ETV Bharat / politics

কংগ্ৰেছে প্ৰক্ষেপ কৰিলেও বৰপেটাত চিপিআই(এম)ৰ প্ৰাৰ্থী থাকিব: মনোৰঞ্জন তালুকদাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 6:38 PM IST

Assam opposition alliance: অসমৰ বিৰোধী ঐক্য আন এক হতাশা । আপ আৰু তৃণমূলৰ পিচত চিপিআই(এম) দলেও অকলে প্ৰাৰ্থী প্ৰক্ষেপৰ প্ৰস্তুতি চলাইছে । অৱশ্যে দলটোৱে কেৱল বৰপেটাৰ আসনখন বিচাৰিছে । বিজেপি আৰু অগপ দলক তীব্ৰ সমালোচনা চিপিআই(এম)ৰ নেতা মনোৰঞ্জন তালুকদাৰৰ ।

Assam opposition alliance
কংগ্ৰেছে প্ৰক্ষেপ কৰিলেও বৰপেটাত চিপিআই(এম)ৰ প্ৰাৰ্থী থাকিব

কংগ্ৰেছে প্ৰক্ষেপ কৰিলেও বৰপেটাত চিপিআই(এম)ৰ প্ৰাৰ্থী থাকিব

বৰপেটা,৭ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে । ইফালে অসমতো বিৰোধী ঐক্য মঞ্চই নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে । অৱশ্যে অসমত আম আদমি পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে পৃথকে প্ৰাৰ্থী প্ৰক্ষেপৰ যো-জা চলাইছে । ইয়াৰ মাজতে বিৰোধী ঐক্য মঞ্চৰ অন্যতম সহযোগী দল চিপিআই(এম)ৰ তৰফৰ পৰাও আহিছে স্পষ্ট ইংগিত ।

যিকোনো প্ৰকাৰে চিপিআই(এম) দলে বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । বৰপেটাত চিপিআই(এম)ৰ বিধায়ক তথা জ্যেষ্ঠ নেতা মনোৰঞ্জন তালুকদাৰে এই কথা ঘোষণা কৰে । নেতাগৰাকীৰ মতে কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেও দলটোৱে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ ইতিমধ্যে দলৰ কেন্দ্ৰীয় নেতৃত্বই এই সম্পৰ্কত অনুমোদন দিছে বুলি তেওঁ উল্লেখ কৰে । অহা ১১ মাৰ্চত কংগ্ৰেছৰ সৈতে আলোচনাত বহাৰ পিচতে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি নেতাগৰাকীয়ে স্পষ্ট কৰে ৷ তেওঁৰ মতে চিপিআই(এম) দলে অসমত মাত্ৰ এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে ।

অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি মনোৰঞ্জন তালুকদাৰে কয় যে মুখ্যমন্ত্ৰীয়ে কয় এটা আৰু কৰে এটা । বিকাশৰ কাম কৰি থকা কথা কৈছে যদিও দিন-নিশাই মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ কামেই কৰি আছে বুলি তেওঁ দাবী কৰে ৷ বিজেপিৰ বিকাশৰ শ্ল'গানো নিৰ্বাচনকেন্দ্ৰিক বুলি তালুকদাৰে দাবী কৰে ৷

নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত চিপিআই(এম)ৰ নেতাগৰাকীয়ে কয় যে দলৰ কেডাৰসকলে প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷ তেওঁৰ মতে চিপিআই(এম)ৰ এটাই লক্ষ্য, বিজেপিক পৰাস্ত কৰিব লাগে ৷ ইফালে অসমৰ শাসকীয় মিত্ৰজোঁটৰ অংশ অসম গণ পৰিষদকো সমালোচনা কৰে চিপিআই(এম)ৰ নেতাগৰাকীয়ে । বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলগীয়া অগপ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই বুলি তেওঁ দাবী কৰে ৷

নেতাগৰাকীৰ মতে অগপই গোপনে কাম কৰি আছে ৷ কা আন্দোলনক লৈ অগপৰ ভূমিকাকো তীব্ৰ সমালোচনা কৰে চিপিআই(এম)ৰ নেতা তথা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ তেওঁৰ মতে বিজেপিতকৈও অগপৰ প্ৰতাৰণাৰ বিষয়ে জনসাধাৰণক বেছিকৈ বুজাব লাগিব । নেতাগৰাকীৰ মতে বিজেপিয়ে ভাবিছে হিন্দু হ'লেই ভোট পাব আৰু অগপই ভাবিছে অসমীয়া হ'লেই ভোট পাব । কিন্তু সেয়া সম্ভৱ নহয় । মনোৰঞ্জন তালুকদাৰৰ মতে এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে । পাঞ্জাব আৰু পশ্চিমবংগৰ বাহিৰে বিৰোধী মিত্ৰজোঁটৰ প্ৰায় ৩০০ আসনত বুজাবুজি হৈছে বুলি তেওঁ ঘোষণা কৰে ।

লগতে পঢ়ক :বৰপেটাত কংগ্ৰেছ নেতাই আৰম্ভ কৰিলেই নিৰ্বাচনী প্ৰচাৰ: সিদ্ধান্ত লোৱাই নাই ইণ্ডি এলায়েন্সে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.