বিৰোধীৰ ইচ্ছ্যুক প্ৰাৰ্থীয়ে নাই : পৱিত্ৰ মাৰ্ঘেৰিটা - lok sabha elections

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 7:48 PM IST

thumbnail

লখিমপুৰ, 21 মাৰ্চ : লখিমপুৰ লোকসভাত বিৰোধীয়ে প্ৰাৰ্থী ঘোষণা কৰা নাই এতিয়ালৈকে ৷ তাৰ পৰিৱৰ্তে বিজেপি মিত্ৰজোঁটে চলাইছে ব্যাপক সাংগঠনিক তৎপৰতা । লখিমপুৰত বিৰোধীয়ে এতিয়াও ইচ্ছ্যুক প্ৰাৰ্থী বিচাৰি পোৱা নাই বুলি মন্তব্য কৰে পৱিত্ৰ মাৰ্ঘেৰিটাই ৷ কাৰোবাক যদি জোৰকৈ বিৰোধীয়ে প্ৰক্ষেপ কৰে সেই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি মন্তব্য কৰে ৷

ধেমাজি সদৰত জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে এখনি দলীয় সভা অনুষ্ঠিত হয় ৷ সভাত অংশগ্ৰহণ কৰে প্ৰদান বৰুৱা, ৰাজ্যিক নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু, বিধায়ক মানৱ ডেকাকে ধৰি ভালেসংখ্যক দলীয় কৰ্মীয়ে ৷ সভাৰ অন্তত পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে এতিয়াও লখিমপুৰত প্ৰাৰ্থী বিচাৰি পোৱা নাই কংগ্ৰেছ দলে ।

বিজেপিয়ে এতিয়া নিজৰ মাজতে প্ৰতিযোগিতাত নামিছে বুলি পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে ৷ তেওঁ কয় যে কোনে কিমান ভাল প্ৰদৰ্শন কৰিব, সৰ্বাধিক ভোট কোনে পাব তাকে লৈ তেওঁলোকৰ মাজত আলোচনা চলি আছে ৷ প্ৰদান বৰুৱাই বিপুল ভোটত জয় লাভ কৰিব বুলি কয় তেওঁ ।

লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্বাচন আয়োগৰ, শোণিতপুৰৰ এছপি সুশান্ত বিশ্ব শৰ্মাক বদলি - Lok Sabha Elections

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.