ETV Bharat / sports

বেংগালুৰু বনাম হায়দৰাবাদ: এক ঐতিহাসিক মেচ - SRH beat RCB

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 8:26 AM IST

SRH beat RCB: খেলখনত কেইবাটাও অভিলেখ ৰচনা হ'ল । মুঠ ২৮৭ ৰাণৰ সৈতে আইপিএলৰ ইতিহাসৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে অভিলেখ ৰচিলে হায়দৰাবাদে । একেদৰে খেলখনত সৰ্বাধিক বাউণ্ডেৰী আৰু ছিক্সাৰো কোবালে দুয়োটা দলৰ খেলুৱৈয়ে । সমগ্ৰ মেচখনত মুঠ ৫৪৯ ৰাণ সংগ্ৰহ হয় ।

SRH beat RCB
বেংগালুৰু বনাম হায়দৰাবাদ

স্পৰ্টছ ডেস্ক, ১৬ এপ্ৰিল : চলিত আইপিএল ছিজনত আন এখন ঐতিহাসিক মেচৰ সাক্ষী হ'ল দেশবাসী । পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আইপিএলত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে । মেচখনত হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ২৫ ৰাণত পৰাস্ত কৰে ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বাওঁহাতৰ অপেনাৰ ট্ৰেভিছ হেডে ৯ টা চাৰি আৰু ৮ টা ছিক্সাৰৰ সহায়ত ৪১ টা বলত ১০২ ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ খেলে । ৩৯ টা বলত শতক অৰ্জন কৰি তেওঁ আইপিএল ইতিহাসৰ চতুৰ্থ দ্ৰুততম শতক অৰ্জনকাৰী হিচাপে বিবেচিত হয় । এই আকৰ্ষণীয় ইনিংছৰ বাবে হেডক প্লেয়াৰ অফ দ্য মেচ বঁটাও প্ৰদান কৰা হয় ।

চিন্নাস্বামী ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এই হাই স্ক'ৰিং খেলখন অনুষ্ঠিত হয় । প্ৰথমে বেটিং কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে আইপিএল ইতিহাসৰ সৰ্বাধিক ২৮৭ ৰাণ সংগ্ৰহ কৰে । হায়দৰাবাদে বান্ধি দিয়া ২৮৮ ৰাণৰ লক্ষ্যৰ পিছে পিছে আৰচিবিয়েও ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৬২ ৰাণ সংগ্ৰহ কৰে । ফলস্বৰূপে, হায়দৰাবাদে এই হাই স্ক'ৰিং মেচখনত ২৫ ৰাণত জয়ী হয় ।

সমগ্ৰ মেচখনত মুঠ ৫৪৯ ৰাণ সংগ্ৰহ কৰা হয় । যিটো টি-২০ ক্ৰিকেটৰ এখন মেচত সৰ্বাধিক ৰাণ হিচাপেও অভিলেখ সৃষ্টি হৈছে । এই খেলখনত সৰ্বাধিক বাউণ্ডেৰী আৰু সৰ্বাধিক ছিক্সাৰৰ অভিলেখো সৃষ্টি হয় । আৰচিবিৰ তৰফৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল দিনেশ কাৰ্তিক । তেওঁ ৩৫ টা বলত ৮৩ ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ খেলে ।

তেওঁৰ এই অৱদানে আৰচিবিক লক্ষ্যৰ অতি ওচৰলৈ লৈ গৈছিল । অধিনায়ক ফাফ ডু প্লেচিছে ২৮ টা বলত ৬২ ৰাণ সংগ্ৰহ কৰে । একে সময়তে, তাৰকা বেটছমেন বিৰাট কোহলীয়েও ২০ টা বলত ৪২ ৰাণ সংগ্ৰহ কৰে । বিজয়ী দলৰ অধিনায়ক পেট কামিন্সে ৩ টা উইকেট দখল কৰে ।

লগতে পঢ়ক :ট্ৰেভিছ হেডৰ দুৰ্দান্ত শতক, বাংগালুৰৰ সন্মুকত 288 ৰাণৰ বিশাল লক্ষ্য - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.