১১ খন আসনত বিজেপিৰ এশ শতাংশ জয় নিশ্চিত : তপন কুমাৰ গগৈ - Lok Sabha Election 2024
Jorhat LS seat : যোৰহাট লোকসভা সমষ্টিত বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ ৷ নিৰ্বাচনক লৈ প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷

Published : March 30, 2024 at 8:53 PM IST
যোৰহাট, 30 মাৰ্চ : "জনসাধাৰণে সিদ্ধান্ত লৈছে, নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী বনাব লাগে ৷ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত মই বিপুল ভোটত জয়লাভ কৰিম ৷" এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ ৷ টীয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে বিজেপি প্ৰাৰ্থীজনে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ক্ৰমে চমু চাপি অহা লোকসভা নিৰ্বানক লৈ প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীজনে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ লোকসভা সমষ্টিটোৰ অন্তৰ্গত টীয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্ততো বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ ব্যাপক নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷ শনিবাৰে যোৰহাট জিলাৰ নিকটৱৰ্তী পটিয়াগাঁৱত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তপন কুমাৰ গগৈয়ে কয় যে, ৰাজ্যত বিজেপিৰ 11খন আসনত জয় এশ শতাংশ নিশ্চিত আৰু তিনিখন আসনত জয়ৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে দলটোৱে ৷
আনহাতে কংগ্ৰেছৰ তিনিগৰাকীকৈ শীৰ্ষ নেতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰা সন্দভত তপন কুমাৰ গগৈয়ে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে বিজেপি দলত যোগদান কৰিছে ৷ সকলোকে বিজেপিয়ে আঁকোৱালি লৈছে আৰু যোগদান প্ৰক্ৰিয়া ধাৰাবাহিক ভাৱে অব্যাহত থাকিব বুলিও কয় বিজেপি প্ৰাৰ্থীজনে ৷ আনহাতে তপন কুমাৰ গগৈয়ে যোৰহাট জিলাৰ অন্তৰ্গত টীয়ক বিধানসভা সমষ্টিৰ টিয়ক পৌৰসভা,পীড়াকটা, ধাৰীগাঁও, দলৈগাঁও, হাতীগড়, কাছ গড়াল, কাঠনিয়াৰকুৰী, বাহনা, ৰংদৈ, পটীয়াগাঁও তিনিআলি, জানখনা, খুটীয়াপোটি সহ 12 টা স্থানত ধাৰাবাহিকভাৱে নিশা পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷ এই নিৰ্বাচনী সভাত কংগ্ৰেছৰ ব্লক পৰ্যায়ৰ বহু নেতা আৰু কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
লগতে পঢ়ক : পুনৰ তিনি কংগ্ৰেছ নেতাই যোগদান কৰিলে বিজেপিত - Assam Congress Leader Joins BJP

