ETV Bharat / sports

অলিম্পিকৰ কোৱালিফায়াৰত ভাগ নলয় বজৰং পুনিয়াই

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 5:21 PM IST

Paris Olympic Qualifiers: ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক মাৰ্চত কিৰগিজস্তানত ২০১৪ চনৰ পেৰিছ গেমছৰ কোৱালিফায়াৰ আৰু দুটা শীৰ্ষ এছিয়ান প্ৰতিযোগিতাৰ বাবে দল বাছনি কৰিবলৈ পৰীক্ষণত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে । ডব্লিউএফআইৰ নেতৃত্বত হ'লে এই পৰীক্ষণত ভাগ নলয় বুলি স্পষ্ট কৰি দিয়ে বজৰং পুনিয়াই ।

Paris Olympic Qualifiers
অলিম্পিকৰ কোৱালিফায়াৰত ভাগ নলয় বজৰং পুনিয়াই

স্পৰ্টছ ডেস্ক,২৯ ফেব্ৰুৱাৰী : অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াই বৃহস্পতিবাৰে স্পষ্ট কৰি দিয়ে যে তেওঁ বিনেশ ফোগাট, অৱসৰপ্ৰাপ্ত সাক্ষী মালিক আৰু অন্যান্য প্ৰতিবাদী মল্লযুঁজাৰুসকলে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে ঘোষণা কৰা ৰাষ্ট্ৰীয় পৰীক্ষণত অংশগ্ৰহণ নকৰে । যেতিয়ালৈকে চৰকাৰে বিষয়টোত হস্তক্ষেপ নকৰে আৰু সঠিক সমাধান নকৰে তেতিয়ালৈকে তেওঁলোকৰ স্থিতি স্পষ্ট । সোমবাৰে ডব্লিউএফআইয়ে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক মাৰ্চত দুটা শীৰ্ষ এছিয়ান প্ৰতিযোগিতাৰ বাবে দল বাছনি কৰিবলৈ পৰীক্ষণত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল । যাৰ ভিতৰত কিৰগিজস্তানত ২০২৪ চনৰ পেৰিছ গেমছৰ যোগ্যতা অৰ্জনৰ কোৱালিফায়াৰ অন্যতম ।

এক বিশেষ সাক্ষাৎকাৰত বজৰং পুনিয়াই কয় যে এই সন্দৰ্ভত চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকে নাজানে । ডব্লিউএফআইয়ে ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত কৰিছে, চৰকাৰী ধন ব্যৱহাৰ কৰিছে আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা নিলম্বিত হোৱা স্বত্বেও পৰীক্ষণ অনুষ্ঠিত কৰিছে । এয়া হতাশাজনক বুলি তেওঁ কয় । যদি পৰীক্ষণ কেৱল ডব্লিউএফআইৰ হাতত থাকে আৰু চৰকাৰে একো নকৰে তেন্তে খেলুৱৈসকলে এই পৰীক্ষণত অংশগ্ৰহণ নকৰে বুলি তেওঁ দাবী কৰে । পুনিয়াই দাবী কৰা মতে সঞ্জয় সিঙে সকলো নিয়মক উপহাস কৰি আছে আৰু চৰকাৰে একো কৰা নাই ।

এই মাহৰ আৰম্ভণিতে, ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক নিলম্বন বিশেষ চৰ্তৰ সৈতে প্ৰত্যাহাৰ কৰে । তিনিওগৰাকী মল্লযুঁজাৰুক উচিত সুযোগ দিয়াৰ লগতে ৰাষ্ট্ৰীয় ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে তেওঁলোকক বৈষম্যমূলক ব্যৱহাৰ কৰা নহ'ব বুলি চৰ্ত সাপেক্ষে নিলম্বন প্ৰত্যাহাৰ কৰা হৈছিল ।

উল্লেখ্য যে বজৰং পুনিয়া, বিনেশ ফোগাট আৰু সাক্ষী মালিকসহ একাংশ মল্লযুঁজাৰুৱে যৌন নিৰ্যাতন সম্পৰ্কী এক বিষয়ক লৈ দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ব্ৰীজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীতো অটল আছে মল্লযুঁজাৰুসকল । ক্ৰীড়া মন্ত্ৰালয়ে গুৰুতৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰ ডব্লিউএফআইক নিলম্বন কৰিছিল আৰু ক্ৰীড়া পৰিক্ৰমা চলাবলৈ এটা এড-হক পেনেল গঠন কৰিছিল ।

সঞ্জয় সিঙৰ নেতৃত্বত নৱ নিৰ্বাচিত সমিতিক মন্ত্ৰালয়ে নিলম্বন কৰিছিল । অৱশ্যে, ইউডব্লিউডব্লিউৰ সমৰ্থনত ডব্লিউএফআইয়ে এতিয়া পৰীক্ষণ চলাই আছে । আমোদজনক ভাৱে, চৰকাৰে ডব্লিউএফআইত পোনপটীয়াকৈ হস্তক্ষেপ কৰিব নোৱাৰে, অন্যথা ইউডব্লিউডব্লিউয়ে ইয়াক নিলম্বন কৰিব আৰু ভাৰতীয় মল্লযুঁজাৰুসকলে মুখ্য প্ৰতিযোগিতাবোৰত ইউডব্লিউডব্লিউৰ বেনাৰত খেলিব লাগিব ।

লগতে পঢ়ক :চৌদি লীগত অভব্য আচৰণৰ অভিযোগ; ৰোনাল্ডোক এখন মেচৰ বাবে নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.