ETV Bharat / politics

নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 3:19 PM IST

Congress leader resign: প্ৰাক্তন মন্ত্ৰী তথা প্ৰভাৱশালী কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ঘনিষ্ঠ আবু বক্কৰ ছিদ্দিকে শুকুৰবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে । নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল ছিদ্দিক । নেতাগৰাকীৰ পদত্যাগৰ পিচতে জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Congress leader resign
নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

নগাঁও,১ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমত কংগ্ৰেছ নেতাৰ পদত্যাগৰ জোৱাৰ উঠিছে । ইজনৰ পিচত সিজন কংগ্ৰেছ নেতাৰ পদত্যাগে তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে । কিছুদিন পূৰ্বে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই দলত্যাগ কৰি বিজেপিত যোগদানৰ পিচত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।

Congress leader resign
নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

ৰাণা গোস্বামীৰ পদত্যাগক লৈ কংগ্ৰেছ মহলত সৃষ্টি হোৱা ধুমুহা অব্যাহত থকাৰ মাজতে শুকুৰবাৰে হঠাৎ পদত্যাগ কৰে কংগ্ৰেছৰ প্ৰবল প্ৰতাপী নেতা ৰকিবুল হুছেইনৰ এগৰাকী ঘনিষ্ঠ কংগ্ৰেছ নেতাই । নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ৰকিবুল হুছেইনৰ ঘনিষ্ঠ বুলি পৰিচিত নেতা আবু বক্কৰ ছিদ্দিকে শুকুৰবাৰে পদত্যাগ কৰে । হঠাৎ জিলা কংগ্ৰেছে সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকা আবু বক্কৰ ছিদ্দিকে পদত্যাগ কৰাৰ লগে লগে নগাঁও কংগ্ৰেছত উত্তেজনাৰ সৃষ্টি হৈছে ।

প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ আবু বক্কৰ ছিদ্দিক ওৰফে চেলিমে পদত্যাগৰ কাৰণ ৰাজহুৱা কৰা নাই যদিও নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ আৰম্ভ হোৱা খোৱা-কামোৰাত অতিষ্ঠ হৈ দলত্যাগ কৰা বুলি চর্চা আৰম্ভ হৈছে বিভিন্ন মহলত । উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে ইতিমধ্যেই নগাঁও লোকসভা সমষ্টিৰ লগতে ৰাজ্যৰ আন সমষ্টিৰ বাবেও প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত কৰিছে । কিন্তু এই পৰ্যন্ত সৰ্বাধিক চৰ্চিত লোকসভা সমষ্টি নগাঁৱৰ প্ৰাৰ্থীক লৈ অনিশ্চয়তাত আছে বিৰোধী কংগ্ৰেছ ।

নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পাখি কাটি পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ যথেষ্ট আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত । ইফালে নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও শেহতীয়াকৈ গৌৰৱ গগৈৰ নাম চূড়ান্ত হোৱা বুলি চর্চা আৰম্ভ হোৱাৰ পিচতে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ নেতা আবু বক্কৰ ছিদ্দিকে পদত্যাগ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক :প্ৰাৰ্থিত্বৰ আশাত নহয়, ৰাইজৰ বাবে কাম কৰাৰ আশাতহে গেৰুৱা হ’ল ৰাণা গোস্বামী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.