ETV Bharat / politics

9 এপ্রিলত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ - Amit Shah Assam visit

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 1:14 PM IST

Home Minister Amit Shah To Address election meeting In Assam On April  9
9 এপ্রিলত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ

Amit shah Assam visit : পূৰ্বৰ দুটাকৈ দিন বাতিল হোৱাৰ পাচত পুনৰ নতুন দিন ঘোষণা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ ৷ 9 এপ্ৰিলত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকী ৷

লখিমপুৰ, 7 এপ্রিল : অহা 9 এপ্ৰিলত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকী । অৱশ্যে 9 এপ্ৰিলৰ দিনটো ঘোষণা হোৱাৰ পূৰ্বে দুটাকৈ দিনৰ সভা বাতিল কৰা হৈছে । 9 এপ্রিলৰ লখিমপুৰৰ চুকুলীভৰীয়াত এখন বিশাল জনসভাত অংশগ্রহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্রথমে 6 এপ্রিলত গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাৰ দিন স্থিৰ কৰা হৈছিল । সেই অনুসৰি লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত কৰা হৈছিল বিশাল আয়োজন । পিছে হঠাৎ তেওঁৰ ভ্রমণসূচী বাতিল কৰা হয় । ইয়াৰ পিচত পুনৰ 8 এপ্রিলৰ দিনটোত গৃহমন্ত্ৰী অসমলৈ আহিব বুলি ঘোষণা কৰা হয় । পিছে এইবাৰো এই সিদ্ধান্ত বাতিল হয় ।

Home Minister Amit Shah To Address election meeting In Assam On April  9
9 এপ্রিলত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ

গৃহমন্ত্ৰীগৰাকীৰ স্বাস্থ্যজনিত কাৰণত তেওঁৰ ভ্রমণসূচী নাকচ কৰা বুলি দলীয় সূত্রই জানিবলৈ দিছিল । শনিবাৰৰ দুপৰীয়া পৰ্যন্ত গৃহমন্ত্ৰীগৰাকীৰ লখিমপুৰ ভ্রমণ পুনৰ কেতিয়া হ’ব সেই সন্দৰ্ভত কোনো তথ্য নাছিল বিজেপি দলৰ হাতত । পিছে শনিবাৰে বিয়লি পুনৰাই তাৰিখ ঘোষণা কৰা হয় । সেই অনুসৰি অহা 9 এপ্রিলত গৃহমন্ত্ৰীগৰাকীয়ে লখিমপুৰত পূর্ব নিৰ্ধাৰিত স্থানত বিশাল জনসভাত অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে ।

শ্বাহৰ সৈতে একাধিক কেন্দ্রীয় নেতৃত্বৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীসহ কেইবাজনো মন্ত্রী-বিধায়ক তথা সাংসদে অংশগ্রহণ কৰিব এই সভাত । এই সভাত লক্ষাধিক লোকৰ সমাৱেশ ঘটিব বুলি দলীয় নেতৃত্বই আশা কৰিছে । সমাগত নিৰ্বাচনত লখিমপুৰৰ এইখন সভাই অসমত এক গভীৰ প্ৰভাৱ পেলাব বুলি দলে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ দুদিনীয়া অসম ভ্রমণ হঠাতে বাতিল - Amit Shahs Assam Visit Cancelled

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.