ETV Bharat / politics

ফেচবুকত কোন আগবাঢ়ি আছে প্ৰচাৰত ? সৰ্বানন্দ সোণোৱাল নে লুৰীণজ্যোতি ? গৌৰৱ নে তপন কুমাৰ গগৈ ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 7:22 PM IST

Lok Sabha Election 2024: সামাজিক মাধ্যমত তীব্ৰ ৰূপত চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰাৰ্থীসকলে দৃশ্য-শ্ৰব্য প্ৰচাৰত বিশেষভাৱে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে গৈছে ৷ কোন প্ৰাৰ্থীয়ে কিদৰে চলাইছে সামাজিক মাধ্যমত প্ৰচাৰ ? কোনো লাভ কৰিছে অধিক সঁহাৰি ?

Lok Sabha Election 2024
লোকসভা নিৰ্বাচন

গুৱাহাটী, ২৮ মাৰ্চ : ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এইবাৰ লোকসভা নিৰ্বাচনত অসমত যুৱ ভোটাৰ আৰু মহিলাসকলে বিশেষ ভূমিকা পালন কৰিব । সমাজিক মাধ্যমৰ প্ৰচাৰে বিশেষ মাত্ৰা লাভ কৰিছে অসমত । প্ৰায় সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়েই সামাজিক মাধ্যমযোগে দৃশ্য-শ্ৰব্য প্ৰচাৰত বিশেষভাৱে গুৰুত্ব দিয়া দেখা গৈছে ৷

বিশেষকৈ ফেচবুক ব্যৱহাৰ কৰিছে সৰহসংখ্যক প্ৰাৰ্থীয়ে । প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমৰ ৫ টা সমষ্টিৰ প্ৰাৰ্থীসকল সামাজিক মাধ্যমত কিমান সক্ৰিয় ? ডিব্ৰুগড়ত কিদৰে সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ চলিছে ফেচবুকত ? ছ’চিয়েল মিডিয়াত ছুপাৰ একটিভ গৌৰৱ গগৈৰ বিপৰীতে যোৰহাটত কিদৰে সামাজিক মাধ্যম ব্যৱহাৰ কৰিছে তপন গগৈয়ে ?

ফেচবুকত সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈৰ ভিতৰত কোন শক্তিশালী :

সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈ দুয়োজনেই ফেচবুকত সক্ৰিয় ৰাজনীতিক ৷ গতিকে লোকসভা নিৰ্বাচনতো দুয়োকে ফেচবুকত দেখা গৈছে ব্যাপক সক্ৰিয় ৷ ফেচবুকত বিজেপিৰ হাই প্ৰফাইল প্ৰাৰ্থী সোণোৱালৰ ফেচবুক পেজত আছে 10.1 লাখ ফলোৱাৰ্ছ । দহ লাখৰো অধিক ফলোৱাৰ্চ থকা সোণোৱালৰ পেজটোৰ প্ৰতিটো পোষ্টত ৫০০০ পৰ্যন্ত লাইক-কমেণ্টৰ লগতে ৫০০ পৰ্যন্ত শ্বেয়াৰ হৈছে । দৈনিক ৮ৰ পৰা ১০ টা ফেচবুক পোষ্ট এইকেইদিনত দিছে সৰ্বানন্দ সোণোৱালে ৷

আনহাতে, ডিব্ৰুগড়ত সোণোৱালৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰো ফেচবুকত জনপ্ৰিয়তা কম নহয় । নিজৰ ফেচবুক পেজত ২.৮২ লাখ ফলোৱাৰ্ছ আছে লুৰীণজ্যোতি গগৈৰ । দৈনিক ৮/৯ টা পোষ্ট দিয়া লুৰীণজ্যোতিৰ পোষ্টতো ২৫০০০ লৈকে ভিউজ, ৪/৫ হাজাৰ লাইক দেখা গৈছে ৷ ২০০ৰ পৰা ৩০০ পৰ্যন্ত শ্বেয়াৰ কৰাও দেখা গৈছে লুৰীণজ্যোতি গগৈৰ ফেচবুক পোষ্ট । অৱশ্যে ফলোৱাৰ্ছৰ সংখ্যা সোণোৱালতকৈ কম লুৰীণজ্যোতি গগৈৰ । তথাপি দুয়োজনে সামাজিক মাধ্যমত সমানে সমানে ফেৰ মৰা বুলিব পাৰি ।

