ETV Bharat / politics

অসমত দুদিনীয়া কাৰ্যসূচীৰে নির্বাচনী সভাত অংশগ্রহণ কৰিব গৃহমন্ত্রী অমিত শ্বাহে - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 7:23 PM IST

Lok Sabha elections 2024
বিজেপিৰ মাৰাথন প্ৰচাৰ অভিযান

Lok Sabha elections 2024 : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে অধিক তৎপৰ হৈছে শাসক দল বিজেপি । সমষ্টিয়ে সমষ্টিয়ে বাহৰ পাতি ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলে চলাইছে মাৰাথন প্ৰচাৰ অভিযান । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৭ এপ্রিলত হোজাইত আৰু ৮ এপ্রিলত লখিমপুৰত নির্বাচনী সভাত অংশগ্রহণ কৰিব ।

গুৱাহাটী ২ এপ্রিল: ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক, জিলা, মণ্ডল আৰু বুথ পর্যায়লৈকে প্রতিখন সমিতিৰ প্ৰতিজন কার্যকর্তাই ইতিমধ্যে সমাগত লোকসভা নির্বাচনৰ বাবে পূর্ণ প্রস্তুতি অব্যাহত ৰাখিছে । ৰাষ্ট্ৰীয় পৰ্যায়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্মৃতি ইৰাণী, অর্জুন মুণ্ডাকে প্ৰমুখ্যে কৰি প্ৰতিগৰাকী নেতাই সমগ্ৰ দেশৰ প্ৰতিটো প্রান্ততে নির্বাচনী প্রচাৰত অংশগ্ৰহণ কৰি দলৰ কাৰ্যকৰ্তা সকলৰ মনোবল বৃদ্ধি কৰিছে। এইসকল ৰাষ্ট্ৰীয় নেতাই অসমতো কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্ৰহণ কৰিব । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৭ এপ্রিলত হোজাইত আৰু ৮ এপ্রিলত লখিমপুৰত আয়োজিত নির্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিব । মঙলবাৰে দলৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত এই বিষয়ে উল্লেখ কৰা হৈছে ।

বিবৃতিটোত পুনৰ উল্লেখ কৰা মতে, প্রথম পৰ্যায়ৰৰ মনোনয়ন পত্র দাখিল হোৱাৰ পিচতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত কেইবাখনো দলীয় সভা, পদযাত্রা, চাইকেল-বাইক ৰেলী কৰি নিৰ্বাচনী প্ৰচাৰক গতি প্রদান কৰিছে । প্রথম পৰ্যায়ৰ ভোটগ্রহণ হ'বলগীয়া প্রতিটো লোকসভা সমষ্টিত স্থানীয় বিধায়কসকলৰ লগতে দলৰ প্ৰতিগৰাকী দায়িত্বপ্রাপ্ত কার্যকর্তাই ইতিমধ্যে বিগত কেইবাদিনো ধৰি বাহাৰ পাতি সাংগঠনিক দিশটোক অধিক শক্তিশালী কৰিবলৈ চেষ্টা চলাইছে ।

বিবৃতিটোত লগতে উল্লেখ কৰে যে দ্বিতীয় পর্যায়ৰ মনোনয়ন পত্র দাখিলৰ বাবে ইতিমধ্যে দলৰ প্রার্থী সকলো সাজু হৈছে । ২ এপ্ৰিলত ডিফুৰ প্ৰাৰ্থী অমৰছিং টিছ'ৰ পিচত ৩ এপ্রিলত শিলচৰৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু কৰিমগঞ্জৰ প্রার্থী কৃপান্নাথ মল্ল, ৪ এপ্রিলত দৰং-ওদালগুৰিৰ প্রার্থী দিলীপ শইকীয়া আৰু নগাঁৱৰ প্রার্থী সুৰেশ বৰাই নিজ নিজ সদৰত মনোনয়ন পত্র দাখিল কৰিব । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে স্থানীয় বিধায়ক আৰু দলীয় নেতৃবৃন্দ প্রতিগৰাকী প্রার্থীৰ মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকিব ।

লগতে পঢ়ক:৬ এপ্ৰিলত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.