ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি : শাসক-বিৰোধীৰ প্ৰতিক্ৰিয়া - 3 Years of CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 9:06 PM IST

Himanta Biswa Sarma as CM: এতিয়াৰ দৰে উন্নয়ন কংগ্ৰেছৰ দিনতো হৈছিল বুলি কংগ্ৰেছ নেতাৰ মন্তব্য ।‌ কংগ্ৰেছ নেতাৰ মতে, কংগ্ৰেছৰ দিনতে অসমত যি শান্তি প্ৰতিষ্ঠা হৈছিল । আন এগৰাকী বিৰোধী নেতাৰ মতে ৰাজ্যত এতিয়া বিপদৰ ঘণ্টা বাজিছে ৷

Himanta Biswa Sarma as CM
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বকালৰ হিচাপ-নিকাচ (ETV Bharat Assam)

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বকালৰ হিচাপ-নিকাচ (ETV Bharat Assam)

গুৱাহাটী, ১০ মে’ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে তিনি বছৰ সম্পূৰ্ণ কৰিছে । ২০২১ চনৰ আজিৰ দিনটোতে হিমন্ত বিশ্ব শৰ্মাই অসমত বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল । এই তিনিটা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ মন্ত্ৰী, বিধায়কসকলে অসমত উন্নয়নৰ বিশাল যাত্ৰা আৰম্ভ হোৱাৰ লগতে শান্তি প্ৰতিষ্ঠা হোৱা বুলি দাবী কৰি আহিছে ।‌

তাৰ বিপৰীতে বিৰোধী পক্ষই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনি বছৰৰ কাৰ্যকালত ৰাইজক ধাৰৰ বোজা জাপি দিয়াৰ লগতে শান্তি প্ৰতিষ্ঠাক প্ৰহসনত পৰিণত কৰা বুলি অভিযোগ কৰিছে ৷ শাসকীয় বিজেপি দলৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে কয় যে, যোৱা তিনিটা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম শিক্ষা, স্বাস্থ্য আৰু আৰ্থ সামাজিক দিশত আগুৱাই গৈছে ।

বিধায়কগৰাকীয়ে কয়, ‘‘অসমৰ গাঁৱসমূহ উৎপাদনমুখী কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহৰহ চিন্তা কৰি আছে,‌ কাম কৰি আছে । কৃষকৰ‌ মুখত আৰু ছাত্ৰ-ছাত্ৰীৰ মুখত হাঁহি বিৰিঙিছে । অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনে-ৰাতিয়ে কাম কৰি আছে । অহা দহ বছৰৰ অসমৰ উন্নয়নৰ পৰিকল্পনা কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত শান্তি প্ৰতিষ্ঠা হৈছে’’ ৷

ইপিনে বিৰোধী দল কংগ্ৰেছৰ নেতা মেহদী আলম বৰাই কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন আত্মনিৰ্ভৰশীল চৰকাৰ নহয় । ধাৰ লৈ চলি থকা এখন চৰকাৰ । ৰাষ্টা নিৰ্মাণ কৰাটোৱে উন্নয়ন নুবুজায় । উন্নয়ন মানে সংস্থাপন ।‌ বিজেপি চৰকাৰে বিশেষ উন্নয়ন সাধন‌ কৰিব পৰা নাই ।‌ যি উন্নয়ন হৈছে কংগ্ৰেছৰ দিনতে হৈছে ।‌ অসমত যি শান্তি প্ৰতিষ্ঠা হৈছে, সেয়া কংগ্ৰেছৰ দিনতে হৈছে । বিজেপিয়ে মাথো কংগ্ৰেছৰ সাফল্যৰ‌ ওপৰত‌ ভেজা দি আছে’’ ৷

আনহাতে, বিৰোধী দলৰ চিপিআই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, ‘‘বিজেপিৰ‌ শাসনত অসমত ৰাইজে দুৰ্ভোগ ভূগিছে ।‌ মূল্যবৃদ্ধিয়ে‌‌ মানুহক কোঙা কৰিছে । ধাৰৰ‌ বোজা‌ বাঢ়িছে ।‌ ধাৰ লৈ দৰমহা দিবলগীয়া হৈছে । গণতান্ত্ৰিক অধিকাৰ হৰণ‌‌ কৰা‌ হৈছে’’ ৷

উল্লেখ্য যে, শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনি বছৰ সম্পূৰ্ণ কৰিলে যদিও দিছপুৰত নাই চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ উচাহ ৷ এক নিমাওমাও পৰিৱেশে বিৰাজ‌ কৰি‌ আছে দিছপুৰত । মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত আছে চলিত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ৷ ৰাজ্যৰ বাহিৰত বিজেপিৰ হৈ প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

ইপিনে এক্সত মুখ্যমন্ত্ৰীয়ে কয় ‘‘২০২১ চনৰ আজিৰ এই শুভ দিনটোতে মোৰ নেতৃত্বত অসমৰ ৰাইজৰ সেৱা আগবঢ়াবলৈ আমাৰ চৰকাৰক শাসনভাৰ অৰ্পণ কৰা হৈছিল ৷ আজি এই চৰকাৰখনে ৩ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে অসমক ভাৰতৰ শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত অন্যতম কৰি তুলিবলৈ অক্লান্তভাৱে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ । এই তিনি বছৰীয়া যাত্ৰাত আপোনালোকৰ সম্পূৰ্ণ সঁহাৰি, আশীৰ্বাদ আৰু একান্ত সহযোগিতাৰ বাবে সদৌটিকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ’’ ৷

লগতে পঢ়ক: হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তি; দিশপুৰ কিন্তু নিমাওমাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.