ETV Bharat / politics

টিকট লাভ কৰাৰ পিচত কামাখ্যা প্ৰসাদ তাছাৰ প্ৰথম প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 8:27 PM IST

Kamakhya Prasad Tasa: টিকট লাভৰ পিচত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কামাখ্য প্ৰসাদ তাছাই ৷ বিজেপিৰ কাৰ্যকৰ্তাসকল যথেষ্ট সুখী আৰু উৎসাহী হৈছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

Kamakhya Prasad Tasa
সাংসদ কামাখ্যা প্ৰসাদ তাছা

সাংসদ কামাখ্যা প্ৰসাদ তাছা

কাজিৰঙা, 3 মাৰ্চ: অহা ১২ মাৰ্চত জাৰি কৰা হ’ব অধিসূচনা ৷ তাৰ পূৰ্বে শাসকীয় বিজেপি দলে কিছু সংখ্যক সমষ্টিত ঘোষণা কৰিছে লোকসভাৰ টিকট ৷ অসমৰ ১১ সমষ্টিত বিজেপিয়ে ঘোষণা কৰিছে লোকসভাৰ টিকট ৷

নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ তিনিগৰাকীকৈ কেবিনেট মন্ত্ৰী থকা সমষ্টিটোটোত বিজেপিয়ে ভোটাৰক আকৰ্ষিত কৰিবলৈ বিভিন্ন কাৰ্যপন্থা ইতিমধ্যেই হাতত লৈছে ৷ মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তই কাজিৰঙা লোকসভা সমষ্টি দখললৈ আনিবলৈ বিভিন্ন পৰিকল্পনা কৰিছে ৷

তদুপৰি, কামাখ্যা তাছাৰ নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত আছে নিজৰ প্ৰভুত্ব ৷ পূৰ্বতে কামাখ্যা প্ৰসাদ তাছা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা হৈ থাকোতে এই বৃহত্তৰ এলেকাত আছিল সঘন আহ-যাহ ৷ আনকি, বিভিন্নজনৰ সৈতে আছে সু-সম্পৰ্ক ৷

লক্ষ্যণীয় কথাটো হ'ল, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ইতিমধ্যেই আন সমষ্টিলৈ যাবলৈ মন মেলিছে ৷ যাৰ বাবে কলিয়াবৰ লোকসভা সমষ্টিৰ মূল ভূ-খণ্ড থকা নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত বিৰোধী দলৰ নাই কোনো শক্তিশালী প্ৰাৰ্থী ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ৰ’জলিনা তিৰ্কীক প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিলেও কাজিৰঙা লোকসভা সমষ্টি একপ্ৰকাৰ শাসকীয় বিজেপিৰ হাতলৈ যোৱাৰ সম্ভাৱনাই অধিক ৷

আনহাতে, বিশেষকৈ গোলাঘাট আৰু নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা লোকসভা সমষ্টিত আছে বহু চাহ বাগিচা ৷ এই চাহ বাগিচাত কংগ্ৰেছৰ আধিপত্য নাথাকিবৰ বাবে কাজিৰঙা সমষ্টি একপ্ৰকাৰ কামাখ্যা প্ৰসাদ তাছাই দখল কৰাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে ৷ ইপিনে, শাসকীয় বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিচতেই দেওবাৰে কাজিৰঙাত উপস্থিত হয় বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৷

লগতে পঢ়ক: ৰাইজৰ লগত আলোচনাৰ পিচতহে সিদ্ধান্ত ল’ব ফণীভূষণ চৌধুৰীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.