ETV Bharat / sports

দুৰ্বল বেটিং প্ৰদৰ্শনেই আৰ চি বিৰ পৰাজয়ৰ কাৰক: মিতালী ৰাজ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:23 PM IST

RCB performance in IPL 2024: ভাৰতৰ প্ৰাক্তন মহিলা অধিনায়ক মিতালী ৰাজে অনুভৱ কৰিছে যে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে এই ছিজনত বেটিং ইউনিট হিচাপে ক্লিক কৰা নাই আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত এতিয়ালৈকে তেওঁলোকৰ দুৰ্বল অভিযানৰ কাৰণ হৈছে এইটোৱেই । ই টিভি ভাৰতৰ সৈতে এক এক্সক্লুছিভ বাৰ্তালাপত তেওঁ কয় যে চলি থকা আই পি এলত কেইটামান অভাৰত বলিং কৰিলে শিৱম ডুবেই এজন ভাল অলৰাউণ্ডাৰ হ’ব পাৰে ।

RCB performance in IPL 2024
IPL 2024

নিউজ ডেস্ক, ১৬ এপ্ৰিল: ভাৰতীয় প্রাক্তন ক্ৰিকেটাৰ মিতালী ৰাজৰ মতে আই পি এলৰ ২০২৪ ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বেটিং ইউনিটে অতিকৈ নিম্ন পৰ্যায়ৰ প্রদর্শন কৰিছে আৰু সেইটোৱেই হৈছে প্রতিযোগিতাত এতিয়ালৈকে তেওঁলোকৰ শোচনীয় ফলাফলৰ কাৰণ ৷ চলি থকা আই পি এলৰ ছিজনটো আৰ চি বিৰ বাবে দুঃস্বপ্ন হৈ পৰিছে কাৰণ এতিয়ালৈকে খেলা ৭ খন মেচৰ ভিতৰত মাত্ৰ এখন মেচতে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু পইণ্ট টেবুলৰ আটাইতকৈ তলত আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই ছিজনত ফ্ৰেঞ্চাইজিৰ বাবে বিৰাট কোহলী আৰু দীনেশ কাৰ্তিকে ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে । কোহলীয়ে গড়ে ৭২.২০ ৰান কৰি ৩৬১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কাৰ্তিকে ২০৫.৪৫ ৰ আক্ৰামক ষ্ট্ৰাইক ৰেটত ২২৬ ৰান সংগ্ৰহ কৰি দলটোক কিছু ষ্টেলাৰ ফিনিচিং প্ৰদান কৰিছে ।

চলিত ছিজনত আৰ চি বিৰ প্ৰদৰ্শনৰ বিষয়ে চিন্তা কৰি ষ্টাৰ স্প’ৰ্টছ তেলুগু বিশেষজ্ঞ মিতালী ৰাজে মতামত দিছে যে ফ্ৰেঞ্চাইজিটোৱে এতিয়াও বেটিং ইউনিট হিচাপে ক্লিক কৰা নাই আৰু তেওঁলোকে উইল জেকছৰ সৈতে ইনিংছ মুকলি কৰি ফাফ ডু প্লেছিছক ৩ নং স্থানত বেটিং কৰিবলৈ পঠিয়াবলৈ চেষ্টা কৰিব পাৰে ।

"মোৰ দৃষ্টিত বেংগালুৰুৱে এইবাৰ সামগ্ৰিকভাৱে বেটিঙত ক্লিক কৰা নাছিল । বিৰাট কোহলীয়ে অ'পেনাৰ হিচাপে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । কোনোবাই যেতিয়া ধাৰাবাহিকভাৱে এটা পজিচনত গ'ল দি থাকে, তেতিয়া সেই পজিচন এৰি যোৱাটো শুদ্ধ নহয় । বেংগালুৰুৱে ইচ্ছা কৰিলে ডু প্লেছিছৰ পৰিৱৰ্তে জেকছক কোহলীৰ অংশীদাৰ হ'বলৈ পঠিয়াব পাৰে ।" ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত মিতালী ৰাজে এইদৰে কয় ।

