল ভাৰতৰ তৰকা বলাৰ মহম্মদ ছামী । সোমবাৰে বলাৰগৰাকীৰ ভৰিৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হয় । ভাৰতত অনুষ্ঠিত হৈ যোৱা আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ আটাইতকৈ সফল বলাৰ হিচাপে চিহ্নিত হোৱা ছামীক ইতিমধ্যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) পৰাও বাহিৰ কৰা হৈছে ।

ছামীৰ মতে সুস্থ হোৱাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু তেওঁ পুনৰ খেলপথাৰলৈ ঘূৰি আহিবলৈ অপেক্ষা কৰি আছে । আই পি এল ২২ মাৰ্চৰ পৰা আৰম্ভ হ'ব । ছামীয়ে সোমবাৰে নিশা এক্সৰ এটা পোষ্টত তেওঁ চিকিৎসাৰ বিষয়ে উল্লেখ কৰে । তেওঁ পোষ্টটোত লিখিছে যে সফলভাৱে তেওঁৰ ভৰি অস্ত্ৰোপচাৰ সম্পন্ন হৈছে । কিন্তু সম্পূৰ্ণ সুস্থ হোৱালৈ সময়ৰ প্ৰয়োজন হ'ব ।

জানিব পৰা মতে মহম্মদ ছামীৰ অস্ত্ৰোপচাৰ ব্ৰিটেইনৰ এখন হাস্পতালত হৈছে । ৩৩ বছৰীয়া ছামীয়ে আই পি এলত গুজৰাট টাইটানছৰ হৈ খেলে । আকাংক্ষিত অৰ্জুন বঁটা লাভ কৰা ছামীয়ে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা ৫ খনীয়া টেষ্ট মেচৰ শৃংখলাৰ পৰা বাহিৰ হৈছে । য'ত ভাৰতে ৩-১ ৰ অগ্ৰগতি লাভ কৰিছে ।

মহম্মদ ছামীয়ে ভাৰতৰ হৈ ৬৪ খন টেষ্ট, ১০১ খন এদিনীয়া আৰু ২৩ খন টি-২০ মেচ খেলিছে । য'ত তেওঁ ক্ৰমান্বয়ে ২২৯, ১৯৫ আৰু ২৪ টা উইকেট দখল কৰিছে । তেওঁ ১১০ খন আই পি এল মেচো খেলিছে য'ত তেওঁ ১২৭ টা উইকেট লৈছে । ছামীয়ে ঘৰুৱা মেচ পশ্চিমবংগৰ হৈ খেলে । আশা কৰা হৈছে যে ছামীয়ে বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত সুস্থ হোৱাৰ পিচত অনুশীলন আৰম্ভ কৰিব ।

লগতে পঢ়ক :২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.