আমি এতিয়া ১৫ দিন জিৰণি ল'ম : মানৱ ডেকা - Lok Sabha election 2024
Lakhimpur MLA Manab Deka: নিৰ্বাচনী সভাত অংশগ্রহণ কৰি ভোট বিচৰা নাই লখিমপুৰৰ বিধায়ক মানৱ ডেকাই । শনিবাৰে নগৰৰ সমীপৰ কদম বধাকৰা আদি অঞ্চলত নিৰ্বাচনী সভাত অংশগ্রহণ কৰি বিধায়কগৰাকীয়ে ৰাইজকহে নিৰ্বাচন খেলিবলৈ আহ্বান জনায় ।

Published : March 30, 2024 at 10:08 PM IST
লখিমপুৰ, ৩০ মাৰ্চ: চৌদিশে শাসক-বিৰোধী দলে সভা সমিতি অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মন জয় কৰি জনমত আদায়ৰ চেষ্টা কৰিছে । নানা প্ৰতিশ্ৰুতিৰে ৰাইজৰ মন জয় কৰি ভোট ভিক্ষা কৰিছে । পিছে লখিমপুৰ লোকসভা সমষ্টিত দেখা গ'ল এক ব্যতিক্রমী দৃশ্য । নিৰ্বাচনী সভাত অংশগ্রহণ কৰি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কিন্তু দলীয় প্রার্থীৰ বাবে ভোট বিচৰা নাই । ৰাইজৰ সন্মুখত বিধায়কগৰাকীয়ে স্পষ্টভাৱে ঘোষণা কৰে যে তেওঁ দলীয় প্রার্থীৰ হৈ ৰাইজৰ ওচৰত ভোট বিচাৰি অহা নাই । কথাটো অবিশ্বাস্য যেন লাগিলেও সঁচা । লখিমপুৰ নগৰৰ সমীপৰ কদম, বধাকৰা আদি এলেকাত শনিবাৰে কেইবাখনো সভাত অংশগ্রহণ কৰি বিধায়ক মানৱ ডেকাই ৰাইজৰ সন্মুখত এই কথাই ক'লে ।
- " class="align-text-top noRightClick twitterSection" data="">
তেওঁ কয় ," আমি যোৱা পাঁচটা বছৰত ১৮ শ ঘন্টা কষ্ট কৰি কাম কৰিছো । এতিয়া ৰাইজে ১৫ দিন কাম কৰক । আমি এতিয়া ১৫ দিন জিৰণি লম । এই ১৫ দিনৰ দায়িত্ব ৰাইজৰ । ৰাইজে আমি কৰা কাম-কাজৰ মূল্যায়ন কৰি নিৰ্বাচনত নামক । " তেওঁ পুনৰ কয় যে সাত শত্রুৱেও এটা কথা স্বীকাৰ কৰিব যে স্বাধীনতাৰ ৭০ বছৰত অন্য দলে যিমান উন্নয়ন কৰিলে তাৰ তুলনাত দেশত যোৱা দহটা বছৰত আৰু অসমত পাঁচটা বছৰত বহুত বেছি উন্নয়ন হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই যিমান কৰিছে সেয়া পূৰ্বৰ কোনো চৰকাৰৰ দিনত হোৱা নাছিল ।
বিগত সময়ত কংগ্রেছে কি কৰিলে আৰু বৰ্তমান বিজেপি চৰকাৰে কি কৰিলে এই সকলোবোৰ পৰ্যালোচনা কৰি এতিয়া ৰাইজে নিৰ্বাচন খেলিব লাগিব বুলি তেওঁ উল্লেখ কৰি কয়,"কাক ভোট দিব সেয়া ৰাইজৰ বিচাৰ্য বিষয় । " বিধায়ক ডেকাই আৰু কয় যে উন্নয়নী কামৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা অথবা বিধায়ক মানৱ ডেকাৰ নহয়, এয়া তেওঁলোকে দায়িত্বহে পালন কৰিছে । কৃতিত্ব দিয়াৰ সলনি তেওঁ ৰাইজক আশীৰ্বাদ দিবলৈহে আহ্বান জনায় । ভাষণ প্ৰসংগত তেওঁ কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক সমালোচনা কৰে ।
লগতে পঢ়ক:১১ খন আসনত বিজেপিৰ এশ শতাংশ জয় নিশ্চিত : তপন কুমাৰ গগৈ - Lok Sabha Election 2024

