ETV Bharat / politics

গুৱাহাটী লোকসভা সমষ্টি : প্ৰতিদ্বন্দ্বিতাত নামিছে আঠগৰাকী প্ৰাৰ্থীয়ে - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 6:56 AM IST

LOK SABHA POLLS : দহটা বিধানসভা সমষ্টিৰে গঠিত গুৱাহাটী লোকসভা সমষ্টিৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২১৭৯ টা । সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২০,৩৬,৮৪৬ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১০,০১,২০০ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১০,৩৫,৫৮৮ গৰাকী । আনহাতে সমষ্টিটোত আছে তৃতীয় লিংগৰ ৫৮ গৰাকী ভোটাৰ ।

LOK SABHA ELECTION 2024
আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন (ETV BHARAT ASSAM)

গুৱাহাটী, ৭ মে’ : লোকসভা নিৰ্বাচনৰ আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । অসমৰ চাৰিটা সমষ্টিত আজি ভোটযুদ্ধ । চাৰিটা সমষ্টিৰ ভিতৰত আছে অন্যতম গুৱাহাটী লোকসভা সমষ্টি । সকলোৰে দৃষ্টি থকা সমষ্টিটোত স্বচ্ছ-নিকা আৰু শান্তিপূর্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনে ।

পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । লক্ষণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত অনুষ্ঠিত কৰা এই নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছে । প্ৰায় প্ৰতিটো সমষ্টিৰে সীমা আৰু জনগাঁথনিৰ ব্যাপক সাল-সলনি ঘটোৱা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্গত দহটা বিধানসভা সমষ্টি আছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত ইয়াৰ সালসলনি কৰা হয় যদিও বিধানসভা সমষ্টি সংখ্যা একেই আছে ।

LOK SABHA ELECTION 2024
আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন (ETV BHARAT ASSAM)

উল্লেখ্য যে বেছিভাগ সময় কংগ্ৰেছৰ দখলত থকা গুৱাহাটী লোকসভা সমষ্টিটোত কোনো এটা দল নাইবা প্ৰাৰ্থীক সমষ্টিবাসীয়ে দুবাৰৰ বেছি থাকিবলৈ দিয়া নাই যদিও বিজেপিৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখা গৈছে । বিগত তিনিটা নিৰ্বাচনত সমষ্টিটোৰ ৰাইজে বিজেপিৰ পক্ষতে সমৰ্থন আগবঢ়াই আহিছে । আনহাতে বিগত তিনিটা কাৰ্যকালত গুৱাহাটী সমষ্টিটো মহিলাই প্ৰতিনিধিত্ব কৰি আহিছে । এইবাৰো আছে মহিলা প্ৰাৰ্থী ৷

LOK SABHA ELECTION 2024
আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন (ETV BHARAT ASSAM)

সমষ্টিটোৰ ৰাইজে এইবাৰ কাক দিল্লীলৈ পঠাব সেয়া ৪ জুনৰ ফলাফলতহে জানিব পৰা যাব ।

গুৱাহাটী লোকসভা সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থী :

  • বিজেপিৰ বিজুলী কলিতা মেধি
  • কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী
  • ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী
  • বহুজন মহাপাৰ্টীৰ চেজন গয়াৰী
  • একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা
  • ভোটাৰ্চ পাৰ্টী ইন্টাৰনেশ্যনেল দলৰ দীপক কুমাৰ বড়ো
  • নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ
  • নিৰ্দলীয় প্ৰাৰ্থী কৰ্ণেল গোকুল চন্দ্ৰ সিংহ
    LOK SABHA ELECTION 2024
    আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন (ETV BHARAT ASSAM)

গুৱাহাটী সমষ্টিৰ ভোটাৰ আৰু ভোটকেন্দ্ৰ :

দহটা বিধানসভা সমষ্টিৰে গঠিত গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰৰ ৰূপৰেখা হৈছে -

  • মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ২১৭৯ টা
  • মুঠ ভোটাৰ ২০,৩৬,৮৪৬ গৰাকী
  • পুৰুষ ভোটাৰ ১০,০১,২০০ জন
  • মহিলা ভোটাৰ ১০,৩৫,৫৮৮ গৰাকী
  • তৃতীয় লিংগৰ ভোটাৰ ৫৮ গৰাকী

কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত আছে

  • ২৬ টা আদৰ্শ ভোটকেন্দ্ৰ
  • মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১০০ টা
  • কামৰূপ মহানগৰ জিলাত নিয়োজিত ১২৮৩ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৪৬২০ গৰাকী পলিং বিষয়া
  • জিলাখনত ৫৬৪ টা ৱেব কাষ্টিংৰ ব্যৱস্থা
  • কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৭৯ টা ভোটগ্ৰহণ কেন্দ্ৰ সংকটপূৰ্ণ, ৮৭ টা অসুৰক্ষিত আৰু ৫ টা কেন্দ্ৰ দুৰ্গম এলেকাৰ

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত গুৱাহাটী সমষ্টিটোৰ কিছু সাল-সলনি হৈছে যদিও বিধানসভা সমষ্টি সংখ্যা পূৰ্বৰ দৰে দহটাই আছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টি হৈছে -

  • পশ্চিম গোৱালপাৰা (এছ টি)
  • দুধনৈ (এছ টি)
  • ছমৰীয়া
  • বকো-ছয়গাঁও (এছ টি)
  • পলাশবাৰী
  • দিছপুৰ
  • ডিমৰীয়া (এছ চি)
  • নিউ গুৱাহাটী
  • গুৱাহাটী চেণ্ট্ৰেল
  • জালুকবাৰী

গুৱাহাটী লোকসভা সমষ্টিৰ ২০১৯ৰ লোকসভা নিৰ্বাচন : বিগত নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা আছিল মুঠ ২১,৭৮,৬১৭ গৰাকী । ইয়াৰে ১১,০০৭৪৬ জন পুৰুষ আৰু ১০,৭৭,৭৯৬ গৰাকী মহিলা ভোটাৰ । আনহাতে তৃতীয় লিংগৰ ভোটাৰ আছিল ৭৮ গৰাকী । সমষ্টিটোত আছিল ২৫৯২টা ভোটকেন্দ্ৰ ।

২০১৯ ৰ নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৭গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । বিগত নিৰ্বাচনত বিজেপিয়ে বিজয়া চক্ৰৱৰ্তীৰ বিপৰীতে কুইন ওজাক টিকট দিছিল । কংগ্ৰেছৰ পৰা অৱতীৰ্ণ হৈছিল ববিতা শৰ্মা । তৃণমূল কংগ্ৰেছৰ মনোজ শৰ্মা । ভাৰতীয় গণ পৰিষদৰ অভিজিত চক্ৰৱৰ্তী ।

ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ চাদেক আলী, স্বৰ্ণ ভাৰত পাৰ্টীৰ পংকজ দাস, ভোটাৰ পাৰ্টিী নেশ্যনেলিষ্ট মামনি শৰ্মা, পূৰ্বাঞ্চল জন পাৰ্টীৰ পাৰ্থ প্ৰতীম বৰুৱা, হিন্দুস্থান নিৰ্মাণ দলৰ ৰাজীৱ কাকতি, সমাজবাদী পাৰ্টীৰ ৰাতুল কুমাৰ চৌধুৰী, নেশ্যনেলিষ্ট ৰিপাব্লিকান কংগ্ৰেছৰ ৰুবী নেওগ, নিৰ্দলীয় আলীমুদ্দিন আহমেদ, নিৰ্দলীয় উপমন্যু হাজৰিকা, নিৰ্দলীয় উৎপল বৰগোঁহাই, নিৰ্দলীয় জোনমনি দেৱী খাউণ্ড, নিৰ্দলীয় ফাৰুক আহমেদ ভূঞা, নিৰ্দলীয় শশাংস সিনহা ৷

বিগত নিৰ্বাচনত বিজেপিৰ কুইন ওজাই ৫৭.২০ শতাংশ ভোটেৰে ১০,০৮,৯৩৬ টা ভোট লাভ কৰি জয়ী হৈছিল । কংগ্ৰেছৰ ববিতা শৰ্মাই ৬,৬৩,৩৩০টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল ।

গুৱাহাটী লোকসভা সমষ্টিৰ পূৰ্বৰ সাংসদসকল :

