ETV Bharat / politics

নিৰ্বাচনী যুঁজ কংগ্ৰেছৰ গেৰ‍াণ্টি আৰু মোদীৰ ঝুমলাৰ মাজত হ'ব : জয়ৰ‍াম ৰমেশ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:18 PM IST

Jairam Ramesh in Guwahati : গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ । অসমৰ ২২ লাখ পৰিয়ালৰ ওচৰলৈ লৈ যোৱা হ'ব কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ড । কংগ্ৰেছৰ পৰা ওলাই যোৱা সুবিধাবাদী সকলৰ বাবে হাজাৰজনৰ প্ৰৱেশৰ পথ মুকলি হৈছে । বিজেপিৰ ৱাছিং মেছিনলৈ যোৱা সকলৰ ভিতৰত অন্যতম হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । বিজেপি আৰু আৰ এছ এছৰ বিচাৰধাৰাই পুনৰ অক্সিজেন পালে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মণিপুৰৰ অৱস্থা হ'ব বুলি মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ ।

Lok Sabha Election 2024
Jairam Ramesh in Guwahati

জয়ৰাম ৰমেশৰ সংবাদমেল

গুৱাহাটী,১১ এপ্ৰিল: ''ইয়াত কোনো সন্দেহ নাই যে 'ইণ্ডি' মিত্রজোঁটৰ চৰকাৰ হ'লে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলে অংশীদাৰ হোৱাৰ বাবে ৰাজীৱ ভৱনত শাৰী পাতিব । আনহাতে বিজেপিৰ ৱাছিং মেছিনত চাফা হোৱাৰ বাবে যোৱা সুবিধাবাদী সকলো আহিবলৈ বিচাৰিব যদিও আমি কিয় ল'ম ?" - এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এইদৰে কয় । ২০২৪ৰ সাধাৰণ নিৰ্বাচন ইণ্ডিয়া আৰু এন ডি এৰ মাজত হ'ব বুলি সদৰী কৰি তেওঁ কয় যে ২৮টা দলৰে মিত্রতা কৰি কংগ্ৰেছ দল নিৰ্বাচনত অৱতীৰ্ণ হৈছে । বহু দলৰ লগত আসন বুজাবুজি হৈছে যদিও কিছু দলৰ লগত হোৱা নাই । কিন্তু সকলো বিজেপিৰ বিৰুদ্ধে একত্রিত হৈ আছে ।

তেওঁ কয় যে ডিজিটেল ইণ্ডিয়াৰ আজিৰ যুগত নিৰ্বাচন প্ৰক্ৰিয়া ৪২ দিনীয়া কৰাৰ আঁৰত নিৰ্বাচন আয়োগ আৰু নৰেন্দ্ৰ মোদীৰ মনত কি বিচাৰ আছে সেই সম্পৰ্কে তেওঁ জ্ঞাত নহয় । কংগ্ৰেছ দলে আৰ্থিক আৰু সামাজিক ইছ্যুত নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি সদৰী কৰি তেওঁ কয় যে মোদীয়ে এই ইছ্যু সমূহৰ পৰা আঁতৰ‍ি চলে ।

কংগ্ৰেছ দলে পাঁচটা ন্যায় আৰু ২৫ টা গেৰাণ্টি লৈ ৰাইজৰ মাজলৈ গৈছে । দেশৰ আঠ কোটি পৰিয়াল আৰু অসমৰ ২২ লাখ পৰিয়ালৰ ওচৰলৈ কংগ্ৰেছৰ এই গেৰাণ্টি কাৰ্ড লৈ যোৱা হ'ব ।

তেওঁ আৰু কয় যে কংগ্ৰেছৰ এই গেৰাণ্টি ব্যক্তিৰ গেৰ‍াণ্টি নহয় । এইবাৰৰ নিৰ্বাচনী যুঁজ কংগ্ৰেছৰ গেৰ‍াণ্টি আৰু বিজেপি-মোদীৰ ঝুমলাৰ মাজত হ'ব । পূৰ্বৰ কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰা মোদীয়ে এতিয়া পুনৰ গেৰাণ্টিৰ কথা কৈছে । বিজেপি চৰকাৰৰ দহ বছৰীয়া কাৰ্যকালক অন্যায়ৰ কাল আখ্যা দি তেওঁ কয় যে 'ইণ্ডিয়া'ৰ চৰকাৰ হ'লে পাঁচটা ন্যায় প্ৰদান কৰাৰ লগতে ২৫ টা গেৰ‍াণ্টি পূৰণ কৰা হ'ব ।

