ETV Bharat / sports

IPL 2024 ত চেন্নাই ছুপাৰ কিংছৰ একেৰাহে দ্বিতীয়টো জয়, গুজৰাট টাইটানছ ৬৩ ৰানত পৰাস্ত - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:16 PM IST

Updated : Mar 27, 2024, 9:49 AM IST

IPL 2024 : IPL 2024 ত মঙলবাৰে চেন্নাই ছুপাৰ কিংছৰ হাতত ধৰাশায়ী গুজৰাট টাইটানছ ৷ চি এছ কেয়ে জি টিক ১৪৩/৮ত সীমাবদ্ধ কৰি মেচখন সহজতে জয় লাভ কৰে । চলত আই পি এলত এইটো আছিল চি এছ কেৰ ক্ৰমাগত দ্বিতীয়টো জয়।

IPL 2024
টছত জয়ী হৈ বলিংঙৰ সিদ্ধান্ত গুজৰাট টাইটানছৰ

স্পৰ্টছ ডেস্ক, 26 মাৰ্চ : আই পি এলৰ সপ্তমখন খেলত মঙলবাৰে চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ৬৩ ৰানত পৰাস্ত কৰে । চেন্নাই চুপাৰ কিংছে নিৰ্ধাৰিত কৰি দিয়া ২০৭ ৰানৰ লক্ষ্যৰ প্ৰতি সঁহাৰি জনাই গুজৰাট টাইটানছে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই মাত্ৰ ১৪৩ ৰানহে কৰিবলৈ সক্ষম হয় । গুজৰাটৰ হৈ সৰ্বাধিক ৩৭ ৰান সংগ্ৰহ কৰে ছাই সুদৰ্শনে । একে সময়তে চেন্নাইৰ হৈ এই মেচত দীপক চাহৰ, মুস্তাফিজুৰ ৰহমান আৰু তুষাৰ দেশপাণ্ডে সৰ্বাধিক ২-২ উইকেট দখল কৰে ।

আই পি এল ২০২৪ ত মঙলবাৰে গুজৰাট টাইটানছে টছ জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ চেন্নাই চুপাৰ কিংছৰ হৈ ৰুতুৰাজ গায়কোৱাড আৰু ৰাচিন ৰবীন্দ্ৰৰ যুটিয়ে খেলৰ উদ্বোধন কৰি খেলপথাৰত প্ৰৱেশ কৰে ৷ গুজৰাট টাইটানছৰ হৈ প্ৰথমটো অভাৰত ফাষ্ট বলাৰ আজমাতুল্লাহ ওমৰজাইয়ে বলিং কৰে ৷ চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত এই খেল অনুষ্ঠিত হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই চুপাৰ কিংছ নিৰ্ধাৰিত অভাৰত ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 206 ৰাণ ৷ শিৱম দুবে চিএছকেৰ হৈ শীৰ্ষ স্কোৰাৰ আছিল, যিয়ে 51 ৰাণ সংগ্ৰহ কৰিছিল । ৰাচিন ৰবীন্দ্ৰ আৰু ৰুতুৰাজ গায়কোৱাডে অৰ্ধ-শতক ৰাণ সংগ্ৰহ কৰে ৷ দুয়োজনে 46-46 ৰাণ সংগ্ৰহ কৰে । অন্তিম অভাৰত সমীৰ ৰিজৱীয়ে ৬ টা বলত ১৪ ৰাণ খেলি চিএছকেৰ ২০০ ৰাণত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । একে সময়তে, ৰছিদ খানে গুজৰাট টাইটানছৰ হৈ 2 টা উইকেট দখল কৰে।

চেন্নাই ছুপাৰ কিংছ : ৰুতুৰাজ গায়কোৱাড (অধিনায়ক), ৰাচিন ৰবীন্দ্ৰ, আজিংক্য ৰাহানে, ডেৰেল মিচেল, ৰবীন্দ্ৰ জাদেজা, সমীৰ ৰিজৱী, এম এছ ধোনী (উইকেটৰক্ষক), দীপক চাহাৰ, মহীশ থিকছনা, মুস্তাফিজুৰ ৰহমান, তুষাৰ দেশপাণ্ডে

গুজৰাট টাইটানছ: শুভমান গিল (অধিনায়ক), ঋদ্ধিমান সাহা (উইকেট কীপাৰ), সাই সুদৰ্শন, বিজয় শংকৰ, ডেভিড মিলাৰ, আজমতুল্লা ওমৰজাই, ৰাহুল তেৱতীয়া, ৰাছিদ খান, উমেশ যাদৱ, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, স্পেন্সাৰ জনছন

লগতে পঢ়ক: IPL 2024 : পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি পৰাজয়ৰে অভিযান আৰম্ভ মুম্বাই ইণ্ডিয়ানছৰ - IPL 2024

Last Updated : Mar 27, 2024, 9:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.