ETV Bharat / politics

ভোটাধিকাৰ সাব্যস্ত কৰিয়ে ইহসংসাৰৰ পৰা মেলানি মাগিলে চন্দ্ৰভানুৱে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:58 PM IST

গোৱালপাৰাত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা ভোটাৰৰ কৰুণ মৃত্যু । মৃত মহিলাগৰাকীৰ নাম চন্দ্ৰভানু নেচা । ২০৮ নং জলডোবা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্রত সংঘটিত হৈছে এই ঘটনা ।

Woman dies after exercising her franchise in Goalpara
ভোটাধিকাৰ সাব্যস্ত কৰিয়ে ইহসংসাৰৰ পৰা মেলানি মাগিলে চন্দ্ৰভানুৱে (ETV Bharat Assam)

ভোটাধিকাৰ সাব্যস্ত কৰিয়ে ইহসংসাৰৰ পৰা মেলানি মাগিলে চন্দ্ৰভানুৱে (ETV Bharat Assam)

গোৱালপাৰা,৭ মে': ৰাজ্যত অন্ত পৰিল লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ । মঙলবাৰে ৫ বজাৰ লগে লগে অন্ত পৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । বিশেষভাৱে সক্ষম ভোটাৰৰ পৰা অশীতিপৰ ভোটাৰেও সাব্যস্ত কৰে ভোটাধিকাৰ । পিছে ইয়াৰ মাজতে এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা অহা খবৰে চকু সেমেকাই তুলিছে সকলোৰে । ভোটাধিকাৰ সাব্যস্ত কৰিয়েই ইহ সংসাৰৰ পৰা মেলানি মাগিলে এগৰাকী ভোটাৰে ।

গোৱালপাৰা জিলাত সংঘটিত হৈছে এই ঘটনা । দেশৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই । গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ২০৮ নং জলডোবা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্রত সংঘটিত হৈছে এই কৰুণ ঘটনা । মৃত মহিলা গৰাকী দামৰিভাষা গাঁৱৰ শ্বাহাদত আলীৰ পত্নী চন্দ্রভানু নেচা বুলি জানিব পৰা গৈছে । স্থানীয় লোকে জনোৱা অনুসৰি মহিলাগৰাকীৰ বয়স ৬৫ বছৰ ।

জানিব পৰা মতে, দুপৰীয়াৰ ভাগত মহিলাগৰাকীয়ে প্ৰতিকূল বতৰকো নেওচি নিজ স্বামীৰ সৈতে ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছিল । নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে ভোটকেন্দ্ৰৰ ভিতৰত অচেতন হৈ ঢলি পৰে চন্দ্ৰভানু । লগে লগে ভোটগ্ৰহণ কেন্দ্ৰত থকা স্বাস্থ্যকৰ্মীয়ে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অচেতন অৱস্থাতে নিজ স্বামীয়ে ঘৰলৈ লৈ যায় ।

পিছে ঘৰ পোৱাৰ আগতেই মহিলাগৰাকীৰ দেহাৱসান হয় । মৃত্যুৰ খবৰ পোৱাৰ মাত্ৰকে পৰিয়ালটোৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । পিছত এক শোকাকুল পৰিৱেশ মাজত মহিলাগৰাকীৰ জানাজাৰ নামাজ সম্পূর্ণ হয় । উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: এফালে মাতৃক হেৰুওৱাৰ বেদনা, আনফালে দেশ মাতৃৰ প্ৰতি দায়ৱদ্ধতা - LOK SABHA ELECTION 2024

গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ 'নিৰ্বাচন': আইতা আহিল ভোট দিবলৈ - LOK SABHA ELECTION 2024

নাই এখন দলং, বাঁহৰ সাঁকো পাৰ হৈ ভোট দিবলৈ ওলাই আহিল সাংসদ দিলীপ শইকীয়াৰ গৃহ গাঁৱৰ ৰাইজ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.