জেকছে আক্ৰমণাত্মকভাৱে খেলাৰ বাবেই তেওঁ পাৱাৰ প্লে’ত অধিক ৰান সংগ্ৰহ কৰিব পাৰে । যদি ডু প্লেছিছ ৩ নম্বৰত বেটিং কৰিবলৈ আহে তেন্তে তেওঁ নিজৰ অভিজ্ঞতাৰে মিডল অভাৰত চৰ্ত অনুসৰি খেলিব । এই পদক্ষেপৰ লগে লগে দলটোৱে এটা ভাল ভাৰসাম্য লাভ কৰিব ।” মিতালীয়ে লগতে কয় । তেওঁ নিজৰ কেৰিয়াৰত ২৩২ খন WODI খেলিছে ।

এই সংস্কৰণত শিৱম ডুবেৰ মাজত ভাল যোগাযোগ আছে আৰু চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হৈ ১৬৩.৫১ ষ্ট্ৰাইক ৰেটেৰে প্ৰতিযোগিতাখনত এতিয়ালৈকে ২৪২ ৰান সংগ্ৰহ কৰিছে । বাওঁহতীয়া বেটছমেনগৰাকীয়ে চি এছ কেৰ হৈ ইনিংছ সমাপ্ত কৰি আহিছে । মিতালীয়ে ভাবে যে যদি তেওঁ ফ্ৰেঞ্চাইজিৰ হৈ কিছু অভাৰ বল কৰে তেন্তে ভাৰতে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে এজন ভাল অল-ৰাউণ্ডাৰ লাভ কৰিব পাৰে ।

"চেন্নাই দলৰ সেই সুযোগ আছে । ঘৰুৱা ক্ৰিকেটতো ডুবেই বলিং কৰে । কিন্তু আমি আই পি এলত ইয়াৰ বিশেষ একো দেখা নাই । এই ছিজনত তেওঁৰ বেটিং প্ৰদৰ্শন অথি উন্নত যদিও এতিয়ালৈকে বল কৰা নাই । কিন্তু যদি দলটোৱে টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি তেওঁক কেইটামান অভাৰ দিয়ে, এনে লাগে যেন টীম ইণ্ডিয়াৰ এজন ভাল অল-ৰাউণ্ডাৰ আছে ।" ৭,৮০৫ ৰান কৰা মিতালীয়ে লগতে কয় ।

আগন্তুক টি-২০ বিশ্বকাপত ভাৰতৰ অভিযান সন্দৰ্ভতো মন্তব্য কৰি মিতালীয়ে কয় যে ভাৰতীয় দলটোক যশপ্ৰীত বুমৰাহৰ সৈতে আনটো মূৰৰ পৰা বলিং কৰিবলৈ কোনোবা এজনৰ প্ৰয়োজন হ’ব ।

"(মহম্মদ) ছিৰাজে নিজৰ ছন্দ বিচাৰি উলিয়াব পৰা নাই । তেওঁৰ তুলনাত আৰ্শদীপ সিঙে অলপ ভাল বলিং কৰি আছে । কিন্তু আমি আনটো মূৰৰ পৰা বুমৰাহৰ সৈতে বলিং কৰিবলৈ যিমান পাৰি সোনকালে এজন ভাল পেচ বলাৰ বিচাৰি উলিওৱাটো প্ৰয়োজন । এই ছিজনত যুৱ পেচাৰসকলে (মায়ংক যাদৱৰ দৰে) উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে এনে লোকক সুযোগ দিয়াটো ভাল হ’ব ।"

লগতে পঢ়ক: বেংগালুৰু বনাম হায়দৰাবাদ: এক ঐতিহাসিক মেচ - SRH beat RCB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.