ETV Bharat / sports

IPL 2024 : পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি পৰাজয়ৰে অভিযান আৰম্ভ মুম্বাই ইণ্ডিয়ানছৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 8:24 PM IST

Updated : Mar 25, 2024, 9:44 AM IST

IPL 2024: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2024ৰ আজি তৃতীয়টো দিনৰ পঞ্চমখন খেলত গুজৰাট টাইটানছৰ হাতত 6 ৰাণত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ ৷ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । গুজৰাট টাইটানছে নিৰ্ধাৰিত অভাৰত 6 টা উইকেট হেৰুৱাই 169 ৰাণৰ লক্ষ্য বান্ধি দিয়ে মুম্বাই ইণ্ডিয়ানছক ৷ কিন্তু 170 ৰাণৰ লক্ষ্যৰ পম খেদি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 162 ৰাণতে থমকি ৰয় 5 বাৰৰ আই পি এল চেম্পিয়ন দলটো ৷

MI vs GT
GT বনাম MI

স্পৰ্টছ ডেস্ক, 24 মাৰ্চ : দেওবাৰে অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2024 ৰ পঞ্চমখন খেলত পাঁচবাৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে নিজৰ এক অনাকাংক্ষিত ধাৰা অব্যাহত ৰাখি পৰাজয়েৰে চলিত ছিজনৰ আৰম্ভণি কৰিলে ৷ আহমেদাবাদৰ বিশাল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ঘৰুৱা দল গুজৰাট টাইটানছৰ বিৰুদ্ধে 6 ৰাণত পৰাজিত হয় হাৰ্দিক পাণ্ডিয়াৰ দল ৷ ইয়াৰ লগে লগে 2012 চনৰ পৰা আই পি এলৰ প্ৰত্যেকটো সংস্কৰণৰ যাত্ৰা পৰাজয়েৰে আৰম্ভ কৰাৰ ধাৰাও অক্ষুণ্ণ ৰাখে প্ৰতিযোগিতাৰ ইতিহাসৰ অন্যতম সফল ফ্ৰেঞ্চাইজীটোৱে ৷

গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত 6 টা উইকেট হেৰুৱাই 169 ৰাণ সংগ্ৰহ কৰি 170 ৰাণৰ লক্ষ্য বান্ধি দিয়ে মুম্বাই ইণ্ডিয়ানছক ৷ কিন্তু লক্ষ্যৰ পম খেদি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 162 ৰাণতে থমকি ৰয় 5 বাৰৰ আই পি এল চেম্পিয়ন দলটো ৷ ডিৱাল্ড ব্ৰেভিছৰ 38 বলত 46 ৰাণ, ৰোহিত শৰ্মাৰ 29 বলত 43 ৰাণ আৰু তিলক বাৰ্মাৰ 19 বলত 25 ৰাণৰ অৰিহণা স্বত্ত্বেও বিজয় লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় আলহী দলটো ৷ ঘৰুৱা দলৰ হৈ বলাৰ সকলে চাপৰ মুখতো নিয়ন্ত্ৰিত বলিঙেৰে এটাৰ পিচত এটা উইকেট লৈ মুম্বাই ইণ্ডিয়ানছৰ ইনিংছক স্থবিৰ কৰি তোলে ৷ টাইটানছৰ হৈ আজমতুল্লা ওমৰজাই, স্পেন্সাৰ জনছন, উমেশ যাদৱ আৰু মোহিত শৰ্মা প্ৰত্যেকেই 2টা কৈ উইকেট দখল কৰে ৷

ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৷ গুজৰাটৰ হৈ সাই সুদৰ্শন আৰু ৰাহুল তেৱতীয়াই বলিষ্ঠ প্ৰদৰ্শন আগবঢ়ায় । এই খেলখনত সুদৰ্শনে তিনি চাৰি আৰু এটা ছয়ৰ সহায়ত ৪৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে তেৱতীয়াই ২২ ৰান সংগ্ৰহ কৰে । মুম্বাই ইণ্ডিয়ানছৰ হৈ অভিজ্ঞ বলাৰ যশপ্ৰীত বুমৰাই 4 অভাৰত 13 ৰাণ দি 3 টা উইকেট লোৱাৰ লগতে গেৰাল্ড কোয়েটজিয়ে 27 ৰাণ খৰচ কৰি 2 টা উইকেটৰ পতন ঘটায় ৷

মুম্বাই ইণ্ডিয়ানছ: ৰোহিত শৰ্মা, ঈশান কিষাণ (উইকেট কীপাৰ), তিলক বাৰ্মা, নমন ধীৰ, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), টিম ডেভিদ, চামছ মুলানি, পীযুষ চাওলা, গেৰাল্ড কোয়েটজি, যশপ্ৰীত বুমৰাহ, লিউক উড

গুজৰাট টাইটানছ: শুভমান গিল (অধিনায়ক), ঋদ্ধিমান সাহা (উইকেট কীপাৰ), সাই সুদৰ্শন, বিজয় শংকৰ, ডেভিড মিলাৰ, আজমতুল্লা ওমৰজাই, ৰাহুল তেৱতীয়া, ৰাছিদ খান, উমেশ যাদৱ, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, স্পেন্সাৰ জনছন

লগতে পঢ়ক: আইপিএল ২০২৪, ছিজনৰ প্ৰথম জয়ৰ যুঁজ ৰাজস্থান আৰু লক্ষ্ণৌৰ - RR vs LSG

Last Updated : Mar 25, 2024, 9:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.