ETV Bharat / sports

দিল্লী কেপিটেলছক 273 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কে কে আৰৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 10:56 PM IST

DC VS KKR SCORE
DC VS KKR

DC VS KKR: বিশাখাপট্টনমত অনুষ্ঠিত দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আইপিএলৰ 16 সংখ্যক মেচখনত কেকেআৰে ডিচিক 273 ৰাণৰ লক্ষ্য বান্ধি দিছে ।

নিউজ ডেস্ক, 3 এপ্ৰিল: দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত বিশাখাপট্টনমৰ এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আইপিএলৰ 16 সংখ্যক মেচখন । খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কলকাতা নাইট ৰাইডাৰ্ছে । অপেনাৰ ছল্টে 18 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে সুনীল নাৰিনে 39 টা বলত 85 ৰাণৰ এটা বিস্ফোৰক ইনিংছ খেলে । নাৰিনে 7 টা চাৰি আৰু 7 টা ছিক্সাৰ কোবায় । অংকৃশ ৰঘুবংশীয়ে 27 টা বলত 5 টা চাৰি আৰু 3 টা ছিক্সাৰৰ সহায়ত 54 ৰাণৰ বৰঙণি যোগায় ।

একেদৰে বিস্ফোৰক বেটছমেন ৰাছেলে 19 টা বলত 4 টা চাৰি আৰু 3 টা ছিক্সাৰৰ সহায়ত 41 ৰাণ কৰাৰ বিপৰীতে ৰিংকু সিঙে 8 টা বলত 3 টা ছিক্সাৰ আৰু 1 টা চাৰিৰ সহায়ত 26 ৰাণ সংগ্ৰহ কৰে । নিৰ্ধাৰিত 20 অভাৰত কলকাতাই 7 উইকেটৰ বিনিময়ত 272 ৰাণ কৰে আৰু দিল্লীক জয়ৰ বাবে 273 ৰাণৰ লক্ষ্য বান্ধি দিয়ে । ইয়াৰ পূৰ্বে আই পি এলৰ একেটা ছিজনতে হায়দৰাবাদে মুম্বাইৰ বিৰুদ্ধে সংগ্ৰহ কৰা 277 ৰাণৰ পিচত কলকাতাৰ এই ৰাণ হৈছে দ্বিতীয় সৰ্বাধিক টাৰ্গেট । দিল্লীৰ হৈ নৰ্টেজে 3 টা, ইশান্ত শৰ্মাই 2 টা, খলিল আৰু মাৰ্শ্বে 1 টাকৈ উইকেট দখল কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

273 ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰা দিল্লী কেপিটেলছ আৰম্ভনিৰ পৰাই বেটিং বিপৰ্জনয়ত পৰে অপেনাৰ ৱাৰ্ণাৰে 18 ৰাণ আৰু পৃথ্বী শ্বৱে 10 ৰাণ কৰি বিদায় লয় । মাৰ্শ্ব আৰু পৰেলে কোনো ৰাণ নকৰাকৈয়ে আউট হয় । অধিনায়ক ঋষভ পন্টে বিস্ফোৰক প্ৰদৰ্শনেৰে অৰ্ধশতক অৰ্জন কৰিছে । পন্টে 25 টা বলত 5 টা ছিক্সাৰ আৰু 4 টা চাৰি কোবাই মুঠ 55 ৰাণ কৰি আউট হয় । ষ্টাবছে 34 ৰাণ কৰি খেলি আছে । 12 অভাৰত 5 উইকেটৰ বিনিময়ত 126 ৰাণ সংগ্ৰহ কৰিছে দিল্লীয়ে । কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ষ্টাৰ্ক আৰু আৰোৰাই দুটাকৈ উইকেট দখল কৰিছে ।

এই ছিজনত কেকেআৰে এতিয়ালৈকে ২ খন মেচ খেলিছে আৰু দুয়োখনত জয়লাভ কৰিছে । এতিয়া তেওঁলোকে দিল্লীৰ বিৰুদ্ধে জিকাৰ সুযোগ ল'ব । একে সময়তে, ডিচিয়ে 3 খন খেলৰ ভিতৰত মাত্ৰ 1 খনত জয়লাভ কৰিছে আৰু 2 খন মেচত পৰাস্ত হৈছে ।

লগতে পঢ়ক: চিন্নাস্বামী ষ্টেডিয়ামত লক্ষ্ণৌৰ বিৰুদ্ধে ২৮ ৰানত পৰাস্ত বেংগালুৰু - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.