  • ১৯৫১ চনত কংগ্ৰেছৰ ৰোহিনী কুমাৰ চৌধুৰী
  • ১৯৫৬ চনত কংগ্ৰেছৰ দেবেন্দ্ৰ নাথ শৰ্মা
  • ১৯৫৭ চনত প্ৰজা ছ'চিয়েল পাৰ্টিৰ হেম বৰুৱা
  • ১৯৬২ চনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ হেম বৰুৱা
  • ১৯৬৭ চনত কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়াৰ ধীৰেশ্বৰ কলিতা
  • ১৯৭১ চনত কংগ্ৰেছৰ দীনেশ গোস্বামী
  • ১৯৭৭ চনত ভাৰতীয় লোক দলৰ ৰেনুকা দেৱী বৰকটকী
  • ১৯৮৫ চনত নিৰ্দলীয় হিচাপে দীনেশ গোস্বামী
  • ১৯৯১ চনত কংগ্ৰেছৰ কিৰিপ চলিহা
  • ১৯৯৬ চনত অগপৰ প্ৰবীণ চন্দ্ৰ শৰ্মা
  • ১৯৯৮ চনত কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতা
  • ১৯৯৯ চনত বিজেপিৰ বিজয়া চক্ৰৱৰ্তী
  • ২০০৪ চনত কংগ্ৰেছৰ কিৰিপ চলিহা
  • ২০০৯ চনত বিজেপিৰ বিজয়া চক্ৰৱৰ্তী
  • ২০১৪ চনৰ বিজেপিৰ বিজয়া চক্ৰৱৰ্তী
  • ২০১৯ চনত বিজপিৰ কুইন ওজা

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কামৰূপ মহানগৰ জিলা : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কামৰূপ মহানগৰ জিলাত বিধানসভা সমষ্টিৰ সংখ্যা পাঁচখনলৈ বৃদ্ধি পালে । পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিলুপ্তি ঘটাই ডিমৰীয়া (এছ চি), নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল কৰা হ'ল ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টি হ'ল ক্ৰমে ৩৩নং দিছপুৰ, ৩৪নং ডিমৰীয়া (এছ চি), ৩৫নং নিউ গুৱাহাটী, ৩৬নং গুৱাহাটী চেণ্ট্ৰেল আৰু ৩৭নং জালুকবাৰী বিধানসভা সমষ্টি । বিলুপ্ত হোৱা পূব গুৱাহাটী সমষ্টিটো একমাত্ৰ বিধানসভা সমষ্টি আছিল য'ত কোনো ধৰণৰ গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত নাছিল ।

পাঁচটা বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ১০,৫৫,৬৮৪ গৰাকী । পুৰুষ ভোটাৰ ৫,১৫,০৫২ জন । মহিলা ভোটাৰ ৫,৪০,৫৯৬ গৰাকী । তৃতীয় লিংগৰ ভোটাৰ ৩৬ গৰাকী । কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত ১৮-১৯ বছৰ বয়সৰ ভোটাৰ আছে ১৫,৯৬০ গৰাকী । গুৱাহাটীৰ বৰ্তমানৰ চাৰিটা বিধানসভা সমষ্টিয়ে বিজেপি মিত্ৰজোঁটৰ দখলত আছে ।

দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা । পূব গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য । জালুকবাৰী সমষ্টিটোৰ বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । পশ্চিম গুৱাহাটী সমষ্টিটো বিজেপিৰ মিত্ৰদল অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত আছে । গুৱাহাটী লোকসভা সমষ্টিৰ মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ব ই ভি এমত ।

শেষ হাঁহি কোনে মাৰিব সেয়া জানিব পৰা যাব ফলাফলত । নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ-নিকা আৰু সুকলমে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ভোটকেন্দ্ৰত লাইভ মণিটৰিং তথা বেৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে ভোটকেন্দ্ৰসমূহত ভোটাৰৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি খোৱাপানীৰ ব্যৱস্থা, শৌচালয়, পর্যাপ্ত বিদ্যুৎ যোগানৰ ব্যৱস্থা, বিশেষভাৱে সক্ষম ভোটাৰ আৰু বয়স্ক লোকৰ বাবে ৰেম্প, হুইল চেয়াৰ আদি ব্যৱস্থা কৰা হৈছে । ভোটাৰৰ সুবিধাৰ লগতে ভোটকেন্দ্ৰৰ নিৰপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : তৃতীয় পৰ্যায়ৰ নিৰ্বাচন : মহানগৰীত ই ভি এম লৈ গন্তব্য় স্থানলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়াৰ দল - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.