ETV Bharat / sports

টেষ্ট ক্ৰিকেটত ইতিহাস ৰচনা যশস্বী জয়ছোৱালৰ, ছিক্সাৰৰ বৰষুণেৰে অভিলেখ স্থাপন

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 3:57 PM IST

IND vs ENG 3rd Test
ইতিহাস ৰচনা যশস্বী জয়ছোৱালৰ

IND vs ENG 3rd Test : ৰাজকোটত উদীয়মান ক্ৰিকেটাৰ যশস্বী জয়ছোৱালে শক্তিশালী বেটিঙৰে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰত একেৰাহে দ্বিতীয়টো দ্বি শতক অৰ্জন কৰে । ইয়াৰ লগতে তেওঁ কেইবাটাও অভিলেখ গঢ়িছে ৷

স্পৰ্টছ ডেস্ক, 18 ফেব্ৰুৱাৰী : ৰাজকোটত অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত 5 খনীয়া মেচৰ শৃংখলাৰ তৃতীয়খন টেষ্ট ৷ এই মেচৰ চতুৰ্থ দিনা দ্বিতীয় ইনিংছত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে এক বৃহৎ স্কৰ সংগ্ৰহ কৰে ৷ ভাৰতীয় ক্ৰিকেট দলৰ অ’পেনিং বেটছমেন যশস্বী জয়ছোৱালে বিস্ফোৰক বেটিং কৰাৰ সমান্তৰালকৈ ইংলেণ্ডৰ অভিজ্ঞ বলাৰ জেমছ এণ্ডাৰছনক তীব্ৰ প্ৰহাৰ কৰে ৷ আগ্ৰাসী ৰূপত জয়ছোৱালে এণ্ডাৰছনক একেৰাহে তিনিটা বলত তিনিটা 6 কোবাই 6 ৰ হেট্ৰিক সম্পূৰ্ণ কৰে ৷

যশস্বীৰ 6 ৰ হেট্ৰিক-

আচলতে জেমছ এণ্ডাৰছনে ইংলেণ্ডৰ হৈ ভাৰতৰ ইনিংছৰ 85 সংখ্যক অভাৰত বলিং কৰিবলৈ আহিছিল ৷ ভাৰতৰ হৈ যশস্বী জয়ছোৱালে তেওঁৰ সন্মুখত বেটিং কৰি আছিল ৷ এণ্ডাৰছনে দ্বিতীয়টো বল ভৰিৰ ওচৰত কৰে, যিটো জয়ছোৱালে মিড উইকেটৰ ফালে ঠেলি দিয়ে ৷ ইয়াৰ পিছত তেওঁ অফ ষ্টাম্পত তৃতীয়টো বল ফৰৱাৰ্ড কৰে, যিটো যশস্বীয়ে কভাৰৰ ওপৰেৰে 6 কোবাই ৷ যশস্বীয়ে এণ্ডাৰছনৰ চতুৰ্থটো বল বলাৰৰ মূৰৰ ওপৰেৰে তুলি চাইড স্ক্ৰীণৰ সন্মুখত এক 6 কোবাই 6ৰ হেট্ৰিক সম্পূৰ্ণ কৰে ৷

সাৰ্বাধিক ছিক্সাৰ কোবালে জয়ছোৱালে -

এই মেচত জয়ছোৱালে মুঠ 12 টা 6 কোবাই ৷ এই 6ৰ সহায়ত তেওঁ নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ টেষ্ট ক্ৰিকেটৰ 147 বছৰীয়া ইতিহাসত টেষ্ট শৃংখলাত 20 টা 6 কোবোৱা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী ৷

টেষ্ট মেচ এখনৰ ইনিংছত সৰ্বাধিক 6ৰ অভিলেখ আছিল পাকিস্তানৰ বেগী বলাৰ ৱাছিম ​​জাফৰৰ ৷ তেওঁ এটা ইনিংছত সৰ্বাধিক 12 টা ছয় কোবাইছিল ৷ এতিয়া জয়ছোৱালেও এটা ইনিংছত 12 টা 6 কোবাই তেওঁৰ সৈতে যৌথভাৱে প্ৰথম স্থানত উপনীত হৈছে ৷

