ETV Bharat / politics

আকৌ টিকট পাব প্ৰদান বৰুৱাই ! কি কয় সাংসদগৰাকীয়ে ?

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 7:11 PM IST

MP Pradan Baruah
লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ মন্তব্য

Lakhimpur Lok Sabha: অতি শীঘ্ৰে ঘোষিত হোৱাৰ পথত বিজেপিৰ 11 খন আসনৰ প্ৰাৰ্থী তালিকা ৷ সম্ভাৱনা অনুসৰি লখিমপুৰত প্ৰদান বৰুৱায়েই পুনৰ লাভ কৰিব টিকট ৷ এই সন্দৰ্ভত সাংসদগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ মন্তব্য

ধেমাজি, 1 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে প্ৰতিটো দল ৷ তাৰ মাজতে সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে ৰাজ্যৰ কোন সমষ্টিত বিজেপিৰ কোনে প্ৰতিদ্বন্দিতা আগবঢ়াব তাক লৈ ৷ টিকটক লৈ ইতিমধ্যে অন্যান্য দলসমূহৰ লগতে বিজেপিয়েও চিন্তা-চৰ্চা, আলোচনা অব্যাহত ৰাখিছে ৷

টিকটৰ সন্দৰ্ভত আলোচনাৰ বাবেই বৃহস্পতিবাৰে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ নতুন দিল্লীত ভাৰতীয় জনতা পাটীৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত আসনৰ সন্দৰ্ভত আলোচনা কৰে নেতা দুগৰাকীয়ে ৷ তেনে সময়তে অসম বিজেপিৰ এখন সম্ভাব্য প্ৰাৰ্থী তালিকাও চৰ্চিত হয় ৷

বিজেপিয়ে যদিও এই পৰ্যন্ত আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই, তথাপিও ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা পুনৰ প্ৰদান বৰুৱাই প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত সাংসদগৰাকীয়ে মতামত প্ৰকাশ কৰে ৷

সাংসদগৰাকীয়ে কয় যে টিকটৰ সন্দৰ্ভত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা চলি আছে ৷ আলোচনাৰ অন্তত দলে তালিকা প্ৰকাশ কৰিব ৷ তাৰ পিচতহে জানিব পৰা যাব কোনে ক’ত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

যিসকল লোকক দলে টিকট দিম বুলি ভাবি থৈছে, অথবা যাক দিব বুলি পৰ্যালোচনা কৰিছে তেওঁলোককেই দিব ৷ কোনোবাই কৌশলপূৰ্ণভাৱে ইফাল-সিফাল কৰিব নোৱাৰে বুলি মন্তব্য কৰে সাংসদ প্ৰদান বৰুৱাই ৷ বিজেপি দল প্ৰথমে দেশ, তাৰ পিচত দল আৰু শেষতহে ব্যক্তি বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে দলে যি সিদ্ধান্ত লয় সেই অনুসৰিয়েই কাম কৰিব লাগিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক: নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.