ETV Bharat / politics

শিৱসাগৰত নিৰ্বাচন খেলক মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 4:20 PM IST

Updated : Feb 10, 2024, 9:03 AM IST

Akhil Gogoi: বিজেপিৰ মুখা খোল খাই যাব ৷ যদিহে বিধান সভাত বিজেপি দলৰ সমান আন দলসমূহে সময় লাভ কৰে ৷ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই শুকুৰবাৰে বহু কথা ক’লে বিধায়ক অখিল গগৈয়ে ৷

Akhil Gogoi
ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অখিল গগৈৰ

ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অখিল গগৈৰ

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : বিধান সভাৰ চলিত বাজেট অধিৱেশনত সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বিতৰ্ক যুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে ৷ সদনৰ মজিয়াত পৰ্যাপ্ত সময় লাভ নকৰাৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীলৈ সদনত এটা দিন অসমৰ অৰ্থনীতিক বিষয় হিচাবে লৈ বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৷

ৰাজ্যপালৰ ভাষণৰ ওপৰত মুখ্যমন্ত্ৰীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ভাষণক সাম্প্ৰদায়িক ভাষণ আখ্যাৰে আজি সদনৰ বাহিৰত বিধায়ক অখিল গগৈয়ে মন্তব্য কৰে যে বিধান সভাত কালি মুখ্যমন্ত্ৰীৰ বক্তব্য সাম্প্ৰদায়িক মন্তব্যৰ বাদে আন একো নহয় ৷ কালি বিধান সভাত মুখ্যমন্ত্ৰীয়ে যি বক্তব্য প্ৰদান কৰিছে, যি যি যুক্তি প্ৰদান কৰিছিল, অখিল গগৈৰ যুক্তি খণ্ডন কৰিবৰ কাৰণে যিসমূহ কথা কৈছিল, তাৰ প্ৰতিটোৰে প্ৰতিযুক্তি বা তথ্য বিধায়কগৰাকীৰ হাতত আছে ৷

মুখ্যমন্ত্ৰীক সদনত এটা দিন বিশেষ বিতৰ্কৰ বাবে নিৰ্ধাৰণ কৰিবলৈ প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ যদি সাহস আছে তেন্তে ৰাজ্যপালৰ ভাষণৰ ওপৰত বিধায়কগৰাকীয়ে যিসমূহ বক্তব্য প্ৰদান কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে যিসমূহ উত্তৰ দিছিল সেইসমূহ যুক্তি আৰু কথা-বতৰাৰ সন্দৰ্ভত সদনত এটা দিনৰ বিতৰ্ক কৰিবলৈ মুখ্যমন্ত্ৰীক তেওঁ প্ৰত্যাহ্বান জনাইছে । মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয় যে বিধান সভাত কেৱল এটা দিন লোৱা হওক । তেওঁলোকে অসমৰ অৰ্থনীতিৰ ওপৰত কথা পাতিব ৷

অসমৰ অৰ্থনীতি বিজেপি চৰকাৰে কেনেদৰে নিব খুজিছে আৰু আচলতে অসমৰ অৰ্থনীতি কেনেকুৱা হোৱা উচিত তাৰ আলোচনা কৰাৰ বাবে মাত্ৰ এটা দিনৰ কাৰ্যসূচী ল’বলৈ আহ্বানেৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় অখিল গগৈয়ে ৷ উক্ত নিৰ্ধাৰিত দিনটোৰ কাৰ্যসূচীত প্ৰতিটো দলক সমান সমান সময় প্ৰদান কৰাৰো আহ্বান জনায় অখিল গগৈয়ে । অৰ্থাৎ বিজেপি দলে যিমান সময় পাব, সিমান সময় কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল, চিপিআই দলেও পাব লাগিব বুলি কয় শিৱসাগৰৰ বিধায়কগৰাকীয়ে ৷