ফেচবুকত গৌৰৱ গগৈ বনাম তপন কুমাৰ গগৈ : বৰ্তমানলৈ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ ভিতৰত ফেচবুকত সকলোতকৈ বেছি সক্ৰিয় প্ৰাৰ্থীজন যোৰহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ বুলি ক’লে অত্যুক্তি কৰা নহ’ব ৷ ফেচবুকত গৌৰৱ গগৈৰ ৩ লাখ ৩০ হাজাৰ ফলোৱাৰ্চ আছে ৷ শেহতীয়াভাৱে দৈনিক প্ৰায় ৮ টাকৈ পোষ্ট নিজৰ ফেচবুক পেজত দিয়া দেখা গৈছে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈৰ একোটা ফেচবুক ভিডিঅ’ পোষ্টত এদিনত 2 লাখ ৩৬ হাজাৰ পৰ্যন্ত ভিউজ, 24 হাজাৰ লাইক, 1000 শ্বেয়াৰ, 3000 পৰ্যন্ত কমেণ্ট দেখা গৈছে ৷ বিশেষকৈ গৌৰৱ গগৈয়ে যুৱ প্ৰজন্মক উদ্দেশ্যি দৈনিক এটি বিশেষ ভিডিঅ’ পোষ্ট লাইভ দিয়া গৈছে ।

এই পোষ্টবোৰে নতুন প্ৰজন্মৰ সঁহাৰি লাভ কৰা দেখা গৈছে । বিপৰীতে যোৰহাটত গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী তপন কুমাৰ গগৈ যেন কিছু পিচ পৰি আছে সামাজিক মাধ্যম ব্যৱহাৰত । সামাজিক মাধ্যম ফেচবুকত তপন কুমাৰ গগৈৰ ফলোৱাৰ্চৰ সংখ্যা মাত্ৰ ৩৭০০০ ৷ শেহতীয়াভাৱে দৈনিক ৮/১০ টা পোষ্ট দিয়া তপন কুমাৰ গগৈৰ ফেচবুক পেজত এদিনত এটা পোষ্ট ১০০০ লৈকে লাইক, ২০০ লৈকে ফেচবুকত শ্বেয়াৰ কৰা দেখা গৈছে । অৱশ্যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী গৌৰৱ গগৈতকৈ ফেচবুকত প্ৰচাৰ বা ব্যৱহাৰত পিচপৰি আছে তপন কুমাৰ গগৈ ।

শোণিতপুৰ আৰু লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকল তুলনামূলকভাৱে সামাজিক মাধ্যম ব্যৱহাৰ আৰু সঁহাৰি লাভত কিছু দুৰ্বল পৰিলক্ষিত হৈছে । শোণিতপুৰৰ উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ ৰঞ্জিত দত্তৰ ফেচবুকত ২৬০০০ ফলোৱাৰ্চ আছে । আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ ফেচবুকত ফলোৱাৰ্ছ মাত্ৰ ৭৩০০ ৷ মন কৰিবলগীয়া যে আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ ফেচবুকত ফলোৱাৰ্ছ ৫৬০০ যদিও একোটা দিনত তেওঁৰ ফেচবুক ৰীলচত ২ লাখ ৪৮ হাজাৰ পৰ্যন্ত ভিউজ, ৪০৩ টা পৰ্যন্ত শ্বেয়াৰ দেখা গৈছে ৷

লখিমপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাতকৈ কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাক দেখা গৈছে সামাজিক প্ৰচাৰ মাধ্যমত প্ৰায় নিষ্ক্ৰিয় ৰূপত । প্ৰদান বৰুৱাৰ ফেচবুকত প্ৰায় ৪৪০০০ ফলোৱাৰ্ছ আছে ৷ শেহতীয়াভাৱে প্ৰতিদিনে ৬/৯ টা পোষ্ট দিছে প্ৰদান বৰুৱাই । আনহাতে উদয় শংকৰ হাজৰিকাৰ ফেচবুক একাউণ্টত ৫০০০ বন্ধু দেখা গৈছে । বাস্তৱ জগতৰ ভোটাৰক ভাৰ্ছুৱেল জগতৰ প্ৰচাৰ আৰু সঁহাৰিয়ে ভোটলৈ ৰূপান্তৰ কৰিব পাৰিবনে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: দেশৰ আটাইতকৈ ধনী মহিলাগৰাকী এতিয়া বিজেপিত: ত্যাগ কৰিলে কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.