ETV Bharat / politics

গৌৰৱ গগৈৰ সভালৈ মানুহ কিয় যায় ক’লে মন্ত্ৰী যোগেন মহনে - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 12:50 PM IST

Minister jogen mohan criticizes Gaurav Gogoi's election campaign
গৌৰৱ গগৈৰ সভালৈ মানুহ কিয় যায় ক’লে মন্ত্ৰী যোগেন মহনে

Lok sabha Election 2024 : কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণ মন্ত্ৰী যোগেন মহনৰ ৷ বহুত ভোটত গৌৰৱ গগৈ হাৰিব বুলি ক'লে যোগেন মহনে ৷

গৌৰৱ গগৈৰ সভালৈ মানুহ কিয় যায় ক’লে মন্ত্ৰী যোগেন মহনে

মৰাণ, 14 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে তৎপৰতা বাঢ়িছে ৰাজনৈতিৰ নেতা-কৰ্মীৰ ৷ দিনক দিনে তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ সমান্তৰালভাৱে যোৰহাট লোকসভা সমষ্টিত লক্ষণীয় হৈ উঠিছে ৰাজনৈতিক পৰিৱেশ । বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক দ্বিতীয়বাৰৰ বাবে জয় কৰাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী-বিধায়ক এতিয়া ব্যস্ত হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিত ।

তপন কুমাৰ গগৈৰ হৈ কেবিনেট মন্ত্ৰীসকলে পঞ্চায়তে পঞ্চায়তে সভা অনুষ্ঠিত কৰি চলাইছে প্ৰচাৰ । শনিবাৰে গৰু বিহুৰ দিনটোত দিনযোৰা কাৰ্যসূচীৰে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ।

মন্ত্ৰী যোগেন মহনৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডোমৰদলং, হাজোৱা, হিংৰিজান, খুমটাই চাহ বাগিচাৰ লগতে বটামৰা, কচুমাৰী, কাকতিবাৰী, ৰামনগৰ আদি অঞ্চলত গৌৰৱ গগৈয়ে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত নিশা মন্ত্ৰী যোগেন মহনে গৌৰৱ গগৈক সংবাদ মাধ্যমৰ আগত তীব্ৰ কটাক্ষ কৰে ।

মন্ত্ৰীগৰাকীয়ে কয়, "গৌৰৱ গগৈয়ে চাহ বাগিচাৰ লাইনে লাইনে এতিয়া হে গৈছে ৷ আমাৰ লাইনে লাইনে শক্তিশালী সংগঠন আছে । তেওঁ আজি চাহ বাগিচাৰ লাইনত গৈছে বাবে গৌৰৱ গগৈ ওখ নে চাপৰ চাবলৈহে সভাসমূহত মানুহ হৈছে ।" ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী সন্দৰ্ভত কয়, "বহুত ভোটত হাৰিব গৌৰৱ গগৈ । আমি ৰাইজৰ লগত থাকি কাম কৰি আছো ৰাইজে ভোট দিব ।"

আনহাতে, ৰাজনৈতিক ব্যস্ততাৰ মাজতো মন্ত্ৰী যোগেন মহনে বিহুগীত জুৰি অসমবাসী ৰাইজলৈ জনালে বিহুৰ শুভেচ্ছা । ৰাজনীতি আৰু বিহু একেলগে চলাই নিব বুলি কয় মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীগৰাকীয়ে কয়, "এই বিহুৱে জাতিক সংকল্প ল'বলৈ শিকায় । জাতিৰ বৈশিষ্ট্য বিহুয়ে বজাই ৰাখিছে । নিৰ্বাচনৰ বতৰতো বিহুৰ মাদকতা ম্লান পৰা নাই ।"

লগতে পঢ়ক: কোন হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি; চৰ্চাত মন্ত্ৰী যোগেন মহনৰ নাম - Assam state BJP president

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.