বিধান সভাত সকলোকে সমান দিলে বিজেপি চৰকাৰৰ মুখা খুলি দিব বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে কালি ৰাজ্যপালৰ ভাষণৰ ওপৰত আলোচনাত তেওঁলোকে দেখুৱাই দিছিল যে আজিৰ দিনটোত অসমৰ প্ৰতিজন মানুহৰ বাৰ্ষিক আয় ১ লাখ ১৮ হাজাৰ টকা । এই সময়ত গোৱাৰ নিচিনা এখন ৰাজ্যৰ জনমূৰি আয় ৫ লাখৰ ওপৰত ৷ চুবুৰীয়া ৰাজ্য ছিকিমৰ জনমূৰি আয় ৪ লাখ ৮০ হাজাৰতকৈ ওপৰত ।

২০১৬ চনত ৰাজ্যৰ বিজেপি চৰকাৰৰ দিনত জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ৩৪ খন ৰাজ্যৰ ক্ষেত্ৰত দেশৰ ৩৪ খন ৰাজ্যৰ ভিতৰত অসম ১৭ নম্বৰত আছিল । আজিও ১৭ নম্বৰত আছে । জনমূৰি আয়ৰ ক্ষেত্ৰত অসমৰ অলপো উন্নতি হোৱা নাই বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰশ্নৰ সদুত্তৰ দিব নোৱাৰিলে ।

আনহাতে উজনি অসমৰ কথা কৈ থকাতকৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াভাৱে শিৱসাগৰ সমষ্টিত অৰ্থাৎ অখিল গগৈৰ লগত নিৰ্বাচন খেলক বুলি কৈ বিধায়কগৰাকীয়ে প্ৰত্যাহ্বান জনায় যে হিমন্ত বিশ্ব শৰ্মাই তেওঁক হৰুৱাই দেখুৱাওক ৷ ড৹ শৰ্মা যদি অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচনত জয়ী হয় তেন্তে তেওঁৰ বিৰুদ্ধে শত্ৰু নোহোৱা হ’ব বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ দুঘণ্টা ভাষণৰ ডেৰ ঘণ্টা অখিল গগৈকে গালি পাৰে বিধান সভাত ৷

আনহাতে মুখ্যমন্ত্ৰীয়ে বীৰ লাচিতক অসমীয়া বীৰৰ পৰা হিন্দু বীৰ সজাবলৈ চেষ্টা কৰাৰ অভিযোগ তুলি অখিল গগৈয়ে কয় যে লাচিত বৰফুকনক অসমীয়া বীৰৰ পৰা হিন্দু বীৰলৈ পৰ্যবসিত কৰিবলৈহে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে ৷ আলাবৈ ৰণৰ ঠাইখিনি ৰাজ্যিক আৰ্কিঅ’লজী ডিপাৰ্টমেণ্টক প্ৰথমে অখিল গগৈয়ে দেখুৱাই দিছিল ৷ এতিয়া মুখ্যমন্ত্ৰীয়ে ক্ৰেডিট ল’বলৈ খুজিছে ।

ইয়াৰ উপৰিও আহোম জাতি জনজাতিকৰণৰ প্ৰসংগতো মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ হিমন্ত বিশ্ব শৰ্মাই আহোমক বেয়া পায়, কিন্তু বিজেপিয়ে আহোমক ভাল নাপায় বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈয়ে আহোমসকলক ভালেই পায়, তেন্তে ৬ জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰি দেখুৱাওক । তেতিয়াহে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক বৰ্ণবাদী নহয় বুলি ক’ব বুলি কয় ৷

এনেই আহোমক টুপী পিন্ধাবলৈ চেষ্টা কৰি লাভ নাই বুলি মন্তব্য কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে আহোম জাতি হ’ল ৬০০ বছৰ ৰাজত্ব কৰা এটা অতি শক্তিশালী জাতি ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ বিমান ভ্ৰমণৰ ব্যয়; সংসদত আলোচনা বিচাৰিলে গৌৰৱ গগৈয়ে

Last Updated : Feb 10, 2024, 9:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.