ETV Bharat / politics

কোন হ'ব অসমৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ? - Lok sabha elections

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:22 PM IST

Lok sabha election 2024: এইবাৰৰ ষ্টাৰ কেম্পেইনাৰ প্ৰতিগৰাকী বুথৰ সভাপতি আৰু পৃষ্ঠাপ্ৰমুখ । সমাগত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য হিচাপে প্ৰায় ১০০খন সভা তথা ৰেলীত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে । কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী আৰু নেতাক ষ্টাৰ কেম্পেইনাৰ হিচাপে নিযুক্তি দি ১৫ জনীয়া এখন তালিকা ঘোষণা কৰি প্ৰেৰণ কৰা হৈছে নিৰ্বাচন আয়োগলৈ ।

This time bjps star campaigner is the president of every booth says mp pabitra margherita
পবিত্ৰ মাৰ্ঘেৰিটা

পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাষ্য

গুৱাহাটী, ২২ মাৰ্চ : নিৰ্বাচন আহিলে সাধাৰণতে চৰ্চালৈ আহে ষ্টাৰ কেম্পেইনাৰৰ প্ৰসংগ । কোন দলে কোন ষ্টাৰ কেম্পেইনাৰক নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ কৰাই ভোটাৰৰ মন আকৰ্ষণ কৰিব তাক লৈ সাধাৰণতেই চৰ্চা হয় । অসমত বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে কোনে প্ৰচাৰ চলাব তাক লৈ চৰ্চা অব্যাহত থকা সময়তে আজি ৰাজ্যিক বিজেপিয়ে সমাগত লোকসভা নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ সকলৰ নাম ঘোষণা কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদ মাধ্যমৰ আগত কয় যে দলৰ প্ৰতিগৰাকী বুথৰ সভাপতি, পৃষ্ঠাপ্ৰমুখ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ । দলৰ কার্যকৰ্তাসকলেই ভাৰতীয় জনতা পাৰ্টিৰ মূল আধাৰ । কিন্তু ৰাইজ তথা সংগঠনৰ বিভিন্ন স্তৰৰ দাবীত দলৰ জ্যেষ্ঠ নেতৃবৃন্দ উপস্থিত থকাটো বাঞ্ছনীয় । তেওঁ কয় যে সকলোৱে জানে অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অসমৰ প্ৰতিখন জিলাৰ কাৰ্যকৰ্তা তথা জনসাধাৰণেই কাষত বিচাৰে । এই ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী গৰাকীয়ে সমাগত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য হিচাপে প্ৰায় ১০০খন সভা তথা ৰেলীত অংশগ্ৰহণ কৰিব ।

তেওঁ লগতে কয় যে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ অনুমোদন মৰ্মে কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী তথা দলৰ নেতাক ষ্টাৰ কেম্পেইনাৰ হিচাপে নিযুক্তি দি এখন ১৫ জনীয়া তালিকা ঘোষণা কৰি নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হৈছে । দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভবেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰণজিৎ কুমাৰ দাস, বিমল বৰা, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, অশোক সিংহল, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ড৹ ৰাজদ্বীপ ৰয়, বিধায়ক কৌশিক ৰয়, সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়াক নিযুক্তি প্ৰদান কৰা বুলি তেওঁ লগতে সদৰী কৰে ।

লগতে পঢ়ক : বিৰোধীৰ ইচ্ছ্যুক প্ৰাৰ্থীয়ে নাই : পৱিত্ৰ মাৰ্ঘেৰিটা - Lok Sabha Elections

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.