ETV Bharat / sports

আইপিএল ২০২৪, ৰাজস্থানৰ হাতত ২০ ৰাণত পৰাস্ত লক্ষ্ণৌ - RR vs LSG

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 4:04 PM IST

Updated : Mar 24, 2024, 8:16 PM IST

RR vs LSG
ছিজনৰ প্ৰথম জয়ৰ যুঁজ ৰাজস্থান আৰু লক্ষ্ণৌৰ

RR vs LSG: আইপিএলৰ চতুৰ্থখন মেচ ৰাজস্থান ৰয়েলছ বনাম লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হয় । ঘৰুৱা খেলপথাৰত ৰাজস্থানৰ আকৰ্ষণীয় প্ৰদৰ্শন । প্ৰথমটো জয়ৰ সৈতে আইপিএলৰ অভিযান আৰম্ভ ৰাজস্থানৰ ।

স্পৰ্টছ ডেস্ক,২৪ মাৰ্চ : আইপিএল ২০২৪ ৰ চতুৰ্থখন খেলত বিজয় সাব্যস্ত ৰাজস্থান ৰয়েলছৰ । তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আছিল ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মাজৰ খেলখন । ৰাজস্থান ৰয়েলছে ঘৰুৱা খেলপথাৰত জয়ী হ'বলৈ পূৰ্বৰে পৰা যথেষ্ট আগ্ৰহী আছিল । এতিয়ালৈকে লক্ষ্ণৌ আৰু ৰাজস্থানৰ মাজত ৪ খন আইপিএল মেচ অনুষ্ঠিত হৈছে, য'ত ৰাজস্থান ৰয়েলছে তিনিখন মেচত জয়ী হৈছে । এইবাৰ ৰাজস্থান দলত থকা বহুকেইগৰাকী খেলুৱৈ ফৰ্মত আছে ।

খেলখনত প্ৰথমে বেটিং কৰি ৰাজস্থানে ১৯৩ ৰাণ সংগ্ৰহ কৰিছিল । লক্ষ্ণৌৰ সন্মুখত লক্ষ্য আছিল ১৯৪ ৰাণৰ । ৰাজস্থানৰ হৈ অধিনায়ক সঞ্জু ছেমছনে সৰ্বাধিক ৮২ ৰাণ সংগ্ৰহ কৰে । একেদৰে ৰিয়ান পৰাগেও ৪৩ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে । লক্ষ্ণৌৰ হৈ নবীন উল হকে ২টা উইকেট আৰু মহছিন আৰু বিষ্ণোইয়ে ১ টাকৈ উইকেট লাভ কৰে ।

ইফালে লক্ষ্ণৌৰ বেটছমেনসকলেও প্ৰথমটো বিজয়েৰে আইপিএলৰ অভিযান আৰম্ভ কৰিবলৈ চেষ্টা চলাইছিল । অধিনায়ক কে এল ৰাহুলে ৫৮ ৰাণৰ এক সংগ্ৰামপূৰ্ণ ইনিংছ খেলে । একেদৰে নিকোলাছ পুৰণেও ৬৪ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে । ইমপেক্ট প্লেয়াৰ দীপক হুদাই ১৩ বলত ২৬ ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ খেলে । বাকীসকল বেটছমেন প্ৰায় বিফল হোৱা দেখা যায় । যাৰ ফলস্বৰূপে লক্ষ্ণৌৰ দলটোৱে এক হতাশাজনক পৰাজয়েৰে আইপিএল অভিযান আৰম্ভ কৰিবলগীয়া হয় । লক্ষ্ণৌৱে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে অন্তিম অভাৰলৈ খেলখন ৰোমাঞ্চকৰ হৈ থাকে । লক্ষ্ণৌৱে অন্তিম অভাৰলৈ খেলখনত যুঁজ দিয়া দেখা গৈছিল ।

লগতে পঢ়ক :৪ ৰানত জয়লাভ কলকাতা নাইট ৰাইডাৰ্ছৰ; খেলৰ হিৰো আন্দ্ৰে ৰাছেল - IPL 2024

Last Updated :Mar 24, 2024, 8:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.