কংগ্ৰেছৰ পৰা ওলাই যোৱাসকলৰ বাবে দলটো দুৰ্বল হোৱা নাই বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ ফলত হাজাৰজনৰ প্ৰৱেশৰ পথ মুকলি হৈছে । কংগ্ৰেছ দলত থ‍াকি সকলো সুবিধা আদায় কৰাৰ লগতে পৰিচয় লাভ কৰি আন দললৈ গ'লে স্বাভাৱিকতে বেয়া লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা দল কেতিয়াও দুৰ্বল নহয় ।

সুযোগ-সুবিধাৰ বাবে কংগ্ৰেছ ত্যাগ কৰা সকলক গদ্দাৰ আখ্যা দি তেওঁ কয় যে বিজেপিৰ ৱাছিং মেছিনলৈ যোৱাসকলৰ ভিতৰত অন্যতম হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । তেওঁ কয় যে কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিৰ বাবে যুঁজ দি আছে আৰু এই যুঁজ বিচাৰধাৰাৰ তথা সংবিধান-গণতন্ত্ৰ ৰক্ষাৰ যুঁজ । মণিপুৰৰ ঘটনাক তেওঁ ট্ৰেইলাৰ বুলি সদৰী কৰি কয় যে বিজেপি আৰু আৰ এছ এছৰ বিচাৰধাৰাই পুনৰ অক্সিজেন পালে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মণিপুৰৰ অৱস্থা হ'ব ।

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে থকা বিশেষ অনুচ্ছেদত হাত পৰিব । বৰ্তমান সময়ত পৰিৱেশ-পৰিস্থিতি কংগ্ৰেছৰ পক্ষত আছে বুলি সদৰী কৰি তেওঁ পুনৰ কয় যে অহা ৪ জুনত ইণ্ডিয়াৰ চৰকাৰ হ'ব । আনহাতে মোদীয়ে ৪০০ ৰো অধিক আসন লাভ কৰিব বুলি বাৰম্বাৰ কৈ অহা সন্দৰ্ভত তেওঁ কয় যে বিগত সময়ত মোদীয়ে কৰা এনে ধাৰণাৰ বিপৰীত ছবি এখনহে প্ৰতিফলিত হৈছে ।

আসনৰ এই শ্লোগান মোদীৰ সংবিধান সলনি কৰাৰ কৌশলগত প্ৰচেষ্টা বুলি সদৰী কৰি তেওঁ কয় যে সংবিধানৰ কথাই মোদীক পীড়িত কৰে । তেওঁ কয় যে কংগ্ৰেছক বাধা দিয়াৰ বাবে মোদী চৰকাৰে বিভিন্ন ধৰণে আক্ৰমণ চলাই আহিছে যদিও কংগ্ৰেছ দলে কেতিয়াও ভয় নাখায় । প্ৰকৃততে ভয়-ভাবুকি দিয়া সকল ভয়ত আছে ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে প্ৰধানমন্ত্রীয়ে কংগ্ৰেছৰ ইস্তাহাৰক মুছলিম লীগৰ এজেণ্ডা বুলি কোৱাটো অতি লজ্জাজনক কথা । আনহাতে অৰুণাচল প্ৰদেশৰ প্ৰসংগত তেওঁ কয় যে অৰুণাচল ভাৰতৰ অংগ আছিল, আছে আৰু থাকিব । ২০২০ চনৰ ১৯ জুনত সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্রী মোদীয়ে চীনৰ পৰা কোনো অহা নাই আৰু ইয়াত কোনো থকা নাই । প্ৰধানমন্ত্রীৰ এনে বক্তব্যৰ পিচতে চীন উৎসাহিত হৈছিল বুলি সদৰী কৰি ইয়‍াৰ বাবে প্ৰধানমন্ত্রীয়ে দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে বুলি তেওঁ কয় ।

সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ সহ তত্বাৱধায়ক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ মিডিয়া সমন্বয়ক মহিমা সিং, প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি নৱজ্যোতি তালুকদাৰ আৰু প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত আছিল ।

লগতে পঢ়ক: আইন সকলোৰে বাবে সমান; ৰাহুলৰ দৰেই গুৱাহাটীত ৰোড শ্ব' কৰাত অনুমতি নাই প্ৰধানমন্ত্ৰী মোদীৰো - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.