একেৰাহে দুটাকৈ দ্বি শতক অৰ্জন কৰা তৃতীয়জন ভাৰতীয়-

যশস্বী জয়ছৱালে ৰাজকোটত 214 (অপৰাজিত) ৰাণৰ দ্বি শতক সম্পূৰ্ণ কৰে ৷ টেষ্ট কেৰিয়াৰৰ এয়া জয়ছোৱালৰ দ্বিতীয়টো দ্বি শতক ৷ ইয়াৰ পূৰ্বে বিশাখাপট্টনমত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচতো তেওঁ দ্বি শতক অৰ্জন কৰিছিল ৷ ইয়াৰ লগে লগে জয়ছোৱালে একেৰাহে দুখন টেষ্ট মেচত দুটা দ্বি শতক অৰ্জন কৰা তৃতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ৷ তেওঁৰ পূৰ্বে বিনোদ কাম্বলি আৰু বিৰাট কোহলীয়ে এই কৃতিত্ব অৰ্জন কৰিছিল ৷ দুয়োগৰাকীয়ে একেৰাহে দুখন টেষ্ট মেচত ভাৰতৰ হৈ দুটা দ্বি শতক অৰ্জন কৰিছিল ৷

এই খেলখনত টিম ইণ্ডিয়াই প্ৰথম ইনিংছত 445 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে প্ৰথম ইনিংছত 319 ৰাণ সংগ্ৰহ কৰি অল আউট হয় ৷ ভাৰতে দ্বিতীয় ইনিংছত 4 উইকেটত 430 ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰি ইংলেণ্ডক 557 ৰাণৰ লক্ষ্য দিয়ে ৷ ভাৰতৰ হৈ এই খেলখনত ৰোহিত শৰ্মা (131) আৰু ৰবীন্দ্ৰ জাডেজাই (112) প্ৰথম ইনিংছত শতক অৰ্জন কৰে ৷ দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালে অপৰাজিত (214) দ্বি শতক অৰ্জন কৰে ৷ একেৰাহে দ্বিতীয়খন মেচত এয়া তেওঁৰ দ্বিতীয়টো দ্বি শতক ৷

ইফালে এই মেচতে অভিষেক ঘটোৱা আন এগৰাকী প্ৰতিভাৱান বেটছমেন ছৰফৰাজ খানে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই ৷ এই খেলখনত ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱা ছৰফৰাজ খানে দ্বিতীয় ইনিংছত 68 ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় ৷ ছৰফৰাজ খানে 72 টা বলৰ মুখামুখি হৈ 6 টা চাৰি আৰু তিনিটা ছয় কোবাই ৷ ভাৰতীয় দলৰ ইনিংছ ঘোষণা কৰাৰ পূৰ্বে ছাৰফৰাজ খানে শেষ অভাৰত ৰেহান আহমেদৰ বলত 2 টা ছয় কোবাই ৷

একেখন মেচৰ প্ৰথম ইনিংছত ছাৰফৰাজে 66 টা বলৰ সন্মুখীন হৈ 61 ৰাণ সংগ্ৰহ কৰিছিল য’ত 9 টা চাৰি আৰু এটা 6 আছিল ৷ প্ৰথম ইনিংছত ৰবীন্দ্ৰ জাডেজাৰ ভুল কলৰ বাবে ৰাণ আউট হৈছিল তেওঁ ৷ অভিষেক মেচখনত ছৰফৰাজ খানৰ অৰ্ধশতকীয় ইনিংছ অনুৰাগীসকলে যথেষ্ট ভাল পাইছিল আৰু তেওঁ ছ’চিয়েল মিডিয়াত শিৰোনাম হৈ পৰিছিল ৷

লগতে পঢ়ক : ভাৰত বনাম ইংলেণ্ড, ৫০০ ৰাণৰ অগ্ৰগতি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.