ETV Bharat / sports

আই পি এলত অভিলেখ সৃষ্টি ৰিয়ান পৰাগৰ; প্ৰতিভাৰ দিলে উমান - RIYAN PARAG IPL RUNS

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 6:31 PM IST

IPL 2024 SRH vs RR
RIYAN PARAG (IANS)

IPL 2024 SRH vs RR: ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলা খেলখনত ৰিয়ান পৰাগে সুন্দৰ প্ৰদৰ্শনেৰে অৰ্ধশতক অৰ্জন কৰে । এইটো ইনিংছতে তেওঁ নিজৰ নামত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । পঢ়ক সম্পূৰ্ণ খবৰ...

স্প’ৰ্টছ ডেস্ক, ৩ মে': বৃহস্পতিবাৰে আই পি এল ২০২৪ ৰ ৫০ সংখ্যক মেচখন ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হয় । এই মেচখনত ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগে বিষ্ফোৰক বেটিং প্ৰদৰ্শনেৰে নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় । এই মেচত ৰিয়ান পৰাগে আই পি এল কেৰিয়াৰৰ ১০০০ ৰাণ সম্পূৰ্ণ কৰিছে । হায়দৰাবাদৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছে ।

পৰাগে আই পি এলত ১০০০ ৰাণ সম্পূৰ্ণ কৰে

এই মেচখনত ৰিয়ান পৰাগে অৰ্ধশতকৰ এটা সুন্দৰ ইনিংছ খেলিছিল । পৰাগে ৪৯ টা বলত ৮ টা চাৰি আৰু ৪ টা ছয় কোবাই ৭৭ ৰাণ কৰে । তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৫৭.৪ । এই ইনিংছত তেওঁ জয়দেৱ উনাদকাটৰ বলত লনৰ ওপৰেৰে এটা বিশাল ছিক্সাৰ কোবোৱাও দেখা যায় । এই ইনিংছৰ জৰিয়তে ৰিয়ান পৰাগে আই পি এলৰ ৬ ৪খন খেলৰ ৫৩ খন ইনিংছত ৬টা অৰ্ধশতকৰে ১০০৯ ৰাণ সংগ্ৰহ কৰিছে ।

চলিত আই পি এলত পৰাগে এই পৰ্যন্ত ৪ টা অৰ্ধশতকৰে ১০ খন মেচত ৪০৯ ৰাণ সংগ্ৰহ কৰিছে । এই ছিজনত তেওঁ কেৰিয়াৰৰ আধাতকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ লগে লগে ৰিয়ান পৰাগে আই পি এল ২০২৪ ত ৪০০ ৰাণ সম্পূৰ্ণ কৰা প্ৰথমজন আনকেপড খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।

পৰাগে এটা ছিজনত কিমান ৰাণ কৰিছিল ?

আই পি এল ২০২৩ – ৭খন মেচ, ৭৮ ৰাণ

আই পি এল ২০২২ - ১৭খন মেচ, ১৮৩ ৰাণ

আই পি এল ২০২১ - ১১খন মেচ, ৯৩ ৰাণ

আই পি এল ২০২০ - ১২খন মেচ, ৮৬ ৰাণ

আই পি এল ২০১৯ - ৭খন মেচ, ১৬০ ৰাণ

যদি আমি ৰাজস্থান আৰু হায়দৰাবাদৰ মাজত খেলা মেচখনৰ কথা কওঁ, তেন্তে ৰাজস্থান ১ ৰাণত পৰাস্ত হয় । হায়দৰাবাদে ২০ অভাৰত ৩টা উইকেট হেৰুৱাই ২০১ ৰাণ সংগ্ৰহ কৰে । ৰাজস্থানে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । এই মেচখনত ভূৱনেশ্বৰ কুমাৰে ৪ অভাৰত ৪১ ৰাণত ৩ টা উইকেট দখল কৰে, যাৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচৰ সন্মান প্ৰদান কৰা হয় ।

লগতে পঢ়ক: কিয় টি-20 বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ নকৰিলে ৰিংকু সিঙে ! - T20